ETV Bharat / sports

শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতীয় দলে লাভ কৰিব নতুন প্ৰশিক্ষক - Indian team new coach

author img

By ETV Bharat Sports Team

Published : Jul 1, 2024, 2:02 PM IST

Indian team new coach : প্ৰশিক্ষক হিচাপে ভাৰতীয় দলৰ সৈতে ৰাহুল দ্ৰাবিড়ৰ টি-২০ বিশ্বকাপ আছিল অন্তিমটো যাত্ৰা । বিচিচিআইয়ে শীঘ্ৰে নতুন প্ৰশিক্ষক নিযুক্তি দিব । সচিব জয় শ্বাহৰ মতে নতুন প্ৰশিক্ষকৰ সৈতে ভাৰতীয় দলে শ্ৰীলংকা ভ্ৰমণ কৰিব ।

Indian team new coach
শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতীয় দলে লাভ কৰিব নতুন প্ৰশিক্ষক (IANS PHOTOS)

স্পৰ্টছ ডেস্ক,১ জুলাই : বিচিচিআইৰ সচিব জয় শ্বাহে শেহতীয়াকৈ উল্লেখ কৰা মতে ভাৰতীয় ক্ৰিকেট দলে এই মাহৰ শেষৰ ফালে টি-২০ শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিব । এই শৃংখলাটো ভাৰতৰ নতুন মুখ্য প্ৰশিক্ষক থাকিব । কিন্তু বিদায়ী ৰাহুল দ্ৰাবিড়ৰ স্থান কোনে ল'ব সেয়া তেওঁ প্ৰকাশ কৰা নাই ।

অৱশ্যে প্ৰাক্তন ভাৰতীয় অপেনাৰ গৌতম গম্ভীৰে দ্ৰাবিড়ৰ স্থান ল'ব বুলি আশা কৰা হৈছে । ক্ৰিকেট উপদেষ্টা সমিতিয়ে হাই-প্ৰফাইল নিযুক্তিৰ বাবে চৰ্ট লিষ্টত থকা গম্ভীৰ আৰু ভাৰতৰ প্ৰাক্তন মহিলা প্ৰশিক্ষক ডব্লিউ ভি ৰমনৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে । ভাৰতীয় দলে শনিবাৰে টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ পিচতে জয় শ্বাহে কয় যে এগৰাকী নিৰ্বাচকৰ নিযুক্তিও শীঘ্ৰেই কৰা হ'ব ।

তেওঁ উল্লেখ কৰা মতে ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু নিৰ্বাচক দুয়োৰে নিযুক্তি সোনকালেই কৰা হ'ব । ক্ৰিকেট উপদেষ্টা সমিতিয়ে ইতিমধ্যে সাক্ষাৎকাৰ লৈছে আৰু মুম্বাইত উপস্থিত হোৱাৰ পিচতে সিদ্ধান্তৰ বিষয়ে জানিব পাৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে ভিভিএছ লক্ষ্মণ জিম্বাবোৱেলৈ দলৰ প্ৰশিক্ষক হিচাপে ভ্ৰমণ কৰিব যদিও নতুন প্ৰশিক্ষকে শ্ৰীলংকা শৃংখলাত যোগদান কৰিব ।

উল্লেখ্য যে ভাৰতীয় দলটোৱে ২৭ জুলাইৰ পৰা টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিব । ১১ বছৰৰ অন্তত ভাৰতে আইচিচি খিতাপ লাভ কৰাৰ পিচত বিচিচিআইৰ সচিব জয় শ্বাহে তেওঁৰ আনন্দ প্ৰকাশ কৰে ।

তেওঁ ফাইনেলত বিজয়ী ইনিংছ খেলা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰো যথেষ্ট প্ৰশংসা কৰে । ইফালে দুয়োগৰাকী খেলুৱৈয়ে বিশ্বকাপ জয়ৰ পিচতে টি-২০ৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । আনহাতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাও টি-২০ ফৰ্মেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

জয় শ্বাহে বিশ্বকাপ বিজয়ী দলটো সন্দৰ্ভত কয় যে যদি আপুনি আন দলবোৰলৈ লক্ষ্য কৰে অভিজ্ঞতা গুৰুত্বপূৰ্ণ । ৰোহিতৰ পৰা বিৰাটলৈকে সকলোৱে উৎকৃষ্ট । তেওঁৰ মতে অভিজ্ঞতাই যথেষ্ট পাৰ্থক্য আনিছে আৰু বিশ্বকাপত বেছি পৰীক্ষা-নিৰীক্ষা কৰিব নোৱাৰি ।

তেওঁৰ মতে এগৰাকী ভাল খেলুৱৈয়ে জানে যে কেতিয়া খেলখনক বিদায় দিব লাগে । তেওঁৰ মতে ৰোহিতৰ ষ্ট্ৰাইক ৰেট বহু যুৱ খেলুৱৈত কৈও ভাল । ৰোহিত, কোহলী আৰু জাদেজাৰ অৱসৰৰ পিচত তেওঁ কেনে পৰিৱৰ্তন লক্ষ্য কৰিছে সেই সন্দৰ্ভত জয় শ্বাহে কয় যে তিনিগৰাকী মহান খেলুৱৈৰ অৱসৰৰ লগে লগে ইতিমধ্যে বিভিন্ন পৰিৱৰ্তন দেখা গৈছে ।

যোৱা ১২ মাহত দুটা আইচিচি প্ৰতিযোগিতাৰ ফাইনেলত পৰাজিত হোৱাৰ পিচত ভাৰতে খিতাপ দখল কৰে আৰু শ্বাহে আশা কৰে যে দলটোৰ বিজয়ী যাত্ৰা অব্যাহত থাকিব । শ্বাহে আশা কৰা মতে ভাৰতে পৰৱৰ্তী সকলো খিতাপ লাভ কৰিব । বিশ্বকাপ বিজয়ী দলৰ মাত্ৰ তিনিগৰাকী খেলুৱৈ জিম্বাবোৱেলৈ গৈ আছে । প্ৰয়োজনত ভাৰতে তিনিটা দল গঠন কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে ।

ভাৰতীয় দলটোৱে যিধৰণে আগবাঢ়িছে, ইয়াৰ লক্ষ্য হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু চেম্পিয়নছ ট্ৰফী জয় কৰা । তাতো একেধৰণৰ দলে খেলিব বুলি তেওঁ উল্লেখ কৰে । জ্যেষ্ঠ খেলুৱৈসকল দলত থাকিব বুলি শ্বাহে দাবী কৰে ।

বিশ্বকাপত হাৰ্দিক পাণ্ডিয়াৰ সৰ্বাংগীন প্ৰদৰ্শন আৰু ৰোহিতৰ অধিনায়কত্ব সন্দৰ্ভত শ্বাহে কয় যে অধিনায়ক নিৰ্বাচকসকলে নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকৰ সৈতে আলোচনাৰ পিচতে ঘোষণা কৰা হ'ব । শ্বাহে লগতে নিশ্চিত কৰে যে এটা দলে ৫ খন টেষ্টৰ বাবে বছৰটোৰ শেষৰ ফালে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ।

ইফালে বিশ্বকাপ বিজয়ী ভাৰতীয় দলটো ভাৰতত উপস্থিত হোৱাৰ পিচতে বিচিচিআইয়ে সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে । কিন্তু ঘূৰ্ণীবতাহৰ সতৰ্কবাণীয়ে বাৰ্বাডোছৰ বিমানবন্দৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে । যাৰ ফলত বিজয়ী দলটো তাতে আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক :ট্ৰফী লৈ বাৰ্বাডোছৰ খেলপথাৰত ৰোহিত শৰ্মা ফটোশ্বুট; ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে পোষ্ট - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.