ETV Bharat / sports

জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালী খো-খো প্ৰতিযোগিতাৰ সামৰণি - Jintu Gogoi memorial Kho Kho

Assam Kho Kho Association : অসম খো-খো সন্থাৰ অধীনত উত্তৰ কামৰূপ জিলা খো-খো সন্থাৰ উদ্যোগত ৰঙিয়াত অনুষ্ঠিত আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে ।

Jintu Gogoi memorial Kho Kho
জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাৱ জুনিয়ৰ ছোৱালীৰ খো-খো
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 6:52 PM IST

জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাৱ জুনিয়ৰ ছোৱালীৰ খো-খো

ৰঙিয়া, ২৬ ফেব্ৰুৱাৰী: অসম খো-খো সন্থাৰ অধীনত উত্তৰ কামৰূপ জিলা খো-খো সন্থাৰ উদ্যোগত ৰঙিয়াত অনুষ্ঠিত হয় ১৪ সংখ্যক জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীকৈ ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিতএই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ৰঙিয়াৰ ছোৱালী দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে ।

নলবাৰী জিলা খো-খো দল আৰু উত্তৰ কামৰূপ জিলা খো-খো দলৰ মাজত অনুষ্ঠিত এই চূড়ান্ত খেলখনত উত্তৰ কামৰূপ দলে নলবাৰী দলক ১৮ -১০ পইন্টৰ ব্যৱধানত পৰাজিত কৰে । এই খেলখন উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ আগমন ঘটে । খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে অসম খো-খো সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ বড়ো, উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি আব্দুল মজিদৰ লগতে ক্ৰীড়া সংগঠক আমিৰ আলী । সম্পাদক বীৰেণ কলিতাই পৰিচালনা কৰা বঁটা বিতৰণী সভাখনত বিজয়ী আৰু বিজিত দলক বঁটাৰ লগতে মেডেল প্ৰদান কৰা হয় । ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতাৰ দৰে খেলৰ জৰিয়তে অঞ্চলটোৰ নৱ প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰিব বুলি উদ্য়োক্তা সকলে আশা প্ৰকাশ কৰিছে ।

ইফালে, প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে উত্তৰ কামৰূপ জিলা দলৰ মৌচুমী বড়োৱে । উল্লেখযোগ্য যে ৰাজ্যৰ ১৯ খন জিলাৰ পৰা ১৯ টা খো-খো দলে ১৪ সংখ্যক জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল । ৰঙিয়াত অনুষ্ঠিত এই খেলখনে অঞ্চলটোৰ খেলুৱৈসকলক নিশ্চিতভাৱে উৎসাহিত কৰিব ৷

লগতে পঢ়ক: সদৌ তিৱা ছাত্ৰ সন্থাৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.