ETV Bharat / sports

দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ, মুখামুখি হ’ব চীনৰ - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 5:57 PM IST

India vs South Korea 2nd Semifinal: ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় হকী দলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই উপনীত হৈছে ফাইনেলত ৷ ছেমি ফাইনেলত দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰে ।

ASIAN HOCKEY CHAMPIONS TROPHY 2024
ভাৰতীয় হকী দল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ৰ দ্বিতীয়খন ছেমি ফাইনেল সোমবাৰে অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত ৷ এই ৰোমাঞ্চকৰ খেলখনত বিশ্বৰ পঞ্চম স্থানত থকা ভাৰতে 14 নং স্থানৰ দল দক্ষিণ কোৰিয়াক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰৱেশ কৰে ফাইনেলত ।

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া খিতাপ দখলৰ যুঁজত ভাৰতে মুখামুখি হ’ব আয়োজক দেশ চীনৰ ৷ ছেমি ফাইনেলৰ প্ৰথমখন মেচত চীনে পাকিস্তানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ৷

দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ হৈ উত্তম সিং (13 মিনিট), হৰমনপ্ৰীত সিং (19 আৰু 45 মিনিট) আৰু জৰ্মানপ্ৰীত সিঙে (32 মিনিট) ত গ’ল প্ৰদান কৰে ৷ দক্ষিণ কোৰিয়াৰ হৈ ইয়াং জিহুনে (33 মিনিট) ত একমাত্ৰ গ’লটো দিয়ে ।

ভাৰতে দক্ষিণ কোৰিয়াক 4-1 গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত অব্যাহত ৰাখিছে জয়ৰ ধাৰা ৷ বৰ্তমানলৈকে ভাৰতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 5 খন মেচৰ আটাইকেইখনতে জয় লাভ কৰিছে ৷

ভাৰতৰ দ্ৰুত আৰম্ভণি

এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ছেমি ফাইনেলত আগ্ৰাসী ৰূপ ধাৰণ কৰে ৷ ভাৰতে কোৰিয়াৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰে ৷ প্ৰত্যুত্তৰত কোৰিয়ায়ো এই আক্ৰমণ প্ৰতিৰোধৰ বাবে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয় ৷

ভাৰতৰ হৈ মেচৰ 13 মিনিটত তাৰকা খেলুৱৈ উত্তম সিঙে কোৰিয়াৰ বেহু ভাঙি প্ৰথমটো গ’ল প্ৰদান কৰি দলটোক 1-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

হাফটাইমত ভাৰতৰ 2-0 ত অগ্ৰগতি

মেচৰ 19 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, য’ত পূৰ্ণ সুযোগ উঠাই ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে গ’ল প্ৰদান কৰে ৷ এই সময়ছোৱাত কোৰিয়াৰ দলটোৱে বহু সুযোগ লাভ কৰে যদিও গ’ল প্ৰদানত ব্যৰ্থ হোৱা দেখা যায় ৷

দ্বিতীয় কোৱাৰ্টাৰত অধিনায়কগৰাকীৰ আন এক গ’লে ভাৰতক হাফটাইমলৈ 2-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

তৃতীয় কোৱাৰ্টাৰ আছিল ৰোমাঞ্চকৰ

ভাৰত আৰু কোৰিয়াৰ মাজত খেলা এই মেচখনৰ তৃতীয় কোৱাৰ্টাৰ অতি ৰোমাঞ্চকৰ আছিল । এই কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত চলিছিল তুমুল প্ৰতিযোগিতা ৷ ভাৰতীয় দলৰ তাৰকা খেলুৱৈ জৰ্মানপ্ৰীত সিঙে 32 মিনিটত এক ফিল্ড গ’ল প্ৰদান কৰি ভাৰতৰ অগ্ৰগতি 3-0 লৈ বৃদ্ধি কৰে ।

কিন্তু, ঠিক পিছৰ মিনিটত কোৰিয়াই পেনাল্টি কৰ্ণাৰ লাভ কৰে, য’ৰ সুযোগ উঠাই ইয়াং জিহুনে প্ৰদান কৰে একমাত্ৰ গ’লটো ৷ মেচৰ 45 মিনিটত কোৰিয়াৰ গ’লৰক্ষকগৰাকীক হালধীয়া কাৰ্ড দিয়াৰ পাছত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷ তাৰপিছতে ভাৰতৰ ‘সৰপঞ্চ’ খ্যাত হৰমনপ্ৰীত সিঙে এক গ’ল প্ৰদান কৰি ভাৰতক 4-1 গ’লত জয়ৰ সোৱাদ দিয়ে ৷

লগতে পঢ়ক: চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে 2-1 গ’লত বিজয়ী ভাৰত - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.