ETV Bharat / sports

2036 চনত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক ! আই অ’ এলৈ প্ৰেৰণ বিশেষ পত্ৰ - OLYMPICS 2036

IOA sends letter to IOC: 2036 চনৰ অলিম্পিক আৰু পেৰালিম্পিক আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ ভাৰতৰ ৷ আই অ’ এলৈ প্ৰেৰণ আনুষ্ঠানিক পত্ৰ ৷

OLYMPICS 2036
অলিম্পিক আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি ভাৰতৰ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 5, 2024, 6:04 PM IST

স্প’ৰ্টছ ডেস্ক: চলিত বছৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত কৰিছিল এটি বিশেষ ঘোষণা ৷ আমেৰিকাৰ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি মোদীয়ে ভাৰতত 2036 চনত অলিম্পিক উপভোগ কৰাৰ বাবে সাজু হ’বলৈ জনাইছিল আহ্বান ৷

প্ৰধানমন্ত্ৰীৰ এই আহ্বানক আক্ষৰিক অৰ্থত পূৰণৰ দিশত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে অলিম্পিক এছ’চিয়েচন অৱ ইণ্ডিয়াই ৷ সংস্থাটোৱে ইতিমধ্যে এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীলৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ ৷

পত্ৰখনত 2036 চনত ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অৰ্থাৎ অলিম্পিক আয়োজন কৰিবলৈ আহ্বান জনোৱা হৈছে । যিটোক আনুষ্ঠানিকভাৱে অলিম্পিক আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰথম ইতিবাচক ভূমিকা বুলি গণ্য কৰা হয় ৷

OLYMPICS 2036
2036 চনৰ অলিম্পিক সন্দৰ্ভত প্ৰধানমন্ত্ৰী (ANI Photo)

এই কথা নিশ্চিত কৰিছে সংবাদ সংস্থা আই এ এন এছে ৷ সংবাদ সংস্থাটোক এক বিশেষ সূত্ৰই জনোৱা মতে, 2036 চনত দেশৰ মাটিত অলিম্পিক আৰু পেৰালিম্পিক আয়োজন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । সূত্ৰটোৱে লগতে কয় যে, এই সুযোগে ভাৰতক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে সামাজিক উন্নয়ন আৰু যুৱ সমাজক অধিক শক্তিশালী কৰি তুলিব ৷

OLYMPICS 2036
ভাৰতীয় অলিম্পিক সংগঠনৰ প্ৰতীক চিহ্ন (IANS PHOTO)

যোৱা বছৰ মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিৱেশনত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত অলিম্পিক অনুষ্ঠিত কৰাৰ উদ্দেশ্য ব্যক্ত কৰিছিল ৷ ইয়াৰ পিছত তেওঁ বহুবাৰ ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ ৰ আয়োজন কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰে ৷

চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা নতুন দিল্লীৰ বাসগৃহত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা দেশৰ খেলুৱৈসকলক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । তাত তেওঁ কৈছিল যে, "ভাৰতে 2036 চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাইছে । গতিকে পেৰিছত অংশগ্ৰহণ কৰা সকলো খেলুৱৈৰ উল্লেখযোগ্য অৱদান অতি গুৰুত্বপূৰ্ণ । আপোনালোকে নিঃসন্দেহে বহু কথা শিকিছে আৰু অভিজ্ঞতা সঞ্চয় কৰিছে । সেয়া নিশ্চিত কৰিবলৈ আপোনাৰ অভিজ্ঞতা চৰকাৰৰ বাবে সৰ্বোচ্চ ৷ 2036 চনৰ অলিম্পিকত কোনো ত্ৰুটি নাই, ই অতিকৈ মূল্যৱান” ৷

OLYMPICS 2036
ভাৰতীয় এথলীটসকলৰ একাংশ (ANI PHOTO)

পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কৰ নাছাউ কলিজিয়ামত প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি কয়, "পেৰিছ অলিম্পিক কেইদিনমানৰ আগতে শেষ হৈছে । ভাৰতৰ মাটিত অলিম্পিক উপভোগ কৰিবলৈ সোনকালে সাজু হওক" ৷

ইয়াৰ পিছত অলিম্পিকৰ শাসকীয় সংস্থালৈ প্ৰেৰণ কৰা বিশেষ পত্ৰখন নিঃসন্দেহে এক আদৰ্শগত পদক্ষেপ ।

জানিব পৰা মতে, 1 অক্টোবৰত ভাৰতে এই চিঠিখন আই অ’ চিলৈ প্ৰেৰণ কৰিছিল ৷ ভাৰতৰ উপৰিও মেক্সিকো, পোলেণ্ড, ইজিপ্ত, দক্ষিণ কোৰিয়া, তুৰস্ক, ইণ্ডোনেছিয়া আদি দেশসমূহেও ইতিমধ্যে 2036 চনৰ অলিম্পিক আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: 2036 চনত অলিম্পিক অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON 2036 OLYMPICS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.