ETV Bharat / sports

ভাৰত-বাংলাদেশ কানপুৰ টেষ্ট; টছত জিকি বাংলাদেশক বেটিঙৰ বাবে আমন্ত্ৰণ ৰোহিত শৰ্মাৰ - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : 4 hours ago

IND vs BAN 2nd Test Toss: কানপুৰত ভাৰত-বাংলাদেশৰ মাজত শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ ৷ ভাৰতে টছত জিকাৰ পিছত অধিনায়ক ৰোহিত শৰ্মাই বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ প্ৰতিকূল বতৰৰ বাবে কিছু পলমকৈ টছ কৰিবলগীয়া হয় মেচখনত ৷

IND VS BAN 2ND TEST
ভাৰত বনাম বাংলাদেশ (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: কানপুৰৰ ঐতিহাসিক গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ৷ ইতিমধ্যে এই শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে ৷ প্ৰতিকূল বতৰে প্ৰভাৱ পেলোৱাৰ বাবে কিছু পলমকৈ মেচখনৰ বাবে টছ নিৰ্ণয় কৰিবলগীয়া হয় ৷

পিছে টছত জিকি ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই গ্ৰহণ কৰে ফিল্ডিঙৰ সিদ্ধান্ত ৷ ৰোহিতৰ এই সিদ্ধান্তই হতবাক কৰি তোলে উপস্থিত দৰ্শকৰ লগতে অনুৰাগীক ৷ কিয়নো পূৰ্বানুমান অনুসৰি, বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে কানপুৰ টেষ্টত ৷

টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতৰ

টছত জয়ী হোৱাৰ পিছত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই কয়, "আমি প্ৰথমে বলিং কৰিবলৈ বিচাৰিছো ৷ পিটচখন সামান্য কোমল যেন লাগিছে, সেয়েহে আমি আগতীয়াকৈ আগবাঢ়িব লাগিব ৷ আমি বিচাৰো যে, আমাৰ তিনিজন ফাষ্ট বলাৰে ইয়াৰ সুবিধা লওক । আমি প্ৰথমখন মেচত বেটেৰে সুস্থিৰ আৰম্ভণি কৰা নাছিলো, কিন্তু আমি ৰাণ সংগ্ৰহ কৰাৰ এটা উপায় বিচাৰি পাইছিলো ৷ আমাৰ বলাৰসকলে তেওঁলোকৰ কাম ভালদৰে কৰিছিল । মই ইয়াতো বেলেগ একো ঘটিব বুলি আশা নকৰো ৷ আমাক প্ৰত্যাহ্বান জনোৱা হ'ব, কিন্তু আমাৰ অভিজ্ঞতা আছে । আমি আমাৰ প্লেয়িং-11 ত কোনো পৰিৱৰ্তন কৰা নাই" ।

প্ৰথমে বেটিং কৰিব বিচাৰিছিলো: শান্তো

একে সময়তে টছত পৰাজিত হোৱাৰ পিছত বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে কয়, "প্ৰথমে বেটিং কৰিবলৈ পাই সুখী, আমি যিকোনো ধৰণে প্ৰথমে বেটিং কৰিব বিচাৰিছিলো । এজন বেটছমেন হিচাপে যদি এক ভাল আৰম্ভণি পাওঁ, আমি ভাল ৰাণ কৰিবই লাগিব । আশা কৰো, আমাৰ বেটছমেনসকলে আজি বৃহৎ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব । বেটিং কৰিবলৈ এয়া এক ভাল উইকেট যেন লাগিছে । অৱশ্যে, নতুন বলৰ সৈতে বেটিং কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হ'ব । আমি আমাৰ প্লেয়িং-11 ৰ দুজন খেলুৱৈৰ পৰিৱৰ্তন কৰিছো । নাহিদ আৰু টাস্কিনে কানপুৰ টেষ্টত অংশগ্ৰহণ নকৰে ৷ তেওঁলোকৰ স্থানত টাইজুল আৰু খালিদক অন্তৰ্ভুক্ত কৰা হৈছে" ৷

ভাৰতৰ প্লেয়িং 11:

ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, ঋষভ পন্ত(উইকেটকীপাৰ), কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, আকাশদ্বীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ

বাংলাদেশৰ প্লেয়িং 11:

শদমান ইছলাম, জাকিৰ হাছান, নাজমুল হোছেইন শান্তো(অধিনায়ক), মমিনুল হক, মুশ্বফিকৰ ৰহিম, শ্বাকিব আল হাছান, লিটন দাস (উইকেটকীপাৰ), মেহিদী হাছান মিৰাজ, টাইজুল ইছলাম, হাছান মাহমুদ আৰু খালেদ আহমেদ

লগতে পঢ়ক: কানপুৰত 41 বছৰীয়া পৰম্পৰা অটুট ৰাখিবলৈ সাজু ভাৰত; বাংলাদেশেও কঁকালত বান্ধিছে টঙালি - INDIA VS BANGLADESH 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.