স্প’ৰ্টছ ডেস্ক, ১২ আগষ্ট : শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ পাচত বৰ্তমান ভাৰতীয় ক্ৰিকেট দলে জিৰণি লৈ আছে । অহা মাহৰ ১৯ ছেপ্টেম্বৰলৈকে ভাৰতৰ কোনো আন্তঃৰাষ্ট্ৰীয় মেচ নাথাকে । টি-২০ ৱৰ্ল্ডকাপৰ পিছত ভাৰতে জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ কৰিছে, য'ত ভাৰতীয় দলে ২৭ বছৰৰ মূৰত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত হৈছে । ভাৰতে এতিয়া অহা বছৰৰ চেম্পিয়নছ ট্ৰফীলৈকে কেৱল দ্বিপাক্ষিক শৃংখলাহে খেলিব । ফেব্ৰুৱাৰীলৈকে ভাৰতৰ সম্পূৰ্ণ সূচী জানি লওক-
বাংলাদেশৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলা: ভাৰতীয় ক্ৰিকেট দলে ১৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ বাংলাদেশৰ বিৰুদ্ধে ২খন টেষ্ট আৰু ২ খন টি-২০ মেচ খেলিব । এই শৃংখলাটো ভাৰতৰ অনুষ্ঠিত হ’ব । প্ৰথমখন টেষ্ট ১৯ ছেপ্টেম্বৰত আৰু দ্বিতীয়খন ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও ৬ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ এদিনীয়া খেল অনুষ্ঠিত হ’ব । ইয়াৰ সম্প্ৰচাৰ হ’ব জিঅ’ চিনেমাত ৷
ক্ৰমিক | তাৰিখ | মেচ | ফৰ্মেট | সময় | স্থান |
১ | ১৯ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ | ভাৰত বনাম বাংলাদেশ | টেষ্ট | ৯.৩০ | এম এ চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই |
২ | ২৭ ছেপ্টেম্বৰ, ১ অক্টোবৰ | ভাৰত বনাম বাংলাদেশ | টেষ্ট | ৯.৩০ | গ্ৰীণ পাৰ্ক, কানপুৰ |
৩ | ৬ অক্টোবৰ | ভাৰত বনাম বাংলাদেশ | টি-২০ | সন্ধিয়া ৭.৩০ বজাত | ধৰ্মশালা |
৪ | ৯ অক্টোবৰ | ভাৰত বনাম বাংলাদেশ | টি-২০ | সন্ধিয়া ৭.৩০ বজাত | অৰুণ জেটলী ষ্টেডিয়াম, দিল্লী |
5 | ১২ অক্টোবৰ | ভাৰত বনাম বাংলাদেশ | টি-২০ | সন্ধিয়া ৭.৩০ বজাত | ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, হায়দৰাবাদ |
নিউজীলেণ্ড আৰু আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা:
বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰৰ পিচত ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খন টেষ্ট মেচ আয়োজন কৰিব । ১৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ এই খেলসমূহ অনুষ্ঠিত হ’ব । এই টেষ্ট মেচ শৃংখলাৰ ৩ দিনৰ পিচত ৮ নৱেম্বৰৰ পৰা ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব য’ত ১৫ নৱেম্বৰলৈকে আফ্ৰিকাৰ বিৰুদ্ধে ৪ খন টি-২০ আই মেচ খেলিব । ইয়াৰ সম্প্ৰচাৰ হ’ব জিঅ’ চিনেমাত ৷
ক্ৰমিক | তাৰিখ | মেচ | ফৰ্মেট | সময় | স্থান |
১ | ১৬ অক্টোবৰ পৰা ২০ অক্টোবৰ | ভাৰত বনাম নিউজীলেণ্ড | টেষ্ট | ৯.৩০ পুৱা | এম এ চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই |
২ | ২৪ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ | ভাৰত বনাম নিউজীলেণ্ড | টেষ্ট | ৯.৩০ পুৱা | মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়াম, পুনে |
৩ | ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰ | ভাৰত বনাম নিউজীলেণ্ড | টেষ্ট | ৯.৩০ পুৱা | ৱানখেড়ে ষ্টেডিয়াম, মুম্বাই |
আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা:
ক্ৰমিক | তাৰিখ | মেচ | ফৰ্মেট | সময় | স্থান |
১ | ৮ নৱেম্বৰ | ভাৰত বনাম আফ্ৰিকা | টি-২০ | - | কিংছমিড, ডাৰবান |
২ | ১০ নৱেম্বৰ | ভাৰত বনাম আফ্ৰিকা | টি-২০ | - | ছেইণ্ট জৰ্জ পাৰ্ক, গেবাৰহা |
৩ | ১৩ নৱেম্বৰ | ভাৰত বনাম আফ্ৰিকা | টি-২০ | - | ছুপাৰস্পৰ্ট পাৰ্ক, চেঞ্চুৰিয়ান |
৪ | ১৫ নৱেম্বৰ | ভাৰত বনাম আফ্ৰিকা | টি-২০ | - | ৱাণ্ডাৰাৰছ ষ্টেডিয়াম, জোহান্সবাৰ্গ |
নৱেম্বৰৰ পৰা জানুৱাৰীলৈ সীমান্ত গাভাস্কাৰ ট্ৰফী:
ভাৰতে ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সন্মানীয় সীমান্ত গাভাস্কাৰ ট্ৰফীত অৱতীৰ্ণ হ’ব । এইবাৰ গাভাস্কাৰ ট্ৰফীত ৫ খন টেষ্ট মেচ অনুষ্ঠিত হ’ব । এই শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াই ভাৰতক আতিথ্য প্ৰদান কৰিব । ২২ নৱেম্বৰৰ পৰা ২ জানুৱাৰীলৈ দুয়োটা দল অৱতীৰ্ণ হ’ব । ইয়াৰ সম্প্ৰচাৰ হ’ব জিঅ’ চিনেমাত ৷
ক্ৰমিক | তাৰিখ | মেচ | ফৰ্মেট | সময় | স্থান |
১ | ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ | ভাৰত বনাম অষ্ট্ৰেলিয়া | টেষ্ট | দুপৰীয়া ১২:০০ বজাত | পাৰ্থ ষ্টেডিয়াম, পাৰ্থ |
২ | ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ | ভাৰত বনাম অষ্ট্ৰেলিয়া | টেষ্ট | দুপৰীয়া ১২:০০ বজাত | এডিলেইড অভাল, এডিলেইড |
৩ | ১৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ | ভাৰত বনাম অষ্ট্ৰেলিয়া | টেষ্ট | দুপৰীয়া ১২:০০ বজাত | দ্য গাব্বা, ব্রিজবেন |
৪ | ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ | ভাৰত বনাম অষ্ট্ৰেলিয়া | টেষ্ট | দুপৰীয়া ১২:০০ বজাত | ছিডনী ক্ৰিকেট ষ্টেডিয়াম, ছিডনী |
৫ | ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ | ভাৰত বনাম অষ্ট্ৰেলিয়া | টেষ্ট | দুপৰীয়া ১২:০০ বজাত | ছিডনী ক্ৰিকেট ষ্টেডিয়াম, ছিডনী |
জানুৱাৰী-ফেব্ৰুৱাৰীত ইংলেণ্ডৰ ভাৰত ভ্ৰমণ:
সীমান্ত গাভাস্কাৰ ট্ৰফীৰ পিচত ইংলেণ্ডৰ ক্ৰিকেট দলে ভাৰত ভ্ৰমণ কৰিব । য'ত ২২ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ভাৰতৰ সৈতে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া মেচ খেলিব । ২ ফেব্ৰুৱাৰীলৈকে টি-২০ মেচ অনুষ্ঠিত হ’ব, তাৰ পিছত ৬ ফেব্ৰুৱাৰীত প্ৰথমখন এদিনীয়া আৰু শেষৰখন এদিনীয়া ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । এই শৃংখলাৰ পিছত ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিব ।
লগতে পঢ়ক: ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দিলীপ ট্ৰফীত অংশগ্ৰহণৰ সম্ভাৱনা - DULEEP TROPHY