ETV Bharat / sports

দেৱালীৰ আনন্দ ম্লান পেলাই পাকিস্তানৰ হাতত পৰাস্ত ভাৰত - IND VS PAK HONG KONG SIXES 2024

Hong Kong Sixes 2024: হংকং ছিক্স টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত ভাৰত ৷ যিয়ে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ দেৱালীৰ আনন্দত চেঁচাপানী ঢালিলে ৷

Ind vs Pak Hong Kong Sixes 2024
ভাৰত বনাম পাকিস্তান হংকং ছিৰিজ ২০২৪ (Youtube Screengrab)
author img

By ETV Bharat Sports Team

Published : Nov 1, 2024, 4:37 PM IST

স্প’ৰ্টছ ডেস্ক: হংকং ছিক্স টুৰ্ণামেণ্টত ৰবীন উথাপ্পা নেতৃত্বাধীন ভাৰতীয় দলৰ পৰাজয় ৷ 6 জনীয়া ভাৰতীয় দলটোৱে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে শুকুৰবাৰে শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ৷ এই পৰাজয়ে ভাৰতীয় অনুৰাগীসকলৰ দেৱালী উদযাপনৰ আনন্দ ম্লান কৰি পেলায় ৷

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়

প্ৰতিযোগিতাখনত এয়া ভাৰতৰ প্ৰথমখন খেল আছিল ৷ প্ৰথমখন খেলতে পৰাজয়ৰ সন্মুখীন হয় ভাৰত ৷ এই পৰাজয়ৰ বাবে মূলতঃ দায়ী আছিল ভাৰতীয় বলাৰসকল, যিয়ে পাকিস্তানৰ বেটছমেনসকলৰ ওপৰত চাপ সৃষ্টি কৰাত ব্যৰ্থ হৈছিল ।

ভাৰতে পাকিস্তানক 120 ৰাণৰ লক্ষ্য প্ৰদান কৰিছিল ৷ প্ৰত্যুত্তৰত অ’পেনাৰ আচিফ আলী আৰু মহম্মদ আখলাকৰ অৰ্ধশতকৰ সহায়ত পাকিস্তানে 5 অভাৰতে নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

ভাৰতীয় বলাৰৰ দুৰ্বল প্ৰদৰ্শন

উক্ত খেলখনত পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰে 120 ৰাণ ৷ এই কথাৰ পৰাই স্পষ্ট প্ৰমাণিত হয় যে, ভাৰতীয় বলাৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল ৷ লক্ষণীয়ভাৱে চলিত টুৰ্ণামেণ্টত এয়া পাকিস্তানৰ দ্বিতীয়টো জয় আছিল ৷ দলটোৱে উদ্বোধনী খেলখনত সংযুক্ত আৰৱ আমিৰশ্বাহীক পৰাস্ত কৰিছিল ।

পাকিস্তানে সহজ বিজয় সাব্যস্ত কৰিছিল

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 120 ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানৰ আচিফ আলীয়ে 14 টা বলত সংগ্ৰহ কৰে 55 ৰাণ ৷ আলীৰ সৈতে যুটি বন্ধা আখলাকে 12 টা বলত অপৰাজিত 40 ৰাণ সংগ্ৰহ কৰি মেন ইন গ্ৰীণক সহজ জয় প্ৰদান কৰে ।

একেৰাহে দুখন খেলত এয়া আছিল আচিফ আলীৰ দ্বিতীয়টো অৰ্ধশতক । এই ৰাণ-ফেষ্ট টুৰ্ণামেণ্টৰ নিয়ম অনুসৰি আলীয়ে 50 ৰাণ সংগ্ৰহ কৰাৰ পিছত আঘাতপ্ৰাপ্ত হৈ খেলৰ পৰা আঁতৰি আহে ৷

6 অভাৰত 120 ৰাণ সংগ্ৰহৰ পাছতো পৰাজিত ভাৰত

ভাৰতীয় বেটছমেনসকলে সংগ্ৰহ কৰিছিল 120 ৰাণ, যি দলটোৰ এক সন্তোষজনক স্থিতি বুলিব পাৰি ৷ ভাৰত চিপলিয়ে 16 টা বলত 53 ৰাণ সংগ্ৰহ কৰি ভাৰতৰ হৈ সৰ্বাধিক স্ক’ৰ সংগ্ৰহকাৰীত পৰিণত হয় ৷ চিপলিয়ে তেওঁৰ দ্ৰুত ইনিংছটো 6 টা চাৰি আৰু 4 টা ছয়ৰে সজাইছিল ৷

আন এক উল্লেখযোগ্য অৱদান আছিল অধিনায়ক উথাপ্পাৰ, যিয়ে 3 টা চাৰি আৰু 3 টা ছয়ৰে 8 টা বলত সংগ্ৰহ কৰিছিল 31 ৰাণ ।

লগতে পঢ়ক: আনুষ্ঠানিকতা ৰক্ষাৰ উদ্দেশ্যে ৱাংখেড়েত তৃতীয়খন টেষ্ট; টছত জিকি বেটিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.