ETV Bharat / sports

ভংগ হোৱাৰ দিশে মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ: লৰ্ডছত জ’ ৰুটৰ 33 তম শতক অৰ্জন - Joe Root

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 2:01 PM IST

Joe Root 33rd test hundred: ইংলেণ্ডৰ ষ্টাইলিছ বেটছমেন জ’ ৰুটে লৰ্ডছত অৰ্জন কৰিছে কেৰিয়াৰৰ 33 তম টেষ্ট শতক ৷ ক্ৰিকেটাৰগৰাকীয়ে ইয়াৰ লগে লগে বহু অভিলেখ ভংগ কৰি সৃষ্টি কৰিছে ইতিহাস । ইয়াৰ লগে লগে ভংগ হোৱাৰ সম্ভাৱনা আছে ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷

Joe Root
ইংলেণ্ডৰ ষ্টাইলিছ বেটছমেন জ’ ৰুট (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: বৃহস্পতিবাৰে লৰ্ডছত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ইংলেণ্ডৰ সোঁহতীয়া তাৰকা বেটছমেন জ’ ৰুটে অৰ্জন কৰে কেৰিয়াৰৰ 33 তম শতক ৷ এই শতকৰ জৰিয়তে পূৰ্বে ইংলেণ্ডৰ হৈ 33 টা টেষ্ট শতক অৰ্জন কৰা কিংবদন্তী এলিষ্টাৰ কুকৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৰুটে ৷

কুকৰ অভিলেখৰ সৈতে সমতা স্থাপন ৰুটৰ

ৰুটে 99 ৰাণ সংগ্ৰহ কৰাৰ 12 টা বলৰ পিছত অৰ্জন কৰে তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ 33 তম শতকটো ৷ দ্ৰুত বলাৰ লাহিৰু কুমাৰাৰ বলত চাৰি ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ক্ৰিকেটাৰগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ৷

162 টা বলত 13 টা চাৰিৰ সহায়ত 33 তম শতক অৰ্জন কৰে ৰুটে ৷ শ্ৰীলংকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছত লৰ্ডছৰ খেলপথাৰত দলটোৱে এক সুস্থিৰ আৰম্ভণি কৰে যদিও জ’ ৰুটৰ অভিলেখকাৰী শতকটোৱে বিপক্ষৰ সকলো পৰিলকল্পনা বিফল কৰে ৷

দশম সৰ্বাধিক টেষ্ট শতক থকা বেটছমেন

ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটে এই শতক অৰ্জন কৰাৰ লগে লগে টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনকাৰীৰ তালিকাত এলিষ্টাৰ কুকৰ সৈতে যুটীয়াভাৱে দশম স্থানত উপনীত হয় ৷ ৰুটে 145 খন মেচত অংশগ্ৰহণ কৰি এই অভিলেখ অৰ্জন কৰে ৷ আনহাতে, কুকে 161 খন মেচ খেলি এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ৷

সপ্তম সৰ্বাধিক টেষ্ট ৰাণ সংগ্ৰহকাৰী

ৰুটে শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰিছে 12,000 ৰাণ ৷ যাৰ লগে লগে ক্ৰিকেটাৰগৰাকী সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী সপ্তমগৰাকী ক্ৰিকেটাৰত পৰিণত হৈ পৰে । ৰুটে 145 খন টেষ্ট মেচৰ 265 টা ইনিংছত 50.71 ৰ গড়ৰ সৈতে সংগ্ৰহ কৰিছে 12,274 ৰাণ । এই সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে 5 টা দ্বি-শতক, 33 টা শতক আৰু 64 টা অৰ্ধশতক অৰ্জন কৰে ।

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগৰ সম্ভাৱনা

ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটে কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰে সংগ্ৰহ কৰা সৰ্বাধিক টেষ্ট ৰাণৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে ৷ তেণ্ডুলকাৰে টেষ্ট ক্ৰিকেটত সৰ্বাধিক 15,921 ৰাণ সংগ্ৰহ কৰি এই তালিকাৰ শীৰ্ষস্থানত আছে ৷

ৰুটে এতিয়ালৈকে টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰিছে 12,274 ৰাণ ৷ তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ পৰা ক্ৰিকেটাৰগৰাকী মাত্ৰ 3,647 ৰাণহে দূৰৈত আছে ৷ লগতে এতিয়াও তেওঁ বহুকেইখন টেষ্টত অংশগ্ৰহণ কৰিবলৈ বাকী আছে ।

33 বছৰীয়া ৰুটে ভাৰতৰ প্ৰাক্তন বেটছমেন শচীন তেণ্ডুলকাৰে সংগ্ৰহ কৰা 35 টা টেষ্ট শতকৰ সৈতে প্ৰায় একেটা স্তৰত উপনীত হৈছে । ক্ৰিকেটাৰগৰাকীয়ে যি দুৰন্ত গতিত টেষ্ট ক্ৰিকেটত প্ৰদৰ্শন অব্যাহত ৰাখিছে, তাৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে তেণ্ডুলকাৰে সংগ্ৰহ কৰা 51 টা টেষ্ট শতকৰ অভিলেখ ভংগ কৰিব বুলি অনুমান কৰিব পৰা যায় । তেণ্ডুলকাৰ সৰ্বাধিক টেষ্ট শতক অৰ্জনৰ তালিকাৰ শীৰ্ষত আছে, যিয়ে 1989-2013 চনলৈ 200 খন টেষ্টত 51 টা শতক অৰ্জন কৰিছে ।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক:

  • শচীন তেণ্ডুলকাৰ 51
  • জেক কালিছ 45
  • ৰিকী পণ্টিং 41
  • কুমাৰ চাংগাকাৰা 38
  • ৰাহুল দ্ৰাবিড় 36
  • সুনীল গাভাস্কাৰ 34
  • মাহেলা জয়বৰ্ধনে 34
  • ব্ৰায়ান লাৰা 34
  • ইউনুছ খান 34
  • এলিষ্টাৰ কুক 33
  • জো ৰুট 33

লগতে পঢ়ক: ৰোহিত শৰ্মাক কিনিবলৈ সুকীয়াকৈ 50 কোটি টকা ৰাখিছে আই পি এলৰ এইটো দলে ! - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.