ETV Bharat / sports

এটাও বল নপৰাকৈ পৰিত্যক্ত ভাৰত-বাংলাদেশৰ কানপুৰ টেষ্টৰ দ্বিতীয় দিনৰ খেল - IND VS BAN 2ND TEST - IND VS BAN 2ND TEST

Kanpur test weather update: কানপুৰ টেষ্টৰ দ্বিতীয় দিনটোত চাহ বিৰতিলৈকে খেলপথাৰত নপৰিল এটাও বল ৷ প্ৰতিকূল বতৰৰ বাবে দ্বিতীয় দিনাৰ খেল পৰিত্যক্ত ঘোষণা আয়োজকৰ ৷ কানপুৰ টেষ্টত তৃতীয় দিনাও বৰষুণে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা ৷

IND VS BAN 2ND TEST
ভাৰত-বাংলাদেশৰ কানপুৰ টেষ্ট (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 28, 2024, 6:15 PM IST

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: ভাৰত বনাম বাংলাদেশৰ টেষ্ট শৃংখলাৰ দ্বিতীয় দিনৰ খেল পৰিত্যক্ত ৷ কানপুৰ টেষ্টত খলনায়কৰ ভূমিকা পালন কৰিছে প্ৰতিকূল বতৰে । মেচখনৰ প্ৰথমদিনাও অনুষ্ঠিত হয় মাত্ৰ 35 অভাৰৰ খেল ৷

চাহ বিৰতিলৈকে খেল অনুষ্ঠিত নোহোৱাত আয়োজকে দ্বিতীয় দিনৰ খেলখন পৰিত্যক্ত ঘোষণা কৰে ৷ খেল নোহোৱাত দুয়োটা দলৰে খেলুৱৈসকল উভতি হৈ হোটেলত উপস্থিত হয় ৷ এই সন্দৰ্ভত প্ৰকাশ পাইছে এটা ভিডিঅ’, য’ত খেলুৱৈসকলক হোটেলত উপস্থিত হোৱা দেখা গৈছে ৷

ভিডিঅ'টোত দেখুওৱা অনুসৰি, ভাৰতীয় দলটো এখন বাছত হোটেললৈ উভতি আহিছিল ৷ শনিবাৰে পুৱাৰে পৰা হৈ থকা বৰষুণে ধুই নিয়ায় খেলপথাৰ । টীম ইণ্ডিয়াৰ সমান্তৰালকৈ বাংলাদেশৰ খেলুৱৈসকলো উপস্থিত হয় হোটেলত ৷

কানপুৰ টেষ্টত প্ৰথমদিনাৰে পৰা বৰষুণে দিছে বিধি-পথালি ৷ বৰষুণৰ সমান্তৰালকৈ ক’লা মেঘেও আকাশ ছানি ধৰাত ষ্টেডিয়ামৰ কম পোহৰৰ বাবে খেল বাতিল কৰিবলগীয়া হয় ৷ দ্বিতীয় দিনাও অব্যাহত থাকে একেই অৱস্থা ৷ শুকুৰবাৰে টেষ্টৰ প্ৰথমদিনা মাত্ৰ 35 অভাৰৰ বলহে কৰিব পৰা যায় ৷

বতৰৰ পূৰ্বানুমান অনুসৰি শনিবাৰৰ দিনটোত অব্যাহত থাকিব বৰষুণ ৷ যাৰ ফলত অনুষ্ঠিত কৰিব পৰা নাযাব খেলখন ৷ এ এন আইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে, ভাৰতীয় দলটোৱে এই পৰিস্থিতিত বিশ্ৰামৰ সিদ্ধান্ত লয় । অৱশ্যে বতৰৰ সামান্য উন্নতি হ’লে খেলখন আবেলি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল যদিও প্ৰকৃততে সেয়া হৈ নুঠিল ৷

প্ৰতিকূল বতৰে প্ৰভাৱ পেলোৱা প্ৰথম দিনাৰ খেলত ৰোহিত শৰ্মাই টছত জিকি বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । 35 অভাৰৰ খেলখন দুয়োটা দলৰ বাবে যথেষ্ট সন্তুলিত আছিল, কিয়নো বাংলাদেশে 107-3 ৰাণ সংগ্ৰহ কৰিছিল ৷ দলটোৰ হৈ মমিনুল হকে 40 ৰাণত ক্ৰিজত বৰ্তি আছে ৷

ভাৰতৰ হৈ আকাশদ্বীপে প্ৰথম চেছনত দখল কৰে দুটা উইকেট ৷ আনহাতে, ৰবিচন্দ্ৰন অশ্বিনে বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৰ উইকেট দখল কৰি ফৰ্ম অব্যাহত ৰাখে ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশ কানপুৰ টেষ্ট; টছত জিকি বাংলাদেশক বেটিঙৰ বাবে আমন্ত্ৰণ ৰোহিত শৰ্মাৰ - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.