ETV Bharat / sports

পেৰিছ অলিম্পিকৰ বাবে ১৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা: দলৰ দায়িত্বত হৰমনপ্ৰীত সিং - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:59 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকৰ বাবে ১৬ জনীয়া ভাৰতৰ পুৰুষ হকী দলৰ ঘোষণা । ভাৰতীয় দলৰ ৫ জন খেলুৱৈয়ে অলিম্পিকত অত্মপ্ৰকাশৰ বাবে সাজু হোৱা দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত সিঙে ৷ পি আৰ শ্ৰীজেশ হ’ব একমাত্ৰ গ’লৰক্ষক ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024
পেৰিছ অলিম্পিকৰ বাবে ১৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা (India at Paris 2024 Olympics Twitter Account)

স্প’ৰ্টছ ডেস্ক, ২৬ জুন: অহা মাহত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিবলগীয়া ১৬ জনীয়া ভাৰতীয় পুৰুষ হকী দলটো বুধবাৰে হকী ইণ্ডিয়াই ঘোষণা কৰে ৷ ভাৰতীয় দলটোৰ নেতৃত্ব দিব প্ৰবীণ ড্ৰেগ-ফ্লিকাৰ তথা ডিফেণ্ডাৰ হৰমনপ্ৰীত সিং আৰু উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শক্তিশালী মিডফিল্ডাৰ হাৰ্দিক সিঙক । ভাৰতীয় দলৰ ৫ জন খেলুৱৈয়ে অলিম্পিকত অভিষেক ঘটোৱা লগতে পূৰ্বৰ একাংশ জ্যেষ্ঠ খেলুৱৈকো দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ৷

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাৰতীয় দলৰ আটাইতকৈ কম বয়সীয়া সদস্য হিচাপে অভিষেক ঘটাই ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ত দলটোক অৰিহণা যোগোৱা হৰমনপ্ৰীতে কেৰিয়াৰৰ তৃতীয়খন অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । এই দলটোত অভিজ্ঞ গ’লৰক্ষক পি আৰ শ্ৰীজেশ আৰু মিডফিল্ডাৰ মনপ্ৰীত সিঙো আছে ৷ দুয়োজনে নিজৰ কেৰিয়াৰৰ চতুৰ্থখন অলিম্পিকত অংশ ল’ব । ডিফেন্সত আছে হৰমনপ্ৰীত সিং, জৰমনপ্ৰীত সিং, অমিত ৰোহিদাস, সুমিত আৰু সঞ্জয় ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক টেনিছৰ বাবে যোগ্যতা অৰ্জন ৰোহণ বোপান্না-সুমিত নাগালৰ - Paris Olympics 2024

ইফালে মিডফিল্ডত দেখা যাব ৰাজ কুমাৰ পাল, চমচেৰ সিং , মনপ্ৰীত সিং, হাৰ্দিক সিং আৰু বিবেক সাগৰ প্ৰসাদক ৷ ফৰৱাৰ্ড লাইনত থাকিব অভিষেক, সুখজিৎ সিং, ললিত কুমাৰ উপাধ্যায়, মনদ্বীপ সিং আৰু গুৰজন্ত সিঙৰ দৰে সুদক্ষ খেলুৱৈ ৷ ইয়াৰ উপৰিও গ’লৰক্ষকৰ দায়িত্বত কৃষ্ণ বাহাদুৰ পাঠক, মিডফিল্ডাৰ নীলকান্ত শৰ্মা আৰু ডিফেণ্ডাৰ জুগ্ৰাজ সিঙক বিকল্প খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

পেৰিছত অলিম্পিকত অভিষেক ঘটাবলৈ সাজু হোৱা পাঁচগৰাকী খেলুৱৈ হৈছে জৰমনপ্ৰীত সিং, সঞ্জয়, ৰাজ কুমাৰ পাল, অভিষেক আৰু সুখজিৎ সিং । মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয় যে, "আমাৰ খেলুৱৈসকলৰ মাজত থকা প্ৰতিভাৰ বাবে পেৰিছ অলিম্পিক দলৰ নিৰ্বাচন প্ৰক্ৰিয়া অত্যন্ত প্ৰতিযোগিতামূলক আছিল, অৱশ্যে মই নিশ্চিত যে নিৰ্বাচিত প্ৰতিজন খেলুৱৈয়ে পেৰিছত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব । প্ৰতিজন খেলুৱৈয়ে আমাৰ কঠোৰ প্ৰস্তুতিৰ সময়ত ব্যতিক্ৰমী দক্ষতা, নিষ্ঠা আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে । আমাৰ এই যাত্ৰাত উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতা আৰু ভাৰতীয় হকীক বিশ্ব মঞ্চলৈ উন্নীত কৰাৰ এক সামূহিক প্ৰচেষ্টাৰে চিহ্নিত কৰা হৈছে । এই দলটো অভিজ্ঞ খেলুৱৈ আৰু আশাব্যঞ্জক যুৱ প্ৰতিভাৰ এক নিখুঁত মিশ্ৰণ, যিয়ে আমাক আগন্তুক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰতিভা প্ৰদান কৰে । আমাৰ মনোযোগ এনে এক ঐক্যবদ্ধ দল গঢ়াতেই হৈ আহিছে ।"

লগতে পঢ়ক: বক্সিং বিশ্ব কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অংকুশিতা বড়ো, ৰাউণ্ড 16 ত প্ৰৱেশ অৰুন্ধতী চৌধুৰীৰ - Boxing World Qualifiers

পেৰিছ অলিম্পিক ২০২৪ ত ভাৰতক ডিফেণ্ডিং চেম্পিয়ন বেলজিয়াম, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, নিউজিলেণ্ড আৰু আয়াৰলেণ্ডৰ সৈতে পুল বিত স্থান দিয়া হৈছে । কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ দলটোৱে নিজৰ পুলত শীৰ্ষ চাৰিটা স্থান দখল কৰিব লাগিব । পুল এত আছে নেদাৰলেণ্ড, জাৰ্মানী, গ্ৰেট ব্ৰিটেইন, স্পেইন, দক্ষিণ আফ্ৰিকা আৰু আয়োজক দেশ ফ্ৰান্স ।

২৭ জুলাইত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব, তাৰ পিচত ২৯ জুলাইত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব । ৩০ জুলাই আৰু ১ আগষ্টত ভাৰতীয় দলটোৱে ক্ৰমে আয়াৰলেণ্ড আৰু বেলজিয়ামৰ বিৰুদ্ধে খেলিব ৷ আনহাতে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল ২ আগষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’ব ।

ভাৰতীয় পুৰুষ দলটোৰ অলিম্পিকৰ এক সুন্দৰ ইতিহাস আছে ৷ ৮টা সোণ, ১টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদককে ধৰি ভাৰতে মুঠা ১২টা অলিম্পিক পদক লাভ কৰিছে ৷ হৰমনপ্ৰীত নেতৃত্বত দলটোৱে পদকৰ সংখ্যাত আৰু এটা পদক সংযোজন কৰাৰ লক্ষ্য ৰাখিব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকলৈ লাভলীনা : দ্বিতীয়বাৰলৈ অলিম্পিক পদক অৰ্জনৰ সপোন অসমকন্যাৰ দুচকুত - paris olympics 2024

পেৰিছ অলিম্পিক ২০২৪ৰ ভাৰতীয় পুৰুষ হকী দল:

গ’লৰক্ষক: শ্ৰীজেশ পৰট্টু ৰবিন্দ্ৰন

ডিফেণ্ডাৰ : জৰমনপ্ৰীত সিং, অমিত ৰোহিদাস, হৰমনপ্ৰীত সিং, সুমিত, সঞ্জয়

মিডফিল্ডাৰ : ৰাজকুমাৰ পাল, চমচেৰ সিং, মনপ্ৰীত সিং, হাৰ্দিক সিং, বিবেক সাগৰ প্ৰসাদ

ফৰৱাৰ্ড : অভিষেক, সুখজিৎ সিং, ললিত কুমাৰ উপাধ্যায়, মনদ্বীপ সিং, গুৰজন্ত সিং

লগতে পঢ়ক: পেৰিছ অলিম্পিক, অশ্বাৰোহী শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অনুষ আগৰৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.