ETV Bharat / sports

মিয়ামি অ’পেনৰ খিতাপ দখল ৰোহন বোপান্না আৰু মেথিউ এবডেনৰ - MIAMI OPEN 2024 - MIAMI OPEN 2024

ROHAN BOPANNA : অভিজ্ঞ ভাৰতীয় টেনিছ খেলুৱৈ ৰোহন বোপান্না আৰু তেওঁৰ অষ্ট্ৰেলিয়ান সহযোগী মেথিউ এবডেনে মিয়ামি অ’পেনৰ খিতাপ দখল কৰিছে। ফাইনেলত তেওঁ ক্ৰ’ৱেচিয়াৰ ইভান ড’ডিক আৰু আমেৰিকাৰ অষ্টিন ক্ৰাজিচেকক ৬-৭, ৬-৩ আৰু ১০-৬ ব্যৱধানত পৰাস্ত কৰে।

ROHAN BOPANNA
মিয়ামি অ’পেনৰ খিতাপ দখল ৰোহন বোপান্না আৰু মেথিউ এবডেনৰ
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 6:28 PM IST

স্পৰ্টছ ডেস্ক, 31 মাৰ্চ : শনিবাৰে মিয়ামি অ’পেন টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডবেনৰ যুটিয়ে ঐতিহাসিক জয় লাভ কৰে ৷ মাৰাথন ফাইনেলত ক্ৰ’ৱেচিয়াৰ ইভান ড’ডিক আৰু আমেৰিকাৰ অষ্টিন ক্ৰাজিচেকক 6-7, 6-3 আৰু 10-6 ছেটত পৰাস্ত কৰি এই যুটিয়ে ট্ৰফী দখল কৰে ৷

বোপান্না আৰু এবডেনৰ যুটিৰ আৰম্ভণি ভাল নাছিল আৰু প্ৰথম ছেটত 6-7 ব্যৱধানত পৰাস্ত হৈছিল ৷ অৱশ্যে যুটিটোৱে নিজৰ স্থিৰতা বজাই ৰাখি মেচখনত শক্তিশালী প্ৰত্যাৱৰ্তন কৰে ৷ দ্বিতীয় ছেটত ৰোহন বোপান্না আৰু মেথিউ এবডেনৰ যুটিয়ে 6-3 ৰ ব্যৱধানত জয়লাভ কৰে ৷ ইফালে তৃতীয় আৰু নিৰ্ণায়ক ছেটত দুয়োগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে আধিপত্য বিস্তাৰ কৰি 10-6 ব্যৱধানত জয়লাভ কৰে ৷

ইয়াৰ পূৰ্বে ছেমি ফাইনেল ৰাউণ্ডত মাৰ্চেল গ্ৰেনোলাৰ্ছ আৰু হ’ৰাচিঅ’ জেবালছক 6-1 আৰু 6-4ৰ ব্যৱধানত পৰাস্ত কৰি বোপান্না-এডবেনে ফাইনেলত প্ৰৱেশ কৰিছিল ৷ মিয়ামি অ’পেনৰ ছেমি ফাইনেল মেচত তেওঁলোকে আৰম্ভণিৰে পৰাই মেচখনত আধিপত্য বিস্তাৰ কৰিছিল ৷ প্ৰথম ছেটত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটিয়ে 6-1 ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয় ছেটত বিপক্ষ দলটোৱে পুনৰ উভতি আহিবলৈ চেষ্টা কৰিছিল যদিও শেষত বোপান্না আৰু এবডেনে 6-4ৰ ব্যৱধানত জয়লাভ কৰে ৷

জয়ী হোৱাৰ পাচত বোপান্নাই কয়- "এই ডাঙৰ ইভেণ্টত আমি ভাল প্ৰদৰ্শন কৰাটো আচৰিত কথা, আমি ইয়াৰ বাবেই খেলো ৷ মাষ্টাৰছ ১০০০ আৰু গ্ৰেণ্ড শ্লেমত ভাল প্ৰদৰ্শন কৰিব বিচাৰো ৷ সেই অভিলেখ বজাই ৰাখি বাকী সকলোকে কঠিন প্ৰতিযোগিতা দিয়াটো ভাল ৷"

অষ্ট্ৰেলিয়ান অ’পেনতো এই যুটিয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ইটালীৰ খেলুৱৈক পৰাস্ত কৰে ৷ এইটো আছিল বোপান্নাৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ আৰু পুৰুষৰ ডাবলছত প্ৰথম খিতাপ ৷ শেষবাৰৰ বাবে 2017 চনৰ ফ্ৰেন্স অ’পেনত কানাডাৰ গেব্ৰিয়েলা ডাব্ৰ’স্কিৰ সৈতে মিক্সড ডাবলছত গ্ৰেণ্ড শ্লেম জয় কৰিছিল তেওঁ ৷ 43 বছৰ বয়সত তেওঁ আটাইতকৈ বয়সীয়াল গ্ৰেণ্ড শ্লেম চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৪ৰ ভাৰতীয় দলৰ বাচনি এপ্ৰিল মাহৰ শেষ সপ্তাহত হোৱাৰ সম্ভাৱনা ! - T20 WORLD CUP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.