ETV Bharat / sports

১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

author img

By ETV Bharat Sports Team

Published : Jun 30, 2024, 7:31 AM IST

IND vs SA Final : ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । ভাৰতে ১৭ বছৰৰ পাচত দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত এই জয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

IND vs SA Final
১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩০ জুন : শনিবাৰৰ দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ’ল ৷ কিয়নো আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ভাৰতে বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

এয়া হৈছে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত ভাৰতে দখল কৰা দ্বিতীয়টো খিতাপ । ২০০৭ চনৰ টি-২০ বিশ্বকাপত এম এছ ধোনীয়ে ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাবলৈ সক্ষম হৈছিল ।

আকৌ এবাৰ ভাৰতীয় দলটো দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন হৈ পৰিছে । এই মেচখনত প্ৰথমতে ভাৰতে ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৭৬ ৰাণ সংগ্ৰহ কৰে । ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ১৬৯ ৰাণহে কৰিবলৈ সক্ষম হয় ৷ যাৰ ফলত মেচখনত ৭ ৰাণত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা । এই মেচৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল বিৰাট কোহলী ।

লগতে পঢ়ক : ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ : কোহলীৰ ৰাজকীয় 76 ৰাণ, T-20 বিশ্বকাপত সাৰ্বাধিক মুঠ স্ক’ৰ সংগ্ৰহ ভাৰতৰ - T20 World Cup Final

  • দক্ষিণ আফ্ৰিকাৰ ইনিংছ - (১৬৯/৮)

দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কক আৰু ৰিজা হেণ্ড্ৰিক্সে ইনিংছ আৰম্ভ কৰে । দ্বিতীয় অভাৰৰ তৃতীয় বলত হেণ্ড্ৰিক্সক ৪ ৰাণৰ স্ক’ৰত বলিং কৰি ভাৰতক পেভিলিয়নৰ বাট দেখুৱাই জস্প্ৰিত বুমৰাহে । ইয়াৰ পাচত আৰ্শদীপ সিঙে তৃতীয় অভাৰৰ তৃতীয়টো বলত আইডেন মাৰ্কৰামক ঋষভ পন্তৰ হাতত ৪ ৰাণত কেচ আউট কৰে । আফ্ৰিকাৰ তৃতীয় মোক্ষম আঘাত হৈছে যেতিয়া অক্ষৰ পেটেলে ট্ৰিষ্টান ষ্টাবছক ৩১ ৰাণ কৰি আউট কৰে ।

ইয়াৰ পিছত কুইণ্টন ডি ককক কুলদীপ যাদৱৰ হাতত আৰ্ষদীপ সিঙে ৩৯ ৰাণৰ ব্যক্তিগত স্ক’ৰত আউট কৰে । ইয়াৰ পিছত হাইনৰিখ ক্লাচেনে ৫২ ৰাণৰ ইনিংছ খেলি ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ৷ কিন্তু ভাৰতীয় বলাৰসকলে ক্লাচেন (৫২) আৰু ডেভিদ মিলাৰক ২১ ৰাণ আউট কৰি দলটোক বিজয়ৰ দিশলৈ আনে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জান্সেনে ২ ৰাণ, কেশৱ মহাৰাজে ২ ৰাণ, কাগিছ’ ৰাবাদাই ৪ ৰাণ আৰু এনৰিচ নৰ্টজে ১ ৰাণহে সংগ্ৰহ কৰে ।

শেষ অভাৰত ভাৰতৰ সূৰ্যকুমাৰ যাদৱৰ এক উৎকৃষ্ট খেল পদৰ্শন কৰি মিলাৰক প্ৰথম বলতে আউট কৰে । ইয়াৰ পিছত ৰাবাদাক আউট কৰি ভাৰতে ৭ ৰাণৰ ব্যৱধানত টি-২০ বিশ্বকাপ ২০২৪ত জয়লাভ কৰে ।

লগতে পঢ়ক : 7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

  • ভাৰতৰ ইনিংছ - (১৭৬/৭)

ভাৰতৰ অ’পেনিং যুটি ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে প্ৰথম অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰে ৷ ফাৰ্ষ্ট বলাৰ মাৰ্কো জনছনে দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথমে বলিং কৰে । কেশৱ মহাৰাজৰ একেটা অভাৰতে আউট হয় ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু ঋষভ পন্ত ।

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাৰ ৫ম অভাৰৰ তৃতীয় বলত হাইনৰিখ ক্লাচেনে সূৰ্যকুমাৰ যাদৱক ব্যক্তিগতভাৱে ৩ ৰাণৰ স্ক’ৰ কৰি আউট কৰে । ৫ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ৩৯/৩ ৷

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতৰ আৰম্ভণি বেয়া । প্ৰথম পাৱাৰপ্লেৰ শেষলৈকে ভাৰতে ৩টা উইকেট হেৰুৱাই মাত্ৰ ৪৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচতে অক্ষৰ পেটেল (৪৭) আৰু বিৰাট কোহলীয়ে ৫৯ টা বলত ৬ টা চাৰি আৰু ২ টা ছয়ৰে ৭৬ ৰাণৰ ইনিংছ খেলি দলটোৰ স্ক’ৰ ১৭৬ ৰাণলৈ বৃদ্ধি কৰে ।

দক্ষিণ আফ্ৰিকাৰ হৈ কেশৱ মহাৰাজ আৰু অনৰিচ নৰ্টজে ২-২ উইকেট দখল কৰে । এইটোৱেই হৈছে টি-২০ বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক স্ক’ৰ । ইয়াৰ পূৰ্বে ২০২১ চনৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ১৭৩ ৰাণ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক : ক্ৰিকেটৰ মহাৰণ : সন্মুখত দুই অপৰাজেয় শক্তি - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.