ETV Bharat / sports

ক্ৰিকেট মেচত থাৰ্ড আম্পায়াৰৰ ভূমিকা কি ? কোনে দিয়ে এই নিযুক্তি ?

Third umpire in cricket: এখন ক্ৰিকেট মেচত থাৰ্ড আম্পায়াৰ বা তৃতীয় আম্পায়াৰৰ ভূমিকা কি ? থাৰ্ড আম্পায়াৰে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ?

author img

By ETV Bharat Sports Team

Published : 8 hours ago

THIRD UMPIRE IN CRICKET MATCH
ক্ৰিকেট মেচত থাৰ্ড আম্পায়াৰ (Getty Images)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: ক্ৰিকেট অনুৰাগী তথা দৰ্শকসকলৰ বাবে তেনেই এটি চিনাকী শব্দ হৈছে থাৰ্ড আম্পায়াৰ বা তৃতীয় আম্পায়াৰ ৷ যিগৰাকী বিষয়াই ক্ৰিকেটৰ খেলপথাৰৰ বাহিৰত থাকিও কিছুমান বিষয়ত গ্ৰহণ কৰে চূড়ান্ত সিদ্ধান্ত ৷ বিশেষকৈ আন্তৰ্জাতিক মেচৰ লগতে জৰুৰীকালীন অন-ফিল্ড আম্পায়াৰ হিচাপেও কাম কৰিব পাৰে এইসকল আম্পায়াৰে ৷

কোনো এখন ক্ৰিকেট মেচত এই থাৰ্ড আম্পায়াৰসকলৰ ভূমিকা কেনেধৰণৰ, তেওঁলোক এখন ক্ৰিকেট খেলৰ বাবে কিয় গুৰুত্বপূৰ্ণ, সেই সকলোবোৰ দিশ সামৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন-

থাৰ্ড আম্পায়াৰৰ কেতিয়া প্ৰয়োজন ?

খেলপথাৰত উপস্থিত থকা এজন আম্পায়াৰৰ সিদ্ধান্তৰ বিষয়ে নিশ্চিত নহ’লে তেনেক্ষেত্ৰত থাৰ্ড আম্পায়াৰৰ মতামত বিচৰা হয় ৷ যেনে- ৰাণ আউট, ষ্টাম্পিং বা বলটো চাৰি বা ছয় হয় নে নহয়, তাক নিৰ্ধাৰণ কৰিবলৈ থাৰ্ড আম্পায়াৰৰ সহায় লোৱা হয় ৷ খেলুৱৈসকলে থাৰ্ড আম্পায়াৰক পুনৰীক্ষণৰ বাবেও অনুৰোধ জনাব পাৰে ।

এখন মেচত থাৰ্ড আম্পায়াৰৰ ভূমিকা কি ?

তৃতীয় আম্পায়াৰে বিভিন্ন দিশৰ পৰা টিভি ৰিপ্লে পৰ্যালোচনা কৰে আৰু তাৰপিছত খেলপথাৰৰ আম্পায়াৰক তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । তাৰপিছত খেলপথাৰৰ আম্পায়াৰে কোনো বিষয় সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷

থাৰ্ড আম্পায়াৰক কোনে নিযুক্তি দিয়ে ?

টেষ্ট মেচ আৰু এদিনীয়া খেল য’ত ডি আৰ এছ পদ্ধতি ব্যৱহাৰ কৰা হয়, তেনেবোৰ মেচৰ বাবে আই চি চিয়ে নিযুক্তি দিয়ে থাৰ্ড আম্পায়াৰক ৷ আনহাতে, এদিনীয়া খেলৰ বাবে য'ত ডি আৰ এছ ব্যৱহাৰ কৰা নহয়, তাৰ লগতে সকলো টি-20 ৰ বাবে ঘৰুৱা দল পৰিচালনা সমিতিয়ে তৃতীয় আম্পায়াৰক নিযুক্তি প্ৰদান কৰে ।

থাৰ্ড আম্পায়াৰৰ কেতিয়া প্ৰয়োজন ?

কেৱল আন্তৰ্জাতিক অথবা গুৰুত্বপূৰ্ণ ঘৰুৱা মেচৰ বাবে থাৰ্ড আম্পায়াৰৰ প্ৰয়োজন হয় ৷

থাৰ্ড আম্পায়াৰসকলৰ দৰমহা কিমান ?

থাৰ্ড আম্পায়াৰসকলক প্ৰতিখন টেষ্ট মেচৰ বাবদ 3.33 লাখ, প্ৰতিখন এদিনীয়াত 2.26 লাখ আৰু টি-20 মেচৰ বাবে প্ৰায় 1.25 লাখৰ দৰমহা প্ৰদান কৰা হয় । অৱশ্যে, আম্পায়াৰৰ অভিজ্ঞতা আৰু খেলখনৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিসংখ্যা পৃথক হ'ব পাৰে ৷

এই থাৰ্ড আম্পায়াৰৰ সৈতে আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অথবা মাষ্টাৰ-ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰৰ এক অন্যতম সম্পৰ্ক ৷ কিয়নো শচীন তেণ্ডুলকাৰ আছিল তৃতীয় আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰ ৷ 1992 চনৰ নৱেম্বৰ মাহত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ দ্বিতীয় দিনটোতে কাৰ্ল লিবেনবাৰ্গ নামৰ থাৰ্ড আম্পায়াৰগৰাকীৰ দ্বাৰা আউট হৈছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷

লগতে পঢ়ক: মহম্মদ আজহাৰউদ্দিনৰ পৰা শ্বেন ৱাৰ্ণলৈকে; কোন কোন ক্ৰিকেটাৰ জড়িত আছিল মেচ ফিক্সিঙত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.