ETV Bharat / sports

ৰোহিত শৰ্মাক কিনিবলৈ সুকীয়াকৈ 50 কোটি টকা ৰাখিছে আই পি এলৰ এইটো দলে ! - IPL 2025

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 7:47 PM IST

Sanjiv Goenka on Rohit Sharma: আই পি এল 2025 ৰ মেগা নিলামৰ বাবে সম্প্ৰতি ব্যাপক প্ৰস্তুতিত ব্যস্ত ফ্ৰেঞ্চাইজি দলসমূহ ৷ লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ৰোহিত শৰ্মাক নিলামত ক্ৰয় কৰিবলৈ বৃহৎ পৰিমাণৰ ধনৰাশি দিবলৈ প্ৰস্তুত হৈ থকা বুলি ইতিমধ্যে এক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে ৷ এই চৰ্চাৰ উত্তৰ দিবলৈ নীৰৱতা ভংগ কৰিছে দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷ চাওক দলটোৰ স্বত্বাধিকাৰীয়ে কি ক’লে...

IPL 2025
ৰোহিত শৰ্মা (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: আই পি এল 2025 ক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ফ্ৰেঞ্চাইজি দলসমূহ ৷ যাক কেন্দ্ৰ কৰি কিছুদিন পিছত অনুষ্ঠিত হ’ব খেলুৱৈসকলৰ সৰ্ববৃহৎ নিলাম ৷ কোনটো দলে কোনগৰাকী খেলুৱৈক নিলামত ক্ৰয় কৰিব তাক লৈ অব্যাহত আছে চৰ্চা । যাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ক্ৰিকেটপ্ৰেমী তথা অনুৰাগীসকলে ৷

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক লৈও প্ৰচাৰ হৈছে বহু খবৰ ৷ খবৰ অনুসৰি, লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ৰোহিতক নিজৰ দলত অন্তৰ্ভুক্তি কৰিবলৈ সুকীয়াকৈ ৰাখিছে প্ৰায় 50 কোটি টকা ৷ পিছে এই সকলোবোৰ চৰ্চাৰ ওৰ পেলাই ৰোহিত শৰ্মাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷

স্প’ৰ্টছ টাকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই বহুতো গুৰুত্বপূৰ্ণ কথাৰ উত্তৰ দিয়ে । ৰোহিত শৰ্মা সন্দৰ্ভত সোধা এই প্ৰশ্নটো গোৱেংকাই উৰাবাতৰি বুলি অভিহিত কৰে ।

"মোক এটা কথা কওঁক, ৰোহিত শৰ্মা কাৰ্যত উপলব্ধ বুলি কোনোবাই জানে নেকি ? গোটেই উৰাবাতৰিটো ভিত্তিহীন" বুলি তেওঁ কয় ।

"মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক দলৰ পৰা বাদ দিয়ে নে নাই আমি চাব লাগিব । তাৰপিছত আমি চাব লাগিব যে ৰোহিতে নিলামত অংশগ্ৰহণ কৰে নে নাই ৷ ক্ৰিকেটাৰগৰাকীয়ে নিলামত অংশগ্ৰহণ কৰিলেও বাজেটৰ আধা অংশ এজন খেলুৱৈৰ ওপৰত ব্যয় কৰিলে, বাকী 22 জন খেলুৱৈক কেনেকৈ ক্ৰয় কৰিব"? সাক্ষাৎকাৰটোত এনেদৰে ৰোহিত শৰ্মা সন্দৰ্ভত ব্যক্ত কৰে এল এছ জিৰ স্বত্বাধিকাৰীগৰাকীয়ে ৷

ৰোহিতক ফ্ৰেঞ্চাইজিত অন্তৰ্ভুক্ত কৰিব বিচৰা প্ৰশ্নৰ উত্তৰত গোৱেংকাই কয়, "নিজৰ দলটোত সৰ্বশ্ৰেষ্ঠ অধিনায়ক আৰু খেলুৱৈ ৰখাৰ বাবে সকলোৰে ইচ্ছাৰ এখন তালিকা আছে । মই যিয়েই নকৰো কিয় প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে সেইটো বিচাৰিব" ।

গোৱেংকাই লগতে কৈছিল যে, লক্ষ্ণৌৱে মুম্বাই ইণ্ডিয়ানছৰ মানসিকতাৰ পৰাও শিকিব পাৰে ৷ খেলৰ শেষলৈকে এম আইয়ে কেতিয়াও নিজকে পৰাজিত বুলি বিবেচনা নকৰাটোত জোৰ দিয়ে । তেওঁ এল এছ জিক সফল হ’বলৈ একে ধৰণৰ দৃষ্টিভংগী অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক: গৌতম গম্ভীৰৰ স্থানত ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানক নিযুক্তি - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.