ETV Bharat / sports

বুমৰাহ-মন্ধানা আই চি চিৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত - ICC Player Of The Month Award

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:38 PM IST

ICC Awards: আই চি চিয়ে জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ঘোষণা কৰিছে । ভাৰতে মহিলা আৰু পুৰুষ দুয়োটা ফৰ্মেটতে এই স্থান লাভ কৰে । অধিনায়ক ৰোহিত শৰ্মাক পৰাস্ত কৰি বেগী বলাৰ যশপ্ৰীত বুমৰাহে এই বঁটা লাভ কৰে । প্ৰথমবাৰৰ বাবে একেখন দেশৰ খেলুৱৈয়ে দুয়োটা শাখাতে এই বঁটা লাভ কৰিছে ৷

ICC Player Of The Month Award
আইচিচিৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৯ জুলাই: টি-২০ বিশ্বকাপত ভাৰতৰ বিজয়ী অভিযানৰ নায়ক যশপ্ৰীত বুমৰাক মঙলবাৰে আই চি চিয়ে জুন মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰে । ভাৰতৰ বাবে দুগুণ আনন্দৰ কথা আছিল কাৰণ মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাক জুন মাহৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে বিবেচিত হৈছে । যোৱা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কৰা শক্তিশালী প্ৰদৰ্শনৰ বাবে মন্ধানাক এই সন্মানেৰে সন্মানিত কৰা হয় । প্ৰথমবাৰৰ বাবে একেখন দেশৰ খেলুৱৈয়ে দুয়োটা শাখাতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

টি-২০ বিশ্বকাপত বুমৰাহৰ ১৫টা উইকেট:

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজক পিছ পেলাই যশপ্ৰীত বুমৰাহে এই খিতাপ দখল কৰাৰ বিপৰীতে মন্ধানাই ইংলেণ্ডৰ মাইয়া বাউচাৰ আৰু শ্ৰীলংকাৰ উইছমি গুনাৰত্নেক চেৰ পেলাই মহিলাৰ বঁটা লাভ কৰে । আই চি চিয়ে এক বিবৃতিত কয় যে যোৱা মাহত টি-২০ বিশ্বকাপত ১৫টা উইকেট দখল কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা বুমৰাহে জুন মাহৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছে ।

টি-২০ বিশ্বকাপত গড়ে ৮.২৬ ৰাণেৰে উইকেট দখল কৰাৰ বিপৰীতে প্ৰতি অভাৰত মাত্ৰ ৪.১৭ ৰাণহে দিয়ে জছপ্ৰীত বুমৰাহে । আইচিচিৰ এক বিবৃতিত বুমৰাহে কয়, "জুন মাহৰ আই চি চিৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাত মই আনন্দিত হৈছো । আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত কিছু স্মৰণীয় সপ্তাহ কটোৱাৰ পিচত মোৰ বাবে ই এক বিশেষ সন্মান । দল হিচাপে আমি উদযাপনৰ বহু সুযোগ পাইছিলো আৰু ইয়াত অৰিহণা যোগাবলৈ পাই মই আনন্দিত ।"

লগতে পঢ়ক: একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা স্মৃতি মন্ধানা - INDIA VS SOUTH AFRICA ODIS

স্মৃতি মন্ধানাৰ দুটা শতক অৰ্জন:

স্মৃতি মন্ধানাৰ নামত মহিলা ক্ৰিকেটত ভাৰতৰ হৈ একেৰাহে ২টা শতক অৰ্জন কৰাৰ অভিলেখো আছে । মহিলা শাখাত মন্ধানাই বেংগালুৰুৰ প্ৰথমখন এদিনীয়াত ১১৭ ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলিছিল । খেলখনত ৫ উইকেটত ৯৯ ৰাণ সংগ্ৰহ কৰা ভাৰতে তেওঁৰ শতকৰ সহায়ত ২৬৫ ৰাণ কৰিবলৈ সক্ষম হয়, যিটো দক্ষিণ আফ্ৰিকাৰ বাবে বিপদজনক বুলি প্ৰমাণিত হয় । দ্বিতীয়খন মেচত তেওঁ ১২০টা বলত ১৩৬ ৰাণৰ আন এটা ইনিংছ খেলে । তৃতীয়খন মেচত তেওঁ ৯০ ৰাণ সংগ্ৰহ কৰি আউট হোৱাৰ বাবে শতকৰ হেট্ৰিক সম্পূৰ্ণ কৰাৰ পৰা বঞ্চিত হয় ।

"জুন মাহৰ আই চি চিৰ মহিলা খেলুৱৈ বঁটা লাভ কৰি মই সঁচাকৈয়ে আনন্দিত হৈছো । দলটোৱে যি ধৰণে প্ৰদৰ্শন কৰিছে তাত অৰিহণা যোগাবলৈ পাই মই সুখী । আমি এদিনীয়া আৰু টেষ্ট শৃংখলাত জয়ী হৈছিলো আৰু আশাকৰোঁ আমি আমাৰ ফৰ্ম অব্যাহত ৰাখিম আৰু ভাৰতৰ হৈ আৰু অধিক মেচ জয় কৰাত অৰিহণা যোগাব পাৰিম ।" স্মৃতি মন্ধানাই কয় ৷

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা : স্মৃতি মন্ধানা-শ্বেফালি বাৰ্মাৰ দৰ্শনীয় শতক - INDW vs SAW Test Match

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.