ETV Bharat / sports

ৰকষ্টাৰতকৈ কোনো গুণে কম নহয় বিৰাট কোহলী - Virat Kohli stunning look

Virat Kohli stunning look: আইপিএলৰ চলিত ছিজনত আক্ৰমণাত্মক হৈ পৰিছে বিৰাট কোহলী । বৰ্তমানলৈকে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈ হিচাপে কোহলীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । সামাজিক মাধ্যমত ভাইৰেল হৈছে কোহলীৰ বহুত ভিডিঅ' । য'ত ৰকষ্টাৰৰ ৰূপত দেখা গৈছে ক্ৰিকেটাৰগৰাকীক ।

Virat Kohli stunning look
ৰকষ্টাৰতকৈ কোনো গুণে কম নহয় বিৰাট কোহলী (IANS)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 7:04 PM IST

স্প’ৰ্টছ ডেস্ক, ১০ মে': চলিত আইপিএল ছিজনত বিৰাট কোহলী দুৰ্দান্ত ফৰ্মত আছে । সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি কোহলীয়ে চলিত আই পি এল ছিজনত অ'ৰেঞ্জ কেপৰ অধিকাৰী হৈছে । তেওঁৰ আক্ৰমণাত্মক ইনিংছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটছমেন কোহলীৰ জনপ্ৰিয়তাও দিনক দিনে বৃদ্ধি পাইছে । কোহলীৰ অনুৰাগী কেৱল দেশতে নহয়, বিদেশতো বৃদ্ধি হোৱা দেখা গৈছে । আনকি পাকিস্তানতো অনুৰাগীৰ অভাৱ নাই ।

শেহতীয়াতকৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে আই পি এল ২০২৪ ৰ ৫৮ নম্বৰ মেচত বিৰাটে মাত্ৰ ৮ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হৈছিল । বিৰাটে পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৪৭ টা বলত ৭ টা চাৰি আৰু ৬ টা ছিক্সাৰৰ সহযোগত ৯২ ৰাণ সংগ্ৰহ কৰিছিল ।

এই সময়চোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৯৫.৭৪ । এই ছিজনত বিৰাটে ১২ খন মেচত এটা শতক আৰু ৫ টা অৰ্ধ শতকৰে ৬৩৪ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ মাজতে বিৰাট কোহলীৰ কিছুমান ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বিৰাটৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈছে য'ত তেওঁ এজন অনুৰাগীক অট’গ্ৰাফ দিয়া দেখা গৈছে । অনুৰাগীজনে অংকন কৰা এখন ফটোত কোহলীয়ে অট’গ্ৰাফ দিয়ে । সেই সময়ত বিৰাট আৰ চি বি-ৰ এখন বাছত বহি আছিল ।

ইয়াৰোপৰি, আন এটা ভিডিঅ'ত বিৰাট কোহলীক দেখা গৈছে বিমানবন্দৰত । বিৰাট ধৰ্মশালাৰ পৰা বেংগালুৰুলৈ ৰাওনা হোৱাৰ সময়ৰ আছিল এই ভিডিঅ'টো । তেতিয়া তেওঁৰ চাৰিওফালে কঠোৰ নিৰাপত্তা আছিল আৰু সমানে সমানে অনুৰাগীসকলেও বিমানবন্দৰত ভিৰ কৰিছিল ।

এই সময়চোৱাত বিৰাটৰ লুক অতিকৈ আকৰ্ষণীয় আছিল । তেওঁ পৰিধান কৰিছিল ক'লা, সেউজীয়া আৰু বগা ৰঙৰ জেকেটৰ লগতে মূৰত আছিল এটা টুপী ৷ ইয়াৰ লগতে বিৰাটে পিন্ধিছিল এটা ক'লা ৰঙৰ জিন্স ৷ তদুপৰি চকুত থকা চশমাৰে তেওঁক দেখিবলৈ কোনো ৰকষ্টাৰতকৈ কম যেন লগা নাছিল ।

উল্লেখ্য যে, শুকুৰবাৰৰ মেচখনত আৰ চি বি-য়ে পঞ্জাৱ কিংছক ২৪২ ৰাণৰ টাৰ্গেট দিছিল । মেচখনত পঞ্জাৱে ১৭ অভাৰত ১৮১ ৰাণতে অল আউট হৈ ৬০ ৰাণত পৰাজিত হয় । আৰ চি বি-য়ে পৰৱৰ্তী মেচখন ১২ মে'ত বেংগালুৰুত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক:পঞ্জাৱক জয়ৰ বাবে 242 ৰাণৰ লক্ষ্য বান্ধি দিলে বেংগালুৰুৱে - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.