ETV Bharat / sports

পেৰিছত অভিষেক ঘটোৱা ১০ গৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰতি দেশবাসীৰ থাকিব পদকৰ আশা - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:27 PM IST

২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক ২০২৪ । তাৰ আগতে আমি ভাৰতৰ এনে ১০ গৰাকী খেলুৱৈৰ বিষয়ে ক’ম, যিসকলে অলিম্পিকত অভিষেক ঘটাব আৰু তেওঁলোকৰ পৰা পদ লাভৰ আশা কৰা হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ..

Paris Olympics 2024
পেৰিছ অলিম্পিক ২০২৪ (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৪ জুলাই: পেৰিছ অলিম্পিক ২০২৪ ৰ জড়িয়তে এইবাৰ প্ৰথমবাৰলৈ অলিম্পিকত অভিষেক ঘটিব কেইবাগৰাকীও খেলুৱৈৰ ৷ নীৰজ চোপ্ৰা, পিভি সিন্ধু, লাভলীনা বুঢ়াগোহাঁইৰ দৰে খেলুৱৈয়ে পদক লাভৰ প্ৰথম আশা কোটি কোটি ভাৰতীয়ৰ । ইয়াৰ লগতে প্ৰতমবাৰলৈ ভাৰতৰ হৈ পেৰিছত অলিম্পিকত অভিষেক ঘটিবলগীয়া এইসকল খেলুৱৈয়েও দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে ৷

পেৰিছ অলিম্পিকত অভিষেক ঘটোৱা খেলুৱৈসকল, যাৰ পৰা পদকৰ আশা থাকিব:

  • সিফ্ট কৌৰ সমৰা - শ্বুটিং
  • ঈশা সিং - শ্বুটিং
  • ধীৰাজ বোম্মাদেৱৰা - আৰ্চাৰী
  • প্ৰীতি সাই পাৱাৰ - বক্সিং
  • ধিনিধি দেসিংঘু - সাঁতোৰ
  • ঋতিকা হুদা - মল্লযুঁজ
  • শ্ৰীজা আকুলা - টেবুল টেনিছ
  • অন্তিম পাংঘল - মল্লযুঁজ
  • ৰাজ কুমাৰ পাল - হকী
  • তুলিকা মান - জুডো

লগতে পঢ়ক: পেৰিছ অলিম্পিকত ভাৰতৰ সম্পূৰ্ণ সূচী: কেতিয়া আৰু কিমান সময়ত অনুষ্ঠিত হ’ব ইভেন্টসমূহ - PARIS OLYMPICS 2024

ভাৰতৰ এই ১০ গৰাকী খেলুৱৈৰ পৰা পদক লাভৰ সম্ভাৱনা:

Paris Olympics 2024
সিফ্ট কৌৰ সমৰা (ANI PHOTOS)
  • সিফ্ট কৌৰ সমৰা: পেৰিছ অলিম্পিকত অভিষেক ঘটাবলৈ গৈ আছে ভাৰতীয় শ্বুটাৰ ছিফ্ট কৌৰ সমৰাই । এইবাৰ তেওঁৰ পৰা শ্বুটিঙত পদকৰ আশা কৰিব দেশবাসীয়ে। এছিয়ান গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰিছে । মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনতো বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে সমৰা । পেৰিছ অলিম্পিকতো তেওঁ নিজৰ আধিপত্য ৰাখিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷
  • ঈশা সিং: ভাৰতীয় শ্বুটাৰ ঈশা সিঙে পেৰিছ অলিম্পিকত পদক লাভৰ অন্য এক প্ৰতিদ্বন্দ্বী । হায়দৰাবাদৰ এই ১৯ বছৰীয়া পিষ্টল শ্বুটাৰগৰাকীয়ে যোৱা বছৰ হাংঝু এছিয়ান গেমছত একক শাখাত স্বৰ্ণ পদক লাভ কৰিছিল । জাকাৰ্টাত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলতো তেওঁ স্বৰ্ণ পদক লাভ কৰিছে । ঈশাৰ পৰৱৰ্তী লক্ষ্য হৈছে পেৰিছ অলিম্পিকত পদক লাভ কৰা কৰা ।
  • ধীৰাজ বোম্মাদেৱৰা: ২০২৪ চনৰ অলিম্পিকত ভাৰতীয় আৰ্চাৰী ধীৰাজ বোম্মাদেৱাই ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে । পেৰিছত পদক লাভ কৰাৰ আশাত অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা ২৩ বছৰীয়া ধনুৰ্বিদ ধীৰাজে । এছিয়ান গেমছত পুৰুষৰ ৰিকাৰ্ভত তেওঁ ৰূপৰ পদক লাভ কৰে । আৰ্চাৰী কন্টিনেণ্টেল কোৱালিফাইং টুৰ্ণামেণ্টত তেওঁ পেৰিছ অলিম্পিকৰ কোটা লাভ কৰিছিল ।
    Paris Olympics 2024
    প্ৰীতি সাই পাৱাৰ (ANI PHOTOS)
  • প্ৰীতি সাই পাৱাৰ: ভাৰতীয় বক্সাৰ প্ৰীতি সাই পাৱাৰৰ পৰা পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ সম্ভাৱনা আছে । এছিয়ান গেমছত বক্সিঙত ৰূপৰ পদক লাভ কৰাৰ লগতে হাংঝুত ছেমি ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকৰ কোটা নিশ্চিত কৰে । প্ৰীতিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে অলিম্পিকত নিজৰ চাপ ৰাখিবলৈ সাজু হৈছে ।
  • ধিনিধি দেসিংঘু: ভাৰতৰ ১৪ বছৰীয়া যুৱ সাঁতোৰবিদ ধিনিধি দেসিংঘুৱে প্ৰথমবাৰৰ বাবে অলিম্পিকত দেশৰ হৈ পদক লাভ কৰিব বিচাৰিব । পেৰিছ অলিম্পিকৰ আটাইতকৈ কম বয়সৰ খেলুৱৈ ধিনিধি । সাঁতোৰত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই নেচনেল গেমছ আৰু ছিনিয়ৰ নেচনেল চেম্পিয়নশ্বিপত পদক লাভ কৰিছে । পেৰিছতো নিজৰ সৰ্বস্ব উজাৰি দিবলৈ সাজু হৈছে ধিনিধি ।

লগতে পঢ়ক: অলিম্পিকৰ পৰা নিষিদ্ধ হোৱা অলিম্পিক ইতিহাসৰ আটাইতকৈ অদ্ভুত খেলসমূহ - Paris Olympic 2024

  • ৰীতিকা হুদা: ভাৰতীয় মল্লযুঁজাৰু ৰীতিকা হুদাই পেৰিছত ভাৰতৰ হৈ প্ৰথমবাৰলৈ অলিম্পিক খেলিবলৈ সাজু হৈছে । সমগ্ৰ দেশৰে তেওঁৰ পৰা মল্লযুঁজত পদক লাভৰ আশা থাকিব । ২০২৩ চনৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপতো হাৰিয়ানাৰ ৰীতিকাই ব্ৰঞ্জৰ পদক লাভ কৰে । এতিয়া তেওঁ পেৰিছ অলিম্পিকত নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন দেখুৱাবলৈ সাজু হৈছে ।
  • শ্ৰীজা আকুলা: ভাৰতৰ যুৱ টেনিছ টেবুল খেলুৱৈ শ্ৰীজা আকুলাই পেৰিছ অলিম্পিকত অভিষেক ঘটাব । তেওঁৰ পৰা ভাৰতৰ হৈ টেবুল টেনিছত প্ৰথমটো পদৰ আশা কৰা হ’ব । তেওঁ বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে । পেৰিছ অলিম্পিকতো তেওঁ দেশৰ বাবে পদক লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে ।
    Paris Olympics 2024
    অন্তিম পাংঘল (ANI PHOTOS)
  • অন্তিম পাংঘল: ভাৰতৰ যুৱ মল্লযুঁজাৰু অন্তিম পাংঘলে অলিম্পিকত দেশৰ হৈ পদক লাভ কৰাৰ সম্ভাৱনা আছে । দুবাৰকৈ মল্লযুঁজত ২০ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে পাংঘলে । ইয়াৰ লগতে তেওঁ এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু চিনিয়ৰ ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শন কৰি পদক লাভ কৰিছে ।
  • ৰাজ কুমাৰ পাল: ভাৰতীয় হকী দলৰ মিডফিল্ডাৰ ৰাজ কুমাৰ পালে অলিম্পিকত ভাৰতৰ হৈ অভিষেক ঘটাব । তেওঁৰ বিস্ফোৰক খেলেৰে ভাৰতীয় হকী দলটোক স্বৰ্ণ পদক লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে । ২০২২ চনত জাকাৰ্টা আৰু ২০২১ চনৰ এছিয়া কাপ ব্ৰঞ্জৰ পদক লাভ কৰাত তেওঁ দলটোক সহায় কৰিছিল । এইবাৰ পেৰিছত তেওঁ নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে ।
    Paris Olympics 2024
    তুলিকা মান (ANI PHOTOS)
  • তুলিকা মান: ২০২৪ চনৰ পেৰিছ অলিম্পিকত অভিষেক ঘটাব ভাৰতীয় মহিলা জুডো খেলুৱৈ তুলিকা মানে । এইবাৰ দেশে তেওঁৰ পৰা পদক লাভ কৰাৰ আশা কৰিব । ২৫ বছৰীয়া তুলিকা মানে জুডোত ভাৰতৰ প্ৰথমটো পদক লাভ কৰাৰ সুযোগ পাব ।

লগতে পঢ়ক: দেশ অনুসৰি অলিম্পিকত পদক বিজয়ীসকলৰ নগদ পুৰস্কাৰৰ ধনৰ পৰিমাণ... - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.