ETV Bharat / sports

মিক্সড ফায়াৰ ৰাইফলত ভাৰতে পদক জয় কৰিব : প্ৰাক্তন শ্বুটিং প্ৰশিক্ষক ছানি থমাছ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 3:40 PM IST

Olympics Mixed Fire Rifle : ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় ইভেণ্টত বিশ্ব অভিলেখ ভাৰতৰ দখলত । ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইজিপ্তত অনুষ্ঠিত বিশ্বকাপত ভাৰতীয় দলে অৰ্জন কৰা বিশ্ব অভিলেখ হৈছে ৬৩৫.৮ । অৱশ্যে সেই সময়ত দলটোত থকা কোনো এগৰাকী খেলুৱৈ এইবাৰৰ অলিম্পিক দলত নাই ।

Olympics Mixed Fire Rifle
অলিম্পিকত ভাৰতৰ শ্বুটিং দলৰ সম্ভাৱনা (AP Photo)

স্পৰ্টছ ডেস্ক, ২৭ জুলাই : পেৰিছ অলিম্পিকৰ প্ৰথমদিনাই শ্বুটিং ৰেঞ্জৰ পৰা ভাৰতৰ বাবে ভাল খবৰ আহিব বুলি আশাবাদী ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শ্বুটিং প্ৰশিক্ষক ছানি থমাছ । শনিবাৰে ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় ইভেণ্টত পদকৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ভাৰতৰ দুটা দলে কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ'ব । দুয়োটা দলেই একেধৰণৰ ফৰ্মত জয়েৰে পদকৰ দৌৰলৈ আগবঢ়াৰ সম্ভাৱনা আছে ।

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় ইভেণ্টত বিশ্ব অভিলেখ ভাৰতৰ দখলত আছে । ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইজিপ্তৰ কায়ৰোত অনুষ্ঠিত বিশ্বকাপত ভাৰতীয় দলে অৰ্জন কৰা এই প্ৰতিযোগিতাত বিশ্ব অভিলেখ হৈছে ৬৩৫.৮ । অৱশ্যে সেই সময়ত দলটোত থকাসকলৰ কোনোৱেই এইবাৰৰ অলিম্পিক দলত নাই । ভাৰত আৰু চীনকে ধৰি এই ইভেণ্টৰ বাবে প্ৰবল দাবীদাৰ আটাইকেইখন দেশে অৰ্হতা ৰাউণ্ডত দুটাকৈ দল প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াইছে ।

প্ৰশিক্ষক ছানি থমাছ দৃঢ় বিশ্বাসী:

ভাৰতৰ প্ৰাক্তন শ্বুটিং প্ৰশিক্ষক ছানি থমাছে ই টিভি ভাৰতক কয় যে ভাৰতৰ পৰা মিক্সড দলীয় ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা দুয়োটা যুটিৰ পদক লাভৰ উজ্জ্বল সম্ভাৱনা আছে । জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ১০ মিটাৰ ৰাইফল ব্যক্তিগত আৰু মহিলা দলৰ প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা ৰমিতা জিন্দাল আৰু কায়ৰোত অনুষ্ঠিত বিশ্বকাপত মিক্সড দলীয় প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা অৰ্জুন বাবুটা সুন্দৰ ফৰ্মত আছে ।

প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা সন্দীপ সিঙো বিশ্বমানৰ তাৰকা:

যোৱা বছৰৰ ৰিঅ' বিশ্বকাপত মহিলা শাখাৰ চেম্পিয়ন তামিলনাডুৰ ইলাভেনিল ভালাৰিভান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যথেষ্ট অভিজ্ঞতা থকা এগৰাকী খেলুৱৈ । আনহাতে, প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা সন্দীপ সিঙো এগৰাকী বিশ্বমানৰ তাৰকা ।

১৯ বছৰ ধৰি ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে থকা দ্ৰোণাচাৰ্য ছানী থমাছে ভাৰতীয় শ্বুটিঙক বিশ্বৰ শীৰ্ষস্থানত উপনীত কৰোৱাৰ পিচত অৱসৰ গ্ৰহণ কৰে । ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ পৰা আৰম্ভ কৰি অলিম্পিকত পদক অৰ্জন কৰা অভিনৱ বিন্দ্ৰা আৰু গগন নাৰাঙলৈকে সকলোৱে ছানী থমাছৰ প্ৰশিক্ষণত বিজয়ী হৈছিল ।

লগতে পঢ়ক :পেৰিছৰ এটি ৰঙীন সন্ধিয়া : অলিম্পিকৰ প্ৰাণৱন্ত উদ্বোধনী অনুষ্ঠানেৰে ফ্ৰান্সৰ চমক - Paris olympic 2024
লগতে পঢ়ক :বিশ্ব ক্ৰীড়া মহাৰণৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠানত উজলিল ভাৰতীয় দল - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.