ETV Bharat / sports

চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম - IPL 2025

IPL 2025 Mega Auction Date and Time: চলিত নৱেম্বৰ মাহতে অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম ৷ ৰিয়াদত অনুষ্ঠিত হ’ব এই মেগা নিলাম ৷

IPL 2025
নৱেম্বৰত হ’ব আই পি এলৰ মেগা নিলাম (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 4, 2024, 4:57 PM IST

স্প’ৰ্টছ ডেস্ক: বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025-ৰ মেগা নিলামৰ সম্ভাৱ্য তাৰিখ আৰু স্থানসমূহ সোমবাৰে প্ৰকাশ কৰা হৈছে ।

ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, আই পি এল 2025 ৰ বাবে বৃহৎ নিলাম 24 আৰু 25 নৱেম্বৰত চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এই সংক্ৰান্তত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰেই চূড়ান্ত সিদ্ধান্ত প্ৰকাশৰ সম্ভাৱনা আছে ৷

24-25 নৱেম্বৰত ৰিয়াদত নিলাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

অৱশ্যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) এতিয়াও আনুষ্ঠানিকভাৱে নিলামৰ স্থান বা তাৰিখ ঘোষণা কৰা নাই । এই নিলামৰ তাৰিখৰ 22-26 নৱেম্বৰত পাৰ্থত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (বি জি টি) ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন টেষ্ট মেচৰ সৈতে সাদৃশ্য আছে ৷

ডিজনী ষ্টাৰে কৰিব নিবিচাৰে ওপৰা-উপৰি

আই পি এল আৰু ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলা দুয়োটাৰ বাবে টেলিভিছনৰ সম্প্ৰচাৰৰ দায়িত্বত থকা ডিজনী ষ্টাৰে সদৰী কৰে যে, দুয়োটা অনুষ্ঠানৰ মাজত ওপৰা-উপৰি এৰাই চলিব বিচাৰে ৷ কিয়নো দুয়োটা অনুষ্ঠানৰে পৰা তেওঁলোকে বৃহৎ সংখ্যক দৰ্শক লাভ কৰাৰ সম্ভাৱনা আছে ৷

অৱশ্যে ভাৰতীয় সময় অনুসৰি দুপৰীয়াৰ ভাগত আই পি এলৰ নিলাম অনুষ্ঠিত হ’লে অষ্ট্ৰেলিয়াৰ সৈতে থকা সময়ৰ তাৰতম্যৰ বাবে এই বিশৃংখলতা ঘটাৰ সম্ভাৱনা নাই ৷

আই পি এল 2025 ৰ নিলাম এক ব্লকবাষ্টাৰ অনুষ্ঠান হ'ব বুলি আশা কৰা হৈছে ৷ কিয়নো নিলামৰ বাবে চৰ্চাত থকা কেইটামান নাম হৈছে ঋষভ পন্ত, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, অৰ্শদীপ সিং আৰু ঈশান কিষাণ ৷ এই আটাইকেইগৰাকী খেলুৱৈ বৃহৎ নিলামত অন্তৰ্ভুক্ত হ'ব ।

একাংশ ফ্ৰেঞ্চাইজিয়ে ইতিমধ্যে খেলুৱৈ কেইগৰাকীক দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে ৷ আটাইকেইটা ফ্ৰেঞ্চাইজিয়ে নিশ্চিতভাৱে এই 5 গৰাকী খেলুৱৈৰ বাবে বৃহৎ পৰিমাণৰ বিড কৰাৰ সম্ভাৱনা আছে ৷

আন আন স্থানতো চলিছিল চৰ্চা

প্ৰতিবেদন অনুসৰি বি চি চি আইৰ বিষয়াসকলে ইতিমধ্যে সাম্ভাব্য স্থানসমূহৰ মূল্যাংকন কৰিবলৈ চৌদি আৰৱলৈ প্ৰাৰম্ভিক ভ্ৰমণ কৰিছে । অৱশ্যে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সোমবাৰে দ্বিতীয়টো প্ৰতিনিধি দলে উপসাগৰীয় ৰাষ্ট্ৰখন ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

আই পি এল 2025 ৰ মেগা নিলামৰ বাবে প্ৰথমতে জেদ্দাৰ নাম বিবেচনা কৰা হৈছিল যদিও ৰাজধানী চহৰ ৰিয়াদক দুদিনীয়া নিলামৰ বাবে আটাইতকৈ সম্ভৱ আয়োজক চহৰ হিচাপে নিৰ্বাচিত কৰে । বি চি চি আইয়ে ডুবাই, ছিংগাপুৰ আনকি ভিয়েনাৰ দৰে অন্যান্য আন্তঃৰাষ্ট্ৰীয় স্থানসমূহৰ নামো বিবেচনা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চৌদি আৰৱক আদৰ্শ স্থান হিচাপে বাছনি কৰা হৈছে ।

ফ্ৰেঞ্চাইজিয়ে সোনকালে ঘোষণা কৰিবলৈ কৰিছিল অনুৰোধ

ভাৰতৰ বাহিৰত এই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত আই পি এল ফ্ৰেঞ্চাইজিবোৰে বি চি চি আইক ভ্ৰমণ আৰু আন সকলো ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সময় দিয়াৰ বাবে স্থান আৰু তাৰিখবোৰ তৎক্ষণাৎ চূড়ান্ত কৰিবলৈ অনুৰোধ জনাইছে । দলবোৰে আগন্তুক নিলামত গুৰুত্ব দিয়াৰ পূৰ্বে তেওঁলোকৰ খেলুৱৈৰ তালিকা চূড়ান্ত কৰাৰ ক্ষেত্ৰত কাম কৰি আছে ।

লগতে পঢ়ক: বাম্পাৰ লটাৰী; কলকাতা নাইট ৰাইডাৰ্ছৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত ৰিংকু সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.