ETV Bharat / sports

দৰ্শনীয় জয়েৰে প্লে’ অফৰ যোগ্যতা অৰ্জন আৰ চি বিৰ, ভাইৰেল বিৰাট কোহলীৰ বিজয় উদযাপন - IPL 2024

IPL 2024 PLAYOFF : শনিবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা হাই ভল্টেজ মেচত আৰ চি বিয়ে দৰ্শনীয় জয় লাভ কৰে। এই জয়েৰে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে দলটোৱে। সম্পূৰ্ণ খবৰ পঢ়ক....

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 3:53 PM IST

IPL 2024 PLAYOFF
প্লে’ অফৰ যোগ্যতা অৰ্জন আৰ চি বিৰ (ETV BHARAT DELHI DESK)

স্পৰ্টছ ডেস্ক, 19 মে’ : শনিবাৰে আই পি এল 2024ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা হাই ভল্টেজ মেচখনত আৰ চি বিয়ে দৰ্শনীয় জয় অৰ্জন কৰে ৷ এই জয়েৰে আৰ চি বিয়ে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ এই হাই ভল্টেজ মেচখনত আৰ চি বিয়ে প্লে’ অফত প্ৰৱেশ কৰিবলৈ কেৱল চি এছ কেৰ বিৰুদ্ধে জয়ী হোৱাই নহয় 18 বা তাতকৈ অধিক ৰাণৰ ব্যৱধানত জয়ী হ’ব লাগিছিল ৷ কিন্তু এই উত্তেজনাপূৰ্ণ মেচখন দলটোৱে 27 ৰাণৰ ব্যৱধানত জয়লাভ কৰি প্লে’ অফৰ যোগ্যতা অৰ্জন কৰে ৷

বৰষুণে আৰ চি বিৰ অনুৰাগীৰ উশাহ বন্ধ কৰিছিল-

বৰষুণে আৰ চি বিৰ অনুৰাগীসকলৰ উশাহ বন্ধ কৰি দিছিল ৷ চেন্নাইৰ বিৰুদ্ধে খেলখনত প্ৰথমে বেটিং কৰা বেংগালুৰু দলে এক সুন্দৰ আৰম্ভণি কৰিছিল ৷ বেটিং কৰিবলৈ অহা বিৰাট কোহলী আৰু ফাফ ডু প্লেচিছে প্ৰথম 2 অভাৰত 30 ৰাণ সংগ্ৰহ কৰে ৷ তাৰ পিচতে বৰষুণে মেচখনত বাধাৰ সৃষ্টি কৰাত খেলখন সাময়িকভাৱে স্থগিত কৰিব লগা হৈছিল ৷ বৰষুণ অহাৰ লগে লগে অনুৰাগীসকল হতাশ হৈ পৰে আৰু তেওঁলোকে বৰষুণ বন্ধ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল ৷

আৰ চি বিৰ বিস্ফোৰক প্ৰদৰ্শন-

এই মেচখনত বিৰাট কোহলী, ফাফ ডু প্লেচিছ, ৰজত পাতিদাৰ, গ্লেন মেক্সৱেল, য়শ দয়াল সকলোৱে তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ বিৰাট কোহলীয়ে 29 টা বলত 47 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে প্লেচিছে 39 টা বলত 54 ৰাণ সংগ্ৰহ কৰে, ৰজত পাতিদাৰে 23 টা বলত 43 ৰাণ সংগ্ৰহ কৰে ৷ বলিং আক্ৰমণত গ্লেন মেক্সৱেলে প্ৰথম বলতে চি এছ কেৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডক পেভিলিয়নৰ পথ দেখুৱাইছিল ৷

য়শ দয়ালৰ নিয়ন্ত্ৰিত স্পেল-

এই হাই-ভল্টেজ মেচখনত য়শ দয়ালে নিয়ন্ত্ৰিত বলিঙেৰে মেচখন আৰ চি বিৰ হাতলৈ আনে ৷ তেওঁ 4 অভাৰত 42 ৰাণ খৰছ কৰি 2 টা উইকেট দখল কৰে ৷ প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ চি এচ কেক 1 অভাৰত 17 ৰাণৰ প্ৰয়োজন আছিল ৷ এম এছ ধোনীয়ে য়শ দয়ালৰ প্ৰথম বলত এটা ছয় মাৰিছিল ৷ তাৰ পাচৰ বলত দয়ালে মাহীক পৰৱৰ্তী বলত পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল ৷ অৱশেষত, দয়ালে সুন্দৰ বলিঙেৰে চি এছ কেক 191 ৰাণত স্তব্ধ কৰি দিয়ে ৷

বিৰাট কোহলীৰ প্লে’ অফৰ বাবে যোগ্যতা অৰ্জনৰ উদযাপন ভাইৰেল হৈ পৰিছে-

যেতিয়া আৰ চি বিয়ে চি এছ কেক 200 তকৈ কম ৰাণত ৰখাইছিল, কোহলীয়ে খেলপথাৰত অকলে গৰ্জন কৰিছিল ৷ যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে ৷ এই বিজয়ৰ পিচত তেওঁৰ উদযাপন দৰ্শনীয় আছিল যেতিয়া তেওঁৰ চকুত আনন্দৰ চকুপানী আছিল ৷ তেওঁ এইবাৰ বিশ্বকাপৰ পৰাজয়ৰ দৰে মুখত টুপীটো ৰাখিছিল কিন্তু এইবাৰ তেওঁৰ জয়ৰ আনন্দৰ চকুপানী ওলাইছিল, পৰাজয়ৰ নহয় ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় খেলপথাৰৰ ভিতৰৰ পৰা বাহিৰৰ ৰাস্তালৈ উদযাপন কৰা হৈছিল ৷ অনুৰাগীসকল নিশা তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছিল আৰু উদযাপন কৰিছিল ৷ নিশা এনে বহুতো ভিডিঅ' বেংগালুৰুৰ পৰা আহিছিল য'ত অনুৰাগীসকলে ঘৰৰ পৰা ওলাই আহি বিজয় উদযাপন কৰি আছিল ৷

লগতে পঢ়ক : ৰিয়ানৰ প্ৰদৰ্শনক লৈ উৎসাহী কুমাৰ ছাংগাক্কাৰা - IPL 2024

লগতে পঢ়ক : এল’ৰ্ডা কাপ ২০২৪ : নিখাত জাৰিন আৰু মিনাক্ষীৰ স্বৰ্ণ পদক লাভ - Elorda Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.