স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ: ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাটো 2-0 ব্যৱধানত দখল কৰিছে ভাৰতে ৷ শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত বৰষুণে বিধি-পথালি দিয়াত দ্বিতীয় আৰু তৃতীয় দিনত খেল অনুষ্ঠিত কৰিব পৰা নগ’ল ৷
অৱশ্যে শেষৰ দুদিনত মেচ অনুষ্ঠিত হোৱাত ভাৰতে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি দলক জয়ৰ সোৱাদ দিয়াৰ লগতে দখল কৰে শৃংখলা ৷ অৱশ্যে কানপুৰ টেষ্টৰ প্ৰথম দিনা মাত্ৰ 35 অভাৰৰ খেলহে অনুষ্ঠিত হয় ৷
𝗗𝗿𝗲𝘀𝘀𝗶𝗻𝗴 𝗥𝗼𝗼𝗺 𝗕𝗧𝗦 | 𝗜𝗺𝗽𝗮𝗰𝘁 𝗙𝗶𝗲𝗹𝗱𝗲𝗿 𝗼𝗳 𝘁𝗵𝗲 𝗦𝗲𝗿𝗶𝗲𝘀
— BCCI (@BCCI) October 2, 2024
Sharp grabs, one-handed catches and terrific fielding remained constant throughout the #INDvBAN series!
🎥 Find out who won the fielding 🏅🔽 - By @RajalArora #TeamIndia | @IDFCFIRSTBank
এই জয়ৰ পিছত ভাৰতৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপে পুৰস্কাৰ দিয়াৰ পৰম্পৰা অব্যাহত ৰাখিছিল । ফিল্ডিং প্ৰশিক্ষকগৰাকীয়ে ভাৰতে বাংলাদেশক পৰাস্ত কৰাৰ পাছত দলৰ একাংশ খেলুৱৈৰ শ্ৰেষ্ঠ ফিল্ডিং প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰে ।
টি দিলীপে ৰোহিত শৰ্মা, কে এল ৰাহুল, যশস্বী জয়ছোৱাল আৰু মহম্মদ চিৰাজক উচ্চ প্ৰশংসা কৰে ৷ লগতে যশস্বী আৰু চিৰাজক শৃংখলাটোৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে ঘোষণা কৰে । দুয়োজন খেলুৱৈয়ে শৃংখলাৰ সময়ত উন্নত প্ৰদৰ্শন দাঙি ধৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
Of stunning catches and match winning intent 🙌
— BCCI (@BCCI) October 2, 2024
Post-match chat with #TeamIndia Captain @ImRo45, @mdsirajofficial & @ybj_19 as they decode their stunning catches 😎 - By @RajalArora
WATCH 🎥🔽 #INDvBAN | @IDFCFIRSTBank
যশস্ৱীয়ে শৃংখলাটোত চাৰিটা কেচ আয়ত্ব কৰাৰ বিপৰীতে চিৰাজে দুটা কেচ আয়ত্ব কৰে । দ্বিতীয় টেষ্ট মেচখনত যশস্ৱীৰ ফিল্ডিং শৈলীক যথেষ্ট প্ৰশংসা কৰে প্ৰশিক্ষকে ৷ "তেওঁ খেলপথাৰত সকলোখিনি দিছিল আৰু দেখুৱাইছিল যে অনাগত বছৰসমূহত সৰ্বশ্ৰেষ্ঠ ক্ল’জ-ইন ফিল্ডাৰসকলৰ মাজৰ এজন হ'ব পাৰে" বুলি ফিল্ডিং প্ৰশিক্ষকগৰাকীয়ে প্ৰকাশ কৰিছিল ।
ইয়াৰোপৰি মহম্মদ চিৰাজেও এটা দৰ্শনীয় কেচ আয়ত্ব কৰিছিল, যিটোৱে সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছিল ।
ভাৰতে বাংলাদেশৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰাখি 2-0 ব্যৱধানত দখল কৰিছিল শৃংখলা ৷ চেন্নাইত অনুষ্ঠিত এই টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত বাংলাদেশে 280 ৰাণত পৰাজয়বৰণ কৰে ৷
আৰ অশ্বিনক তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা আগবঢ়োৱা হয় ৷ তদুপৰি দুবাৰকৈ শতক অৰ্জন কৰা আৰু একেখন খেলপথাৰতে পাঁচটা উইকেট দখল কৰা আৰ অশ্বিনক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য চিৰিজ বঁটা ৷
লগতে পঢ়ক: বাবৰ আজমৰ আকস্মিক সিদ্ধান্ত; সলনি হ’ব পাৰে এইগৰাকী ক্ৰিকেটাৰৰ ভাগ্য - PAKISTANI CRICKETER BABAR AZAM