ETV Bharat / sports

স্বৰ্ণমন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ মল্লযোদ্ধা বিনেশ ফোগাটৰ - VINESH PHOGAT VISITS GOLDEN TEMPLE - VINESH PHOGAT VISITS GOLDEN TEMPLE

Vinesh Phogat: অমৃতসৰৰ স্বৰ্ণ মন্দিৰত উপস্থিত ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট ৷ শুকুৰবাৰে পুৱা স্বৰ্ণমন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে ৷

VINESH PHOGAT VISITS GOLDEN TEMPLE
স্বৰ্ণ মন্দিৰত বিনেশ ফোগাট (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 3:58 PM IST

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা তাৰকা ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাট শুকুৰবাৰে পুৱা উপস্থিত হয় অমৃতসৰত ৷ খেলুৱৈগৰাকীয়ে স্বৰ্ণমন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে ৷

বিনেশে দৰবাৰ চাহিবত সেৱা জনোৱাৰ পিছত গুৰবানী কীৰ্তনত অংশ লৈ ভৱিষ্যত জীৱনৰ বাবে প্ৰাৰ্থনা কৰে । বিনেশৰ সৈতে এই কাৰ্যসূচীত উপস্থিত আছিল তখত শ্ৰী দামদামা চাহিবৰ জথেদাৰ সিং চাহিব গিয়ানি হৰপ্ৰীত সিং ৷

ইয়ালৈ অহাতো মোৰ সপোন আছিল: বিনেশ ফোগাট

স্বৰ্ণমন্দিৰত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত 30 বছৰীয়া মল্লযোদ্ধা ফোগাটে স্বৰ্ণমন্দিৰ দৰ্শন কৰাতো খেলুৱৈগৰাকীৰ এটা সপোন আছিল বুলি ব্যক্ত কৰে ৷ যি সপোন শুকুৰবাৰে পূৰণ হয় ।

বিনেশে কয় যে "মই ইয়াত উপস্থিত হৈ আনন্দ অনুভৱ কৰিছো ৷ মই আশা কৰিছিলো যে, ঈশ্বৰে মোক ইয়ালৈ নিমন্ত্ৰণ জনাব । একমাত্ৰ প্ৰাৰ্থনাৰ বাবেহে দেশখন প্ৰগতিৰ পথত আগবাঢ়িছে । ঈশ্বৰে সকলোকে শক্তি দিয়ক, যাতে সকলোৱে শক্তিশালী হৈ থাকিব পাৰে" ।

বিনেশ প্ৰতিটো সন্মানৰ যোগ্য

একে সময়তে হৰপ্ৰীত সিঙে কয় যে, বিনেশ ফোগাটে ভাৰতৰ নাম উজলাই তুলিছে, সেয়েহে তেওঁক আজি সন্মানিত কৰা হৈছে । তেওঁ কৈছিল যে, "এইবাৰো বিনেশে পৰাজিত হৈ অলিম্পিকৰ পৰা ওলাই অহা নাই, বৰং জিকি আহিছে ৷ এইকাৰণে তেওঁ সকলো সন্মানৰ যোগ্য" ।

পেৰিছ অলিম্পিক 2024 ত পদকৰ পৰা বঞ্চিত

স্বৰ্ণপদক দখলৰ যুঁজৰ পুৱা নিৰ্ধাৰিত ওজনতকৈ 100 গ্ৰাম বেছি থকাৰ বাবে খেলত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰা হৈছিল বিনেশ ফোগাটক ৷ ঘটনাটোৰ পিছত, তেওঁ ক্ৰীড়াৰ মধ্যস্থতা আদালতৰ(চি এ এছ) ওচৰত তেওঁক যুটীয়া ৰূপৰ পদক প্ৰদান কৰিবলৈ আবেদন জনাইছিল ৷ যাক আদালতে এক শাৰীৰ বিবৃতিৰে 14 আগষ্টত নাকচ কৰে । তাৰপিছতে ভাৰতলৈ উভতি অহা ফোগাটক দেশবাসীয়ে জনাইছিল উষ্ম আদৰণি ৷

লগতে পঢ়ক: জল্পনা-কল্পনাৰ অন্তত বিনেশলৈ স্বৰ্ণপদক প্ৰদান: উৎসাহিত অনুৰাগী - VINESH PHOGAT GOLD MEDAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.