ETV Bharat / sports

আই চি চি ৰ নতুন অধ্যক্ষ জয় শ্বাহ: ভাৰতীয় ক্ৰিকেটাৰসকলে জনালে শুভকামনা - ICC CHAIRMAN JAY SHAH

author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 1:52 PM IST

Updated : Aug 28, 2024, 2:16 PM IST

Hardik Pandya and Gautam Gambhir congratulated Jay Shah: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ লগতে অন্যান্য ভাৰতীয় ক্ৰিকেটাৰসকলে জয় শ্বাহক নতুন দায়িত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ আই চি চি ৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে জয় শ্বাহক ৷

Hardik Pandya and Gautam Gambhir congratulated Jay Shah
নতুন অধ্যক্ষ জয় শ্বাহক শুভেচ্ছা জনালে ভাৰতীয় ক্ৰিকেটাৰসকলে (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: টীম ইণ্ডিয়াৰ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই সামাজিক মাধ্যমত পোষ্ট কৰি বি চি চি আইৰ সচিব জয় শ্বাহক তেওঁক অৰ্পণ কৰা নতুন দায়িত্বৰ বাব অভিনন্দন জ্ঞাপন কৰে । শ্বাহক নিৰ্বাচিত কৰা হৈছে আই চি চিৰ অধ্যক্ষ হিচাপে ৷ হাৰ্দিক আৰু গম্ভীৰৰ উপৰিও আন আন ক্ৰিকেটাৰসকলেও তেওঁক আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় ।

উল্লেখ্য যে, জয় শ্বাহ মঙলবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ(আই চি চি) অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ।

গম্ভীৰে জনালে অভিনন্দন

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে জয় শ্বাহক অভিনন্দন জনাই সামাজিক লিখিছিল এনেদৰে, "বহুত অভিনন্দন, জয় শ্বাহ ভাই ! মই জানো যে আপোনাৰ ব্যতিক্ৰমী নেতৃত্বত বিশ্ব ক্ৰিকেটে যথেষ্ট পৰিসৰ লাভ কৰিব" ৷

হাৰ্দিক পাণ্ডিয়াৰ বৃহৎ মন্তব্য

"আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ(আই চি চি) কনিষ্ঠতম অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন । ক্ৰিকেটক সফলতাৰ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ বাবে অপেক্ষা কৰি আছো জয় শ্বাহ ভাই । আপোনাৰ দূৰদৰ্শিতা আৰু অনুপ্ৰেৰণাই আই চি চিক সহায় কৰিব, ঠিক বি চি চি আইৰ দৰে" ৷

হৰভজন সিঙেও শ্বাহক জনালে অভিনন্দন

"বি চি চি আইৰ সচিব জয় শ্বাহক #NAME অভিনন্দন ! আই চি চিৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাবে । মই নিশ্চিত যে ভাৰতীয় ক্ৰিকেট চম্ভালিবলৈ আপোনাৰ অভিজ্ঞতাৰ দ্বাৰা আই চি চি উপকৃত হ'ব । আপোনাৰ নেতৃত্বই বিশ্ব ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যাব । মোৰ শুভকামনা" ৷

কে এল ৰাহুলেও জনালে শুভেচ্ছা

কে এল ৰাহুলেও সামাজিক মাধ্যমত লিখিছিল এনেদৰে, "অভিনন্দন জয় শ্বাহ ভাই । আপোনাৰ অবিশ্বাস্য দৃষ্টিভংগী আৰু নেতৃত্বৰ গুণাগুণে নিঃসন্দেহে ক্ৰিকেটক বিশ্বব্যাপী নতুন উচ্চতালৈ লৈ যাব" ৷

লগতে পঢ়ক: বি চি চি আইৰ পৰা আই চি চিলৈ যাত্ৰা: আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহ - ICC Chairman Jay Shah

Last Updated : Aug 28, 2024, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.