ETV Bharat / sports

ক্ৰিকেট এৰি ৰাজনীতিৰ পিটছত ভাগ্য পৰীক্ষা কৰা ৰথী-মহাৰথীসকল - CRICKETERS WHO TURNED POLITICIANS - CRICKETERS WHO TURNED POLITICIANS

Indian cricketers who have entered politics: এনেকুৱা বহুকেইগৰাকী তাৰকা আছে, যিয়ে ক্ৰিকেটক বিদায় জনোৱাৰ পিছত প্ৰৱেশ কৰিছিল সক্ৰিয় ৰাজনীতিত ৷ অধিকাংশ ক্ৰিকেটাৰে ৰাজনীতিৰ ক্ষেত্ৰতো আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে একাংশ হৈছিল বিফল ৷ এই সন্দৰ্ভত প্ৰস্তুত কৰা বিশেষ প্ৰতিবেদন ৷

CRICKETERS WHO TURNED POLITICIANS
ভাৰতীয় ক্ৰিকেট দলৰ সৈতে গৌতম গম্ভীৰ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 6:55 PM IST

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: সুদীৰ্ঘ দশক ধৰি দেশৰ হকে খেলা ক্ৰিকেটাৰসকলে কেৰিয়াৰৰ পৰা বিদায় লোৱাৰ পিছতে যোগদান কৰে ৰাজনীতিত ৷ ক্ৰিকেটৰ দৰেই ৰাজনীতিৰ পিটছতো কৰা ভাগ্য পৰীক্ষাত বহুকেইগৰাকী ক্ৰিকেটাৰ সফল হোৱাৰ বিপৰীতে আন একাংশই খায় মুখথেকেচা ৷

এই প্ৰতিবেদনৰ জৰিয়তে আমি এনে কেইগৰাকীমান ক্ৰিকেটাৰৰ কথা উল্লেখ কৰিব বিচাৰিছো, যিয়ে ৰাজনৈতিক ক্ষেত্ৰতো সফলতাৰে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৷ তেনে কেইগৰাকীমান ক্ৰিকেটাৰ হৈছে-

  1. গৌতম গম্ভীৰ: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ক্ৰিকেটৰ সমানে সমানে ৰাজনীতিতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গম্ভীৰে ক্ৰিকেট খেলপথাৰ এৰি 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ কৰি নিৰ্বাচনত জয়ী হৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে । তেওঁ পূৱ দিল্লীৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । সম্প্ৰতি প্ৰাক্তন সাংসদ তথা ক্ৰিকেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰি আছে ৷
    CRICKETERS WHO TURNED POLITICIANS
    গৌতম গম্ভীৰ (IANS PHOTO)
  2. হৰভজন সিং: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অফ স্পিনাৰ আৰু টাৰ্মিনেটৰ হিচাপে বিখ্যাত হৰভজন সিঙেও ৰাজনীতিৰ পিটছত সফলতাৰ পতাকা উত্তোলন কৰিছে । হৰভজনে 2022 চনত আম আদমী পাৰ্টীৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । তেতিয়াৰ পৰা সিঙে ৰাজনীতিৰ সৈতে জড়িত হৈ আছে ।
    CRICKETERS WHO TURNED POLITICIANS
    হৰভজন সিং (IANS PHOTO)
  3. নৱজ্যোত সিং সিদ্ধু: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুৱেও ৰাজনীতিৰ পিটছত নিজৰ আধিপত্য বিস্তাৰ কৰা দেখা গৈছে । তেওঁ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ হৈ কাম কৰিছে । 2004 আৰু 2009 চনত বিজেপিৰ হৈ অমৃতসৰৰ পৰা লোকসভাৰ নিৰ্বাচনত জয়ী হোৱা সাংসদগৰাকীয়ে বৰ্তমান কংগ্ৰেছৰ হৈ পঞ্জাৱৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷
    CRICKETERS WHO TURNED POLITICIANS
    নৱজ্যোত সিং সিদ্ধু (IANS PHOTO)
  4. মহম্মদ কাঈফ: টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাষ্যকাৰ মহম্মদ কাঈফেও ৰাজনীতিত ভাগ্য পৰীক্ষা কৰিছে । ক্ৰিকেটাৰজনে 2014 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । তেওঁ উত্তৰ প্ৰদেশৰ ফুলপুৰ আসনৰ পৰা নিৰ্বাচন খেলি পৰাজিত হৈছিল ।
    CRICKETERS WHO TURNED POLITICIANS
    মহম্মদ কাঈফ (IANS PHOTO)
  5. এছ শ্ৰীশান্ত: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা 2007 আৰু 2011 চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য এছ শ্ৰীশান্তেও ৰাজনীতিৰ পিটছত কৰিছে ভাগ্য পৰীক্ষা । আই পি এলত ফিক্সিঙৰ অভিযোগৰ বাবে কেৰিয়াৰৰ সমাপ্তি ঘটিছিল এইগৰাকী ক্ৰিকেটাৰৰ । 2016 চনত শ্ৰীশান্তে বিজেপিৰ হৈ কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিছিল ।
    CRICKETERS WHO TURNED POLITICIANS
    এছ শ্ৰীশান্ত (IANS PHOTO)
  6. মহম্মদ আজহাৰউদ্দিন: ফিক্সিঙৰ বাবে নিষিদ্ধ হোৱা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনেও প্ৰৱেশ কৰিছিল ৰাজনীতিত ৷ তেওঁ 2009 চনত কংগ্ৰেছৰ টিকটত মোৰাদাবাদৰ পৰা নিৰ্বাচন খেলি জয় লাভ কৰিছিল । ইয়াৰ পিছত তেওঁ 2014 চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল ।
    CRICKETERS WHO TURNED POLITICIANS
    মহম্মদ আজহাৰউদ্দিন (IANS PHOTO)
  7. কীৰ্তি আজাদ: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা 1983 চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য কীৰ্তি আজাদেও ৰাজনীতিত সুনাম অৰ্জন কৰিছে । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাগৱত ঝা আজাদেও তেওঁৰ পিতৃৰ দৰে ভাৰতীয় জনতা পাৰ্টীৰ হৈ দাৰভাংগা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ আজাদে তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । পৰৱৰ্তী সময়ত তেওঁ 2019 চনত কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলে ৷ সম্প্ৰতি তৃণমূল কংগ্ৰেছৰ অংশ হিচাপে আজাদে কাৰ্যনিৰ্বাহ কৰি আছে ।
    CRICKETERS WHO TURNED POLITICIANS
    কীৰ্তি আজাদ (IANS PHOTO)
  8. চেতন শৰ্মা: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন দ্ৰুত বলাৰ তথা টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক চেতন শৰ্মায়ো অংশগ্ৰহণ কৰিছে ৰাজনীতিত ৷ তেওঁ 2009 চনৰ লোকসভা নিৰ্বাচনত ফৰিদাবাদৰ পৰা বহুজন সমাজ পাৰ্টীৰ আসনত নিৰ্বাচন খেলি পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷
    CRICKETERS WHO TURNED POLITICIANS
    চেতন শৰ্মা (IANS PHOTO)
  9. মনোজ তিৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন মনোজ তিৱাৰীয়ে ৰাজনীতিত ইতিমধ্যে ভাগ্য পৰীক্ষা কৰিছে । তেওঁ 2021 চনত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁক শিৱপুৰ আসনৰ পৰা তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । মনোজে এই নিৰ্বাচনত জয়লাভ কৰি পশ্চিমবংগ চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল ।
    CRICKETERS WHO TURNED POLITICIANS
    মনোজ তিৱাৰী (IANS PHOTO)
  10. বিনোদ কাম্বলী: টীম ইণ্ডিয়াৰ প্ৰাক্তন অপেনাৰ তথা শচীন তেণ্ডুলকাৰৰ বন্ধু বিনোদ কাম্বলীয়েও ৰাজনীতিৰ পথাৰত অৱতৰণ কৰিছে । তেওঁ 2009 চনত লোক ভাৰতী পাৰ্টীৰ টিকটত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়ৰ সন্মুখীন হয় ৷
    CRICKETERS WHO TURNED POLITICIANS
    তেণ্ডুলকাৰৰ সৈতে বিনোদ কাম্বলী (IANS PHOTO)

লগতে পঢ়ক: ৰিয়ান পৰাগৰ কেৰিয়াৰত আছে এইকেইগৰাকী ক্ৰিকেটাৰৰ অৱদান: সাক্ষাৎকাৰত কৰিলে প্ৰকাশ - RIYAN PARAG ON INDIAN CRICKETERS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.