ETV Bharat / sports

2024 চনত অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলৰ তালিকা... - CRICKETERS WHO RETIRED IN 2024

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 7:28 PM IST

Indian cricketers: চলিত বৰ্ষত বহুকেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে চিৰবিদায় জনাইছে ক্ৰিকেটক ৷ আপোনালোকক এনে 5 গৰাকী ক্ৰিকেটাৰৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে এইবছৰ ক্ৰিকেটক বিদায় জনাইছে । পঢ়ক বিতং খবৰ...

CRICKETERS WHO RETIRED IN 2024
অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্ৰিকেটাৰসকল (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: 2024 বৰ্ষটো অন্যান্য বছৰসমূহৰ তুলনাত ভাৰতীয় ক্ৰিকেটৰ বাবে আশাপ্ৰদ বছৰ আছিল । এই বছৰতে টীম ইণ্ডিয়াই সুদীৰ্ঘ 17 বছৰৰ পিছত টি-20 বিশ্বকাপৰ খিতাপ জিকিছিল ।

কিন্তু 2024 চনত ভাৰতৰ বহুকেইগৰাকী তাৰকা ক্ৰিকেটাৰে ক্ৰিকেটক জনাই চিৰবিদায় । গতিকে আপোনালোকক এনে 5 গৰাকী ক্ৰিকেটাৰৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে এইবছৰ ক্ৰিকেটক বিদায় জনাইছে ।

  1. শিখৰ ধৱন: ভাৰতৰ তাৰকা অপেনিং বেটছমেন শিখৰ ধৱনে 2024 চনৰ 24 আগষ্টত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেওঁ ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-20 ৰ সকলো ফৰ্মেটতে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে । তেওঁ দেশৰ হকে বিশ্বকাপকে ধৰি বহুতো আই চি চি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে ।
  2. দীনেশ কাৰ্তিক: ভাৰতৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকেও এই বছৰ ক্ৰিকেটক বিদায় জনাইছে । কাৰ্তিকে 1 জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায় । কাৰ্তিকে ভাৰতৰ হৈ বহুসময়ত স্মৰণীয় ইনিংছ খেলিছে । তেওঁ ভাৰতৰ হৈ 26 খন টেষ্ট আৰু 92 খন এদিনীয়া খেলৰ লগতে 60 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷
  3. কেদাৰ যাদৱ: টীম ইণ্ডিয়াৰ হৈ ফিনিচাৰৰ ভূমিকা পালন কৰা কেদাৰ যাদৱেও এই বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । কেদাৰে 3 জুনত অৱসৰ গ্ৰহণ কৰিছিল । তেওঁ ভাৰতৰ হৈ 73 খন এদিনীয়া আৰু 9 খন টি-20 খেল খেলিছে । ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়াত 1,389 ৰাণ আৰু টি-20 ত 122 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰোপৰি, এদিনীয়া ক্ৰিকেটতো তেওঁ 27 টা উইকেট দখল কৰিছে ৷
  4. বৰুণ এৰন: নিজস্ব শৈলীৰে ভাৰতৰ হৈ সংবাদ শিৰোনাম দখল কৰা আৰু দ্ৰুতগতিত বেটছমেনসকলক বলেৰে আঘাত কৰা ফাষ্ট বলাৰ বৰুণ এৰনেও 2024 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । এৰনে ফেব্ৰুৱাৰীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল । তেওঁৰ কৰ্মজীৱনত কেইবাবাৰো গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁৰ কেৰিয়াৰ দীঘলীয়া কৰিব পৰা নাছিল । বৰুণে ভাৰতৰ হৈ 9 খন টেষ্টত 18 টা, 9 খন এদিনীয়াত 11 টা উইকেট দখল কৰিছে ।
  5. সৌৰভ তিৱাৰী: আই পি এলত চৰ্চালৈ অহা সৌৰভ তিৱাৰীক টীম ইণ্ডিয়াত এজন বিস্ফোৰক বেটছমেন হিচাপে দেখা গৈছিল ৷ কিন্তু তেওঁ কেৰিয়াৰত আগবঢ়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান আহি পৰিছিল ৷ তেওঁ ভাৰতৰ হৈ 3 খন এদিনীয়াত মাত্ৰ 49 ৰাণ সংগ্ৰহ কৰিছিল । 2010 চনৰ অক্টোবৰত তেওঁ বিশাখাপত্তনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচত আত্মপ্ৰকাশ কৰে । তেওঁ 12 ফেব্ৰুৱাৰীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল ।

ভাৰতৰ ক্ৰিকেটাৰসকলে আগতে অৱসৰ লৈছিল, তাৰ পিছত তেওঁলোকে বিদায়ী মেচ খেলিবলৈ সুযোগ পাইছিল । এতিয়া এনেকুৱা এটা সময় আহিছে যে, বিখ্যাত তাৰকা ক্ৰিকেটাৰসকলেও অৱসৰৰ আগতে বিদায়ী মেচ খেলিবলৈ সুযোগ নাপায় । এনে ক্ৰিকেটাৰসকলৰ ভিতৰত গৌতম গম্ভীৰ, যুৱৰাজ সিঙৰ দৰে নামজ্বলা খেলুৱৈসকল আছে ।

এই তালিকাত আছে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাৰ নাম

ইয়াৰ লগতে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ৰোহিত আৰু কোহলীয়ে 29 জুনত টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ আনহাতে, ৰবীন্দ্ৰ জাদেজাই 30 জুনত অৱসৰ ঘোষণা কৰে । এই তিনিজন ক্ৰিকেটাৰে টি-20 বিশ্বকাপ 2024 ৰ খিতাপ জয় কৰি টি-20 ক্ৰিকেটৰ পৰা বিদায় লৈছিল ।

লগতে পঢ়ক: আন্তৰ্জাতিক তথা ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ - Shikhar Dhawan Announces Retirement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.