ETV Bharat / sports

ইনষ্টাগ্ৰামত অৱসৰৰ ইংগিত কে এল ৰাহুলৰ ! অনুৰাগীৰ মাজত আৰম্ভ তীব্ৰ উৎকণ্ঠা - KL RAHUL RETIREMENT VIRAL POST

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 2:08 PM IST

KL Rahul Viral Retirement Post: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলে ! ক্ৰিকেটাৰগৰাকীৰ অৱসৰৰ সন্দৰ্ভত এটা পোষ্ট তীব্ৰগতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ পিছে এই পোষ্টটোৰ আঁৰত সত্যতা কিমান ? জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ ।

KL RAHUL RETIREMENT VIRAL POST
কে এল ৰাহুল (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: হঠাতে সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে এক খবৰ ৷ যি খবৰে তোলপাৰ লগাইছে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ৷ এই ভাইৰেল খবৰৰ কেন্দ্ৰবিন্দু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য কে এল ৰাহুল ৷

KL RAHUL RETIREMENT VIRAL POST
কে এল ৰাহুলৰ ভাইৰেল পোষ্টটো (কে এল ৰাহুলৰ ইনষ্টাগ্ৰাম পোষ্ট)

এই খবৰ অনুৰাগীয়ে লাভ কৰিছে উদীয়মান ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম পোষ্টৰ পৰা ৷ খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ নিজৰ সামাজিক মাধ্যম ইনষ্টাগ্ৰামত এক কাহিনী শ্বেয়াৰ কৰি কেপচন হিচাপে লিখিছিল এনেদৰে, কিবা এটা হ’বলৈ গৈ আছে ৷

ইয়াৰ পিছতে সামাজিক মাধ্যমৰ সকলো প্ৰকাৰৰ প্লেটফৰ্মতে আন এক কাহিনী শ্বেয়াৰ কৰি ফল’ৱাৰ্ছ তথা অনুৰাগীসকলে দাবী কৰে যে, ৰাহুলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৷ পিছে এই খবৰৰ সত্যাসত্য কিমান ?

পোষ্টটোৱে কি কয় ?

কে এল ৰাহুলৰ অৱসৰৰ সন্দৰ্ভত সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰা এটা পোষ্টত লিখা আছিল এনেদৰে, "বহু চিন্তাৰ পিছত, মই পেছাদাৰী ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । এই সিদ্ধান্তটো সহজ নহয়, কাৰণ ক্ৰীড়া বহুবছৰ ধৰি মোৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে" ।

"মোৰ সমগ্ৰ কেৰিয়াৰত মোৰ পৰিয়াল, বন্ধুবৰ্গ, সতীৰ্থ আৰু অনুৰাগীসকলৰ পৰা পোৱা সমৰ্থন আৰু উৎসাহৰ বাবে মই বহুত কৃতজ্ঞ । মই খেলপথাৰত আৰু বাহিৰত লাভ কৰা অভিজ্ঞতা আৰু স্মৃতিবোৰ সঁচাকৈয়ে অমূল্য । মই মোৰ দেশক প্ৰতিনিধিত্ব কৰি আৰু এনে প্ৰতিভাশালী ব্যক্তিৰ সৈতে খেলিবলৈ পাই সন্মানিত হৈছো" ৷

"যদিও মই ভৱিষ্যতৰ নতুন অধ্যায়ক লৈ উৎসাহিত, মই সদায় খেলখনত অতিবাহিত কৰা সময়খিনি ভালপাম । এই অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ" ৷

ৰাহুলৰ অৱসৰৰ খবৰ ভুৱা

কে এল ৰাহুলৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত যি খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সেয়া সম্পূৰ্ণৰূপে ভুৱা । পোষ্টটোত ক্ৰিকেটাৰজনৰ ভৱিষ্যতৰ নতুন অধ্যায়ৰ বিষয়ে অতি উৎসাহিত হোৱা আৰু ক্ৰিকেটত অতিবাহিত কৰা সময়ক মৰম দিয়াৰ কথা উল্লেখ কৰা হৈছে ৷ ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেট জগতৰ পৰা অৱসৰ লোৱাৰ কোনো কথা স্পষ্টকৈ প্ৰকাশ কৰা নাই ৷

"বৃহৎ ঘোষণা"ৰ দিশে কে এল ৰাহুল

যদিও কে এল ৰাহুলৰ অৱসৰৰ খবৰ ভুৱা, তথাপিও এই খবৰে সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰি আছে ৷ ক্ৰিকেটাৰগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত এটা বৃহৎ ঘোষণা কৰিছিল ৷ ৰাহুলে তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম কাহিনীত লিখিছিল, "মই এটা ঘোষণা কৰিব লাগিব, একেলগে থাকিব লাগিব..."

দিলীপ ট্ৰফীত দেখিবলৈ পোৱা যাব ৰাহুলক

টি-20 দলত স্থান হেৰুৱাই কে এল ৰাহুলে শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত অৱতীৰ্ণ হৈছিল । সোঁহতীয়া বেটছমেনগৰাকীয়ে অৱশ্যে বেটৰ যাদুৰে সমৰ্থকক প্ৰভাৱিত কৰিবলৈ ব্যৰ্থ হয় । 32 বছৰীয়া খেলুৱৈগৰাকীয়ে এতিয়াও বহু খেলিবলৈ বাকী বুলি বিশ্বাস কৰে ৷

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ পিছত কে এল ৰাহুলক আগন্তুক সন্মানীয় দিলীপ ট্ৰফী 2024 ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ব, যি শৃংখলা আৰম্ভ হ’ব 5 ছেপ্টেম্বৰৰ পৰা ৷

লগতে পঢ়ক: প্লেয়িং 11 ত কিয় স্থান নাপালে এম এছ ধোনীয়ে: দীনেশ কাৰ্তিকে কাৰণ দৰ্শাই বিচাৰিলে ক্ষমা - KARTHIK ALL TIME INDIA PLAYING 11

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.