ETV Bharat / sports

অলিম্পিক 2024 ত কোন কেইখন দেশে প্ৰথমে জিকিলে সোণ-ৰূপ-ব্ৰঞ্জৰ পদক - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:02 PM IST

Updated : Jul 27, 2024, 10:25 PM IST

Paris Olympics 2024 : শনিবাৰে পেৰিছ অলিম্পিক 2024 গেমছৰ প্ৰথম দিনা কোন কেইখন দেশে প্ৰথমটো সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দখল কৰিলে ? জানিবলৈ সম্পূৰ্ণ বাতৰিটো পঢ়ক...

PARIS OLYMPICS 2024 MEDALS
কোনখন দেশে প্ৰথমে জিকিল সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক (AP Photo)

স্পৰ্টছ ডেস্ক, 27 জুলাই : শনিবাৰৰ পৰা আৰম্ভ হৈছে পেৰিছ অলিম্পিক গেমছ 2024 ৷ ভাৰতে আজি 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড দলৰ পৰা পদক আশা কৰিছিল যদিও দলটোৱে দেশক পদক দিব নোৱাৰিলে ৷ অৱশ্যে ভাৰতৰ শীৰ্ষ শ্বুটাৰ মনু ভাকৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই 10 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত ইভেণ্টৰ ফাইনেলত যোগ্যতা অৰ্জন কৰাটো ভাৰতৰ বাবে সুখৰ বিষয় আছিল ৷ পেৰিছ অলিম্পিকত কোনখন দেশে প্ৰথম পদক লাভ কৰিছে জানো আহক-

স্বৰ্ণ পদক :

পেৰিছ অলিম্পিক গেমছৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছে চীনে ৷ 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টিম ইভেণ্টৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম জিহিয়ন আৰু পাৰ্ক হাজুনক 16-12 ব্যৱধানত পৰাস্ত কৰি চীনৰ মিক্সড শ্বুটিং যুটি হুয়াং ইউটিং আৰু শ্বেং লিহাওৱে এক সুন্দৰ আৰম্ভণি কৰে ৷

ৰূপৰ পদক :

দক্ষিণ কোৰিয়াই পেৰিছ অলিম্পিক 2024 ৰ প্ৰথম ৰূপৰ পদক জিকিছে ৷ দক্ষিণ কোৰিয়াৰ 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড দলে ফাইনেলত দ্বিতীয় স্থান লাভ কৰে আৰু পেৰিছত দক্ষিণ কোৰিয়াক প্ৰথম পদক প্ৰদান কৰে ৷

ব্ৰঞ্জৰ পদক :

কাজাখস্তানে পেৰিছ অলিম্পিক 2024ৰ প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টিম ইভেণ্টত কাজাখাস্তানে জাৰ্মানীক 17-5 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷

উল্লেখ্য যে, আজি পেৰিছ অলিম্পিক 2024 ৰ প্ৰথম দিনা ভাৰতৰ পদক জয়ৰ আশা ভংগ হয় ৷ কাৰণ শ্বুটিংত ভাৰতে দুৰ্বল আৰম্ভণি কৰে ৷ অৰ্জুন বাবুটা আৰু ৰমিতা জিন্দালে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম ইভেণ্টৰ পদক মেচত স্থান হেৰুৱাই অৰ্হতা ৰাউণ্ডত ষষ্ঠ স্থান লাভ কৰে ৷

লগতে পঢ়ক : আজিৰে পৰা প্ৰেমৰ চহৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান: জানিবলগীয়া কিছু কথা - PARIS OLYMPICS 2024

Last Updated : Jul 27, 2024, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.