নেশ্যনেল ডেস্ক, 8 মাৰ্চ: বৰ্তমান যুগত কোনো মহিলা পুৰুষতকৈ কম নহয় সেয়া লাগিলে যি ক্ষেত্ৰতেই নহওক কিয় ৷ ঠিক তেনেদৰে খেলৰ ক্ষেত্ৰতো নাৰীসকল পুৰুষৰ তুলনাত কোনো কাৰণতে পিচ পৰি ৰোৱা নাই ৷ ক্ৰিকেটৰ পৰা আৰম্ভ কৰি খো খো, কাবাডী কি নেখেলে আজিৰ দিনৰ নাৰীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস সমগ্ৰ বিশ্বতে মহিলাসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰি সমাজত সমতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে উদযাপন কৰা হয় এই দিৱস ৷ আজিৰ মহিলাসকল প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি আছে, তেন্তে কাবাডীত পিছ পৰি থাকিব কিয় ? কাবাডী কেৱল পুৰুষ আৰু শক্তিশালী মানুহৰ বাবেই নহয় মহিলাৰ বাবেও ৷ কিন্তু পুৰুষৰ তুলনাত মহিলাক কাবাডী খেলা খুব কমেইহে দেখা যায় ৷ কাবাডীত নাৰীক গুৰুত্বসহকাৰে লোৱা নহয় ৷ সেয়ে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে ইটিভি ভাৰতৰ সাংবাদিক মীনাক্ষী ৰাৱে প্ৰ’ কাবাডী লীগত দাবাং দিল্লীৰ স্বত্বাধিকাৰী ৰাধা কাপুৰৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত মিলিত হয় ৷ এই কাবাডী লীগত তেওঁ একমাত্ৰ মহিলা স্বত্বাধিকাৰী যিয়ে এটি দলক ক্ৰয় কৰিছে ৷
এই সাক্ষাৎকাৰত ৰাধা কাপুৰে কয় যে, ‘কাবাডীত নাৰীক যে গুৰুত্বসহকাৰে লোৱা নহয় এনে নহয়, মাথোঁ মানি লোৱাৰ কথা ৷ আমাৰ সকলো ধৰণৰ পটভূমিৰ পৰা অহা প্ৰতিভাৱান খেলুৱৈ আছে ৷ ফ্ৰেঞ্চাইজি হিচাপে আমি লিংগক এৰি প্ৰতিভাৰ কথা কওঁ ৷
নিউয়ৰ্কৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ৰাধা কাপুৰে ৷ ইয়াৰ পিচত তেওঁ ডিজাইনৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল ৷ এইক্ষেত্ৰত উজ্জ্বল প্ৰদৰ্শন কৰাৰ পিচত তেওঁ ক্ৰীড়া ক্ষেত্ৰলৈ যাত্ৰা কৰে ৷ বিশেষকৈ মহিলা আৰু শিশুৰ মাজত প্ৰতিভাৰ সৱলীকৰণ আৰু বিকাশৰ প্ৰতি ৰাধাৰ অটল দায়ৱদ্ধতাক প্ৰতিফলিত কৰে ৷ ২০১৩ চনত মুম্বাইত তেওঁৰ কাহিনী আৰম্ভ হৈছিল ৷ সৃষ্টিশীল ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা আগ্ৰহী ব্যক্তিসকলক সবলীকৰণৰ বাবে শিক্ষা খণ্ডত এক মঞ্চ প্ৰদান কৰিছে ৷
ৰাধাই কয় যে, সেইখন ঠাই য’ত মই যুৱ ডিজাইনাৰসকলক শিক্ষা প্ৰদান কৰি আছো ৷ মোৰ বাবে এইটো এটা যথেষ্ট সাধাৰণ বিষয়বস্তু কাৰণ মোৰ মিছন সদায় যুৱ প্ৰতিভাক সবলীকৰণ আৰু আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা যোগোৱা ৷ মোৰ লক্ষ্য হৈছে প্ৰ’ কাবাডী লীগত থলুৱা ক্ৰীড়াক প্ৰচাৰ কৰা আৰু যুৱ প্ৰতিভাক উচ্চতাত উপনীত হোৱাত সহায় কৰা ৷
তেওঁ কয়, ‘মই সদায় ব্যক্তিক সবলীকৰণ আৰু সম্প্ৰদায়ক আগুৱাই নিয়াৰ বাবে ক্ৰীড়াৰ শক্তিত বিশ্বাস কৰি আহিছো ৷ বিশেষকৈ কম সুবিধাপ্ৰাপ্ত পটভূমিৰ পৰা অহাসকলৰ বাবে ৷ কাবাডী ভাৰতীয় খেল হোৱাটো ভাৰতৰ ঐতিহ্য প্ৰদৰ্শনৰ এক ডাঙৰ মঞ্চ ৷ কাবাডীক অধিক জনপ্ৰিয় কৰি তুলিবলৈ আমি কেনেকৈ এটা ডাঙৰ বিশ্ব পৰ্যায়লৈ লৈ যাব পাৰো ? আমি এই বিষয়ে চিন্তা কৰা উচিত, দেশত যথেষ্ট প্ৰতিভা আছে ৷ এতিয়া কিছুমান বিদ্যালয়ে এই খেলখনক পুনৰ গুৰুত্বসহকাৰে লৈছে ৷
ৰাধা কাপুৰে ক্ৰিকেট, বেডমিণ্টন আৰু অন্যান্য খেলতকৈ কাবাডীক বেছি গুৰুত্ব দিয়ে ৷ তেওঁ কাবাডীক মূলসুঁতিৰ ক্ৰীড়াত প্ৰায়ে আওকাণ কৰা প্ৰতিভাৱান ব্যক্তিক সুস্থিৰ কেৰিয়াৰ আৰু স্বীকৃতি প্ৰদানৰ সুযোগ হিচাপে লয় ৷
ৰাধাই আৰু কয়, ‘মই নতুন কিবা এটা কৰিব বিচাৰিছিলো, যিটোৱে পৰিৱৰ্তন আনিব পাৰে ৷ কাবাডীয়ে কেৱল এটা খেলৰ প্ৰচাৰৰ কাম কৰাই নহয়, তৃণমূল পৰ্যায়ৰ প্ৰতিভাৰ জীৱনক উন্নীত কৰাৰ সুযোগো প্ৰদান কৰিছে ৷ এই পৰ্যায়ত উপনীত হ’বলৈ কাবাডীক যথেষ্ট সহায়ৰ প্ৰয়োজন ৷ কিন্তু দলৰ মালিক হিচাপে আমি এতিয়া ব্যৱস্থাটো প্ৰস্তুত কৰিছো ৷ এতিয়া আমি প্ৰতিভাক নিখুঁত কৰি কাবাডীৰ দৰে অচিনাকি খেলত তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰিব লাগিব ৷ ইয়াৰ বাবে আমি অতি আগ্ৰহেৰে কাম কৰি আছো ৷
তেওঁ কয় যে, আমি এতিয়া মহিলাসকলক বিশেষকৈ মহিলাক কাবাডী খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাত গুৰুত্ব দিছো ৷ আমি ইয়াক এটা চাইড থিং হিচাপে আৰম্ভ কৰিব পাৰো যাতে বছৰত এবাৰহে তিনিমাহৰ বাবে খেলখন নহয় বৰঞ্চ তৃণমূল পৰ্যায়ত প্ৰাৰম্ভিক মহিলা প্ৰতিযোগিতাসমূহৰ জৰিয়তে বছৰটোৰ ভিতৰতে ইয়াক অব্যাহত ৰখা হয় আৰু তাৰ পিছত তেওঁলোকক আৰু অধিক বৃদ্ধি কৰা হয় ৷ আমাক এনে এটা দলৰ প্ৰয়োজন যিয়ে তৃণমূল পৰ্যায়লৈ গৈ যুৱ ৰেইডাৰ আৰু ডিফেণ্ডাৰক আৱিষ্কাৰ কৰিব যাতে আমি তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰিব পাৰো ৷
পুৰুষ প্ৰধান সমাজত জীয়াই থকাৰ সময়তে ৰাধা কাপুৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈও বাধা প্ৰাচীৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ লগতে নিজৰ যথেষ্ট খ্যাতি লাভ কৰিছে যদিও এতিয়া যুৱ প্ৰতিভাক আগুৱাই নিয়াৰ বাবেও তেওঁ কাম কৰি আছে ৷
লগতে পঢ়ক: ভাৰতৰ হৈ প্ৰথম অলিম্পিক বক্সিঙলৈ যোগ্যতা অৰ্জন নিশান্তৰ; পৰাস্ত শিৱ থাপা