ETV Bharat / sports

আমৰ আচাৰ নে পইতাচোৰা: তাৰকা ক্ৰিকেটাৰ বিৰাটৰ খাদ্যত এয়া কি - VIRAT KOHLI MALAYSIA TRIP

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 2:29 PM IST

Virat kohli diet: মালয়েছিয়া ভ্ৰমণলৈ গৈ লটিঘটি তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ ৷ সাধাৰণতে ষ্ট্ৰীটফুড অথবা জাংকফুড গ্ৰহণৰ পৰা সততে বিৰত থকা বিৰাটৰ খাদ্যত ওলাল পইতাচোৰা ৷ চাওক ক’ত ঘটিল এই ঘটনা...

VIRAT KOHLI MALAYSIA TRIP
ক্ৰিকেটাৰ বিৰাট কোহলী (IANS and Getty Image)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: সাধাৰণতে খাদ্যৰ ক্ষেত্ৰত সদা সচেতন বুলি নামেই আছে ভাৰতীয় ক্ৰিকেটা তাৰকা বিৰাট কোহলীৰ ৷ দৈনন্দিন ঘণ্টাৰ পিছত ঘণ্টা ধৰি জিমত সময় পাৰ কৰা বিৰাটৰ খাদ্যাভ্যাসৰ তালিকাও সুকীয়া ৷ ভজা-পোৰা খাদ্যৰ সলনি বিৰাটে পছন্দ কৰে সতেজ ফলমূল আৰু ফলৰ ৰস ৷

বিৰাটৰ ফিটনেছক লৈ সদায়ে আকৰ্ষিত হৈ আছে যুৱপ্ৰজন্ম ৷ পিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে খাদ্যক লৈ ইমান সচেতন হোৱাৰ পিছতো তেওঁৰ খাদ্যতে ওলাল পইতাচোৰা ৷ ক্ৰিকেটাৰগৰাকীয়ে নিজ মুখে প্ৰকাশ কৰিছে এই কথা ৷ অৱশ্য়ে এই ঘটনা সংঘটিত হৈছে মালয়েছিয়া ভ্ৰমণৰ সময়ত ৷

আই চি চি টি-20 বিশ্বকাপ 2024 জয় কৰাৰ পিছত টি-20 ক্ৰিকেটক বিদায় জনোৱা বিৰাট কোহলীয়ে সম্প্ৰতি ঘৰুৱা খেলপথাৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি চলাই আছে । কাৰ্যসূচী অনুসৰি, দুখন মেচৰ এই শৃংখলা 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হ’ব ৷ তাৰ পৰিপ্ৰেক্ষিতত চেন্নাইত উপস্থিত হৈছে ঘৰুৱা দলটো ৷

এই শৃংখলাৰ পূৰ্বে তাৰকা ক্ৰিকেটাৰগৰাকীৰ সন্দৰ্ভত কিছু আমোদজনক তথ্য প্ৰকাশ কৰিব বিচাৰিছো ৷ যিবোৰ হয়তো বহুলোকেই নাজানে ৷ তাৰ ভিতৰত এবাৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে 2016 চনত মালয়েছিয়া ভ্ৰমণ কৰাৰ সময়তে তেওঁৰ খাদ্যত পোৱা গৈছিল পইতাচোৰা ৷ ক্ৰিকেটাৰগৰাকীয়ে খাদ্য গ্ৰহণ কৰিবলৈ ধৰোতে এই কথা ধৰা পৰে ৷

কোহলীৰ খাদ্যত কেনেকৈ ওলাল পইতাচোৰা

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে 2016 চনতে ঘটা এই ঘটনাটোৰ বিষয়ে নিজমুখে সদৰী কৰিছিল ৷ এক জনপ্ৰিয় কাপোৰৰ ব্ৰেণ্ড 'ৱ্ৰোগন'ৰ মুকলিৰ সময়ত এই আমোদজনক ঘটনাটো সংঘটিত হোৱাৰ কথা উপস্থিত ৰাইজৰ আগত বৰ্ণনা কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ।

কোহলীয়ে মালয়েছিয়া ভ্ৰমণলৈ যাওতে এই অবাঞ্চিত ঘটনাৰ সন্মুখীন হৈছিল ৷ এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত কোহলীয়ে আমৰ আচাৰ বুলি ভাবি পইতাচোৰা গ্ৰহণ কৰিবলৈ ওলাইছিল । তেতিয়াই হোটেলৰ এজন কৰ্মচাৰীয়ে তাত উপস্থিত হৈ বিৰাটক বাধা প্ৰদান কৰে ৷ পিছে তেতিয়ালৈকে ক্ৰিকেটাৰগৰাকীয়ে পইতাচোৰাটোকে আমৰ আচাৰ বুলি ভাবি আছিল ৷

সকলোৱে ভাবি আচৰিত হ’ব যে, বিৰাটৰ দৰে খাদ্যৰ প্ৰতি সদা সচেতন এগৰাকী খেলুৱৈৰ ক্ষেত্ৰতো এনে হ’ব পাৰে নেকি ! পিছে কথাতে আছে নহয়, হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও, কথাটো তেনেকুৱাই ৷ ভুলতে সাধাৰণ লোক বুলিয়েই নহয়, নামী-দামী তাৰকাৰ ক্ষেত্ৰতো ঘটিব পাৰে এনেধৰণৰ ঘটনা ৷

লগতে পঢ়ক: বাংলাদেশক ধূলিস্যাৎ কৰাৰ লক্ষ্যৰে চেন্নাইত উপস্থিত টীম ইণ্ডিয়া - INDIA VS BANGLADESH TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.