ETV Bharat / sports

কমনৱেলথ গেমছ 2026ত ভাৰতৰ পদক জয়ৰ আশাত ডাঙৰ আঘাত, কাৰণটো হ’ল…

অহা বছৰ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ পৰা ভাৰতে পদক আশা কৰা কেইবাটাও ক্ৰীড়া স্পৰ্ধা আঁতৰাই পেলোৱা হৈছে।

COMMONWEALTH GAMES 2026
কমনৱেলথ গেমছ 2026 (IANS)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

নতুন দিল্লী: স্কটলেণ্ডৰ চহৰ গ্লাছগোৱে কমনৱেলথ গেমছ 2026ৰ আয়োজন কৰিবলৈ গৈ আছে। চহৰখনে অহা বছৰ 23 জুলাইৰ পৰা 2 আগষ্টলৈ কমনৱেলথ গেমছ আয়োজন কৰিব। ইয়াৰ পূৰ্বে গ্লাছগোৱে 2014 চনৰ কমনৱেলথ গেমছ আয়োজন কৰিছিল। অৱশ্যে, এতিয়া অহা বছৰ অনুষ্ঠিত হ'বলগীয়া এই কমনৱেলথ গেমছৰ কাৰ্যসূচী কৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও, কিছুমান খেলক এই প্ৰতিযোগিতাত নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বাদ দিয়া হৈছে কেইবিধমান পৰিচিত ক্ৰীড়া স্পৰ্ধা ।

বাদ পৰা ক্ৰীড়াবোৰৰ ভিতৰত আছে হকী, বেডমিণ্টন, কুস্তি, ক্ৰিকেট, টেবুল টেনিছ, শ্বুটিং আৰু স্কোৱাশ যিবোৰ 2022 কমনৱেলথ গেমছৰ অংশ আছিল। নতুনকৈ অন্তৰ্ভুক্ত ক্ৰীড়াবোৰ হৈছে এথলেটিকছ আৰু পেৰা এথলেটিকছ (ট্ৰেক এণ্ড ফিল্ড), ছুইমিং আৰু পেৰা ছুইমিং, কলাত্মক জিমনাষ্টিকছ, ট্ৰেক চাইক্লিং আৰু পেৰা ট্ৰেক চাইক্লিং, নেটবল, ভাৰোত্তোলন আৰু পেৰা পাৱাৰলিফটিং, বক্সিং, জুডো, বাউল আৰু পেৰা বাউল, আৰু 3x3 বাস্কেটবল আৰু 3x3 হুইলচেয়াৰ বাস্কেটবল।

লক্ষ্যণীয়ভাৱে প্ৰতিযোগিতাৰ পৰা বাদ পৰা বহুতো ক্ৰীড়াৰ ক্ষেত্ৰত, ভাৰত পদকৰ শক্তিশালী দাবীদাৰ আছিল আৰু সেই ক্ৰীড়াবোৰত ভাৰতৰ ভাল দখল আছে। এইটো ভাৰতৰ পদকৰ সম্ভাৱনাৰ বাবে এক ডাঙৰ আঘাত, কিয়নো পূৰ্বৰ সংস্কৰণবোৰত দেশৰ বেছিভাগ পদক এই খেলবোৰৰ পৰাই আহিছিল।

এই সন্দৰ্ভত গেম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া কেটি চেডলৰীয়ে কয়, "আমি আনুষ্ঠানিকভাৱে নিশ্চিত কৰি আনন্দিত যে 2026 চনৰ প্ৰতিযোগিতা চিটি গ্লাছগোত অনুষ্ঠিত হ'ব। ই সঁচাকৈয়ে এক দৰ্শনীয় আৰু বৈচিত্ৰতাপূৰ্ণ উদযাপনৰ প্ৰতিশ্ৰুতি দিয়ে যিয়ে খেলুৱৈসকল আৰু ক্ৰীড়াক অনুপ্ৰাণিত কৰে।"

ভাৰতে 2022 চনৰ কমনৱেলথ গেমছত সুন্দৰ প্ৰদৰ্শন কৰিছিল। উক্ত সংস্কৰণত ভাৰতীয় দলটোৱে মুঠ 61 টা পদক জিকিছিল, যাৰ ভিতৰত আছিল 22 টা সোণ, 16 টা ৰূপ, 23 টা ব্ৰঞ্জ। লক্ষণীয়ভাৱে, ভাৰতে কুস্তি (12), ভাৰোত্তোলন (10), এথলেটিকছ (8), বক্সিং আৰু টেবুল টেনিছ (প্ৰত্যেকটোত 7 টা) ৰ দৰে ক্ৰীড়া বিভাগত সৰ্বাধিক পদক জিকিছিল।

এতিয়া, গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া 2026 চনৰ কমনৱেলথ গেমছৰ পূৰ্বে ভাৰতৰ পদক জয়ৰ আশাত চেঁচাপানী ঢালি, আয়োজকসকলে আগন্তুক সংস্কৰণৰ ক্ৰীড়া সূচীৰ পৰা হকী, ক্ৰিকেট, কুস্তি, বেডমিণ্টন, স্কোৱাশ আৰু টেবুল টেনিছ বাদ দিছে, যিটো সঁচাকৈয়ে ভাৰতৰ পদক জয়ৰ সম্ভাৱনাৰ সপোনৰ ক্ষেত্ৰত এক ডাঙৰ আঘাত।

লগতে পঢ়ক: লছ এঞ্জেলছ অলিম্পিকত টি২০ ক্ৰিকেট; আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.