ETV Bharat / sports

টি-২০ ক্ৰিকেটত ৩৫০ টা উইকেট দখলেৰে অভিলেখ ৰচনা যুজবেন্দ্ৰ চাহালৰ - Yuzvendra Chahal 350 T20 Wickets - YUZVENDRA CHAHAL 350 T20 WICKETS

Yuzvendra Chahal: ভাৰতীয় লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেট টি-২০ত ৩৫০ উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় । চাহালে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক আউট কৰি এই বিশেষ কৃতিত্ব অৰ্জন কৰে ।

Yuzvendra Chahal 350 T20 Wickets
Yuzvendra Chahal (ANI)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:04 PM IST

নিউজ ডেস্ক, ৭ মে': মঙলবাৰে দিল্লী কেপিটেলছ (ডি চি) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হোৱা আই পি এলৰ মেচখন লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ বাবে স্মৰণীয় মেচত পৰিণত হয় । এইখন মেচতে তেওঁ ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।

চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰ আৰৰ হৈ ধাৰাবাহিকভাৱে উইকেট দখল কৰি আহিছে চাহালে । মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামতো দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক আউট কৰি সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখে চাহালে । ১৪ নং অভাৰত তেওঁ পেনাল্টিমেট ডেলিভাৰীত মিডল আৰু লেগত ফুল লেংথ বলিং কৰাৰ ফলত উইকেট লাভ কৰিবলৈ সক্ষম হয় । দিল্লীৰ অধিনায়ক পন্তে এটা বিশাল ষ্টক খেলিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ ভাৰসাম্য হেৰুৱাই পেলায় । তেওঁ শ্বটটো মিছটাইম কৰি শেষত ডিপ বেকৱাৰ্ড স্কোৱাৰ লেগত এটা কেচ ট্ৰেণ্ট ব’ল্টৰ হাতত তুলি দিয়ে ।

উল্লেখ্য যে ইয়াৰ আগলৈকে চাহালে ৩০০ খন মেচত ৩৪৯ টা উইকেট লাভ কৰিছিল আৰু ইকনমি ৭.৬৮ আছিল । টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰৰ তালিকাত দ্বিতীয় স্থানত থকা লেগ স্পিনাৰ পিযুষ চাওলাই ৩১০টা উইকেট লাভ কৰিছে ।

অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ নামত ৩০৩ টা উইকেট থকাৰ বিপৰীতে পেচাৰ ভুৱনেশ্বৰ কুমাৰে ২৬৭ টা টি-২০ উইকেটৰে চতুৰ্থ স্থানত আছে । লেগ স্পিনাৰ অমিত মিশ্ৰই খেলখনৰ আটাইতকৈ চুটি ফৰ্মেটত ২৮৫ টা আউট কৰি শীৰ্ষ পাঁচটা স্থান সম্পূৰ্ণ কৰে ।

আজিৰ মেচখনত টছত জয়ী হৈ ৰাজস্থান ৰয়েলছে বলিং কৰিবলৈ বাছি লৈছিল যদিও জেক ফ্ৰেজাৰ-মেকগাৰ্কে দিল্লী কেপিটেলছক বিস্ফোৰক আৰম্ভণি প্ৰদান কৰে । অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীয়ে ২০টা ডেলিভাৰীৰ পৰা ৫০ ৰান সংগ্ৰহ কৰে । আনজন অ’পেনাৰ অভিষেক পৰেলেও ক্ৰীজত থকা সময়ছোৱাত ৬৫ ৰান সংগ্ৰহ কৰে । দিল্লীয়ে ২০ অভাৰত মুঠ ২২১ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক: কোন কোন দলৰ স্থান নিশ্চিত আই পি এল ২০২৪ ৰ প্লে' অফত ? - IPL 2024

আই পি এলত দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহৰ অভিলেখ পীযুষ চাওলাৰ - IPL 2024

আই পি এলত অভিলেখ সৃষ্টি ৰিয়ান পৰাগৰ; প্ৰতিভাৰ দিলে উমান - RIYAN PARAG IPL RUNS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.