ETV Bharat / sports

ভাৰত বনাম বাংলাদেশ : ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশ - T20 WORLD CUP

India vs Bangladesh : ছুপাৰ-৮ ত ভাৰতৰ দ্বিতীয়টো জয় ৷ টি-২০ বিশ্বকাপ ২০২৪ ত ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত হ’ল বাংলাদেশ ৷ এই মেচখনত কুলদীপ যাদৱে সৰ্বাধিক ৩ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

author img

By ETV Bharat Sports Team

Published : Jun 23, 2024, 7:12 AM IST

India vs Bangladesh
Etv Bharat (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২৩ জুন : এন্টিগুয়াৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৪ ৰ ছুপাৰ-৮ মেচত ভাৰতৰ হাতত পৰাস্ত হয় বাংলাদেশ ৷ ভাৰতে বাংলাদেশক ৫০ ৰাণত ধৰাসায়ী কৰে ।

ভাৰতে বান্ধি দিয়া ১৯৭ ৰাণৰ লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই বাংলাদেশে পূৰ্ণ উদ্যমেৰে খেলে যদিও মাত্ৰ ১৪৬ ৰাণহে কৰিব পাৰিছিল ৷ যাৰ ফলত মেচখনত ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত হয় বাংলাদেশ ৷ ভাৰতৰ এই জয়ৰ মূল আছিল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ৷ যিয়ে বল আৰু বেটিং দুয়োটাতে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল । ছুপাৰ-৮ ত ভাৰতীয় দলটোৰ এয়া দ্বিতীয়টো জয় ৷

এই মেচখনৰ পৰা অনুমান কৰিব পৰা গৈছে যে ভাৰতৰ ছেমি ফাইনেলৰ টিকট প্ৰায় নিশ্চিত হৈছে । অৱশ্যে ইয়াৰ অন্তিমখন ছুপাৰ-৮ মেচ হ’ব প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এই মেচখন ২২ জুনত গ্ৰছ আইলেটত অনুষ্ঠিত হ’ব ।

ইফালে ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা এই মেচখনত প্ৰথমে বেটিং কৰে ভাৰতে ৷ এই মেচখনত অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে হাৰ্ডিকক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপো প্ৰদান কৰা হয় ।

লগতে পঢ়ক : অমীমাংসিতভাৱে সমাপ্ত নেদাৰলেণ্ড আৰু ফ্ৰান্সৰ মাজৰ ৰোমাঞ্চকৰ মেচ - Euro 2024

ইমিমধ্যে উল্লেখ কৰা হৈছে যে, ৫০ ৰাণৰ ব্যৱধানত বাংলাদেশক পৰাস্ত কৰি ভাৰতে ছুপাৰ-৮ ত দ্বিতীয়টো জয় অৰ্জন কৰে । ভাৰতীয় দলটোৱে বাংলাদেশক জয়ৰ বাবে ১৯৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ১৪৬ ৰাণহে কৰিবলৈ সক্ষম হৈছিল ৷

বাংলাদেশৰ হৈ সৰ্বাধিক ৪০ ৰাণ সংগ্ৰহ কৰে অধিনায়ক নাজমুল হুছেইন শান্তোৱে । একে সময়তে ভাৰতৰ দলৰ পৰা স্পিন বলাৰ কুলদীপ যাদৱে সৰ্বাধিক ৩ উইকেট দখল কৰে । বেগী বলাৰ যছপ্ৰীত বুমৰাহ আৰু আৰ্শদীপ সিঙেও ২ টাকৈ সফলতা লাভ কৰে ।

লগতে পঢ়ক : এন্টিগুয়াত বাংলাদেশৰ সন্মুখত 197 ৰাণৰ বিজয় লক্ষ্য বান্ধিলে ভাৰতে - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.