ETV Bharat / sports

পাল্লেকেলত প্ৰথমখন T-20ত 43 ৰাণত জয়লাভ ভাৰতৰ, ৰিয়ান পৰাগৰ 3 উইকেট - IND vs SL T20 Series 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:56 PM IST

Updated : Jul 27, 2024, 11:01 PM IST

India vs Sri Lanka : পাল্লেকেলত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন T-20ত 43 ৰাণত জয়লাভ ভাৰতৰ ৷ বেটিঙত ব্যৰ্থ হ’লেও ভাৰতৰ হৈ তিনিটা উইকেট দখল কৰে ৰিয়ান পৰাগে ৷

India vs Sri Lanka
ভাৰত-শ্ৰীলংকাৰ প্ৰথম T-20 যুঁজ (IANS Photo)

স্পৰ্টছ ডেস্ক, 27 জুলাই : আজি পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন T-২০ত ভাৰতে ঘৰুৱা দল শ্ৰীলংকাক 43 ৰাণত পৰাস্ত কৰে ৷ 214 ৰাণৰ বিশাল লক্ষ্য আগত লৈ শ্ৰীলংকা দলটোৱে শক্তিশালী আৰম্ভণি কৰিছিল যদিও মিডল অৰ্ডাৰৰ ব্যৰ্থতাৰ বাবে পৰাজয় বৰণ কৰে ৷ নিজৰ ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাই পাথুম নিশাংক আৰু কুশল মেণ্ডিছৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতৰ সন্মুখত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ৷ নিশাংকই 48 বলত 79 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি মেচখন আৰম্ভণিতেই শ্ৰীলংকাৰ পক্ষলৈ নিছিল ৷ কুশল মেণ্ডিছেও নিশাংকক যোগ্য সঁহাৰি দি 27 টা বলত 45 ৰাণ সংগ্ৰহ কৰে ৷ এই দুয়োটা উইকেটৰ পতনৰ পিচত দলৰ স্ক’ৰলৈ কিছু স্থবিৰতা আহে ৷

ইয়াৰ পাচতে কুশল পেৰেৰা (20) আৰু কামিন্দু মেণ্ডিছ (12)ৰ উইকেট পতনৰ পিচতে শ্ৰীলংকাৰ বেটিং লাইনত খহনীয়াৰ সৃষ্টি হয় ৷ এই সময়চোৱাত দলটোৰ তিনিজনকৈ বেটছমেন কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয় আৰু দলটোৱে 19.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 170 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে 2 টা উইকেট, ৰবি বিষ্ণই আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট দখল কৰে ৷

সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱা মেচখনত টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ঘৰুৱা দল শ্ৰীলংকাই ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিজৰ ইনিংছ মুকলি কৰি ভাৰতে সূৰ্যকুমাৰ যাদৱ আৰু ঋষভ পন্টৰ শক্তিশালী বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰে ৷ সূৰ্যকুমাৰ যাদৱে 58 ৰাণ সংগ্ৰহ কৰাৰ লগতে ঋষভ পন্টে 49 ৰাণ কৰে ৷ ইফালে আজিৰ মেচখনত বেটিঙত ব্যৰ্থ হ’লেও বলিঙত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে ৰিয়াপ পৰাগে ৷ তেওঁ 1.2 অভাৰত 5 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷

ভাৰতৰ মূল একাদশ :

শুভমন গীল, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ঋষভ পন্ত (উইকেট কীপাৰ), ৰিয়ান পৰাগ, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণই, অৰ্শদীপ সিং, মহম্মদ চিৰাজ ৷

শ্ৰীলংকাৰ মূল একাদশ :

পাথুম নিশাংক, কুশল মেণ্ডিছ (উইকেট কীপাৰ), কুশল পেৰেৰা, কামিন্দু মেণ্ডিছ, চাৰিথ আচালাংকা (অধিনায়ক), দাচুন শানাকা, ৱানিন্দু হাচাৰাংগা, মহীশ তীক্ষণা, মথিশা পাথিৰানা, অসিথা ফাৰ্নাণ্ডো, দিলশান মাধুশাংকা ৷

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে আজি ভাৰতৰ প্ৰথম টি-২০ মেচ - IND vs SL T20 Series 2024

Last Updated : Jul 27, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.