ETV Bharat / sports

টি-20 ক্ৰিকেটত বিৰাট কোহলীৰ অনন্য অভিলেখ স্পৰ্শ সূৰ্যকুমাৰ যাদৱৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 2:18 PM IST

Suryakumar Yadav Records in T20I Cricket : ভাৰতৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱে টি-20 ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক 'প্লেয়াৰ অব দ্য মেচ' বঁটা লাভ কৰাৰ বিৰাট কোহলীৰ যি অভিলেখ সেয়া স্পৰ্শ কৰে । বৃহস্পতিবাৰে চলিত টি-20 বিশ্বকাপৰ ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত 43 নম্বৰ মেচখনৰ সময়ত তেওঁ এই উল্লেখযোগ্য মাইলৰ খুঁটি স্পৰ্শ কৰে ।

Suryakumar Yadav Records in T20I Cricket
অৰ্ধ-শতক অৰ্জনৰ পিচত সূৰ্যকুমাৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, 21 জুন : বিস্ফোৰক ভাৰতীয় বেটাৰ সূৰ্যকুমাৰ যাদৱে এক ঈৰ্ষণীয় ৰেকৰ্ড সৃষ্টি কৰিছে । তেওঁ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দলৰ অভিজ্ঞ তথা নিৰ্ভৰযোগ্য বেটাৰ বিৰাট কোহলীৰ টি-20 ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক 'প্লেয়াৰ অব দ্য মেচ' বঁটা লাভৰ অভিলেখ স্পৰ্শ কৰে । বৃহস্পতিবাৰে কেনিংটন অভেল ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত মেচৰ সময়ত তেওঁ এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰে ।

উল্লেখ্য, টুৰ্ণামেণ্টখনৰ ছুপাৰ এইটৰ ভাৰতৰ প্ৰথমখন মেচত সূৰ্যকুমাৰে এক বিস্ফোৰক ইনিংছ উফহাৰ দিয়ে । তেওঁ মাৰমুখী বেটিং আৰু অসাধাৰণ শৈলীৰে 28 টা বলত 53 ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ইনিংছটো পাঁচটা চাৰি আৰু তিনিটা ছয়েৰে সজ্জিত আছিল । ইয়াৰ উপৰি উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ সৈতে সূৰ্যকুমাৰে 60 ৰাণৰ এক পাৰ্টনাৰশ্বিপ গঢ়ি মেচখন ভাৰতৰ পক্ষলৈ লৈ গৈছিল । যাৰ বাবে চলিত টি-20 বিশ্বকাপত ভাৰতে সৰ্বাধিক স্ক'ৰ 8 উইকেটৰ বিনিময়ত 181 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে, ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তান দলটো 134 ৰাণতে স্তব্ধ হয় আৰু ভাৰতে 47 ৰাণৰ বৃহৎ ব্যৱধানত মেচখনত জয়লাভ কৰে ।

ভাৰতৰ এই উল্লেখনীয় বিজয়ৰ পিচত 33 বছৰীয়া খেলুৱৈগৰাকী যথাৰ্থভাৱেই এই অভিজাত টুৰ্ণামেণ্টখনৰ ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতকৰ বাবে 'প্লেয়াৰ অব দ্য মেচ' হিচাপে বিবেচিত হয় । আনহাতে, তেওঁ এতিয়ালৈকে ১৫ বাৰ 'প্লেয়াৰ অব দ্য মেচ' বঁটা লাভ কৰিছে, যিটো হৈছে ক্ৰিকেটৰ আটাইতকৈ হ্ৰস্ব ফৰ্মেটত সৰ্বাধিকবাৰ কোহলীয়ে লাভ কৰা পুৰস্কাৰৰ সমান ।

লক্ষণীয়ভাৱে এই বঁটা লাভ কৰাৰ পিচত তেওঁ চলিত টি-20 বিশ্বকাপত ভাৰতৰ হৈ প্লেয়াৰ অব দ্য মেচ বঁটা জয় কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় । আনহাতে, মেচৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত এইগৰাকী একক শৈলীৰ 33 বছৰীয়া যুৱ বেটাৰে কয় যে তেওঁ মেচখনৰ বাবে চলোৱা প্ৰস্তুতিত তেওঁ অনুসৰণ কৰা প্ৰক্ৰিয়া আৰু ৰুটিনৰ গভীৰতালৈ গৈছিল ।

তেওঁ এইটোও উল্লেখ কৰে যে তেওঁৰ ভূমিকাৰ বিষয়ে স্পষ্ট ধাৰণা থকা আৰু তেওঁ খেলপথাৰত কি কৰিবলৈ গৈ আছে সেইটোৱে তেওঁক নিজৰ প্ৰদৰ্শন উজ্জ্বল কৰাত সহায় কৰিছে ।

"মই ভাবোঁ ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লাগে, ইয়াত বহুতো প্ৰক্ৰিয়া আৰু ৰুটিন জড়িত আছে । মই কি কৰিব বিচাৰোঁ সেয়া মই মোৰ মনত স্পষ্ট কৰি লওঁ । মই ভাবোঁ নিজৰ গেম প্লেন জানিব লাগিব আৰু কেৱল সেই অনুসৰিয়ে খেলিব লাগিব । মোৰ এতিয়াও মনত আছে, যেতিয়া হাৰ্দিক বেটিঙলৈ আহিছিল মই তেওঁকো একে উদ্দেশ্যৰে বেটিং কৰিবলৈ কৈছিলোঁ । খেলৰ শেষত 180 স্ক'ৰত মই অত্যন্ত সুখী হৈছিলোঁ ।" সূৰ্যই কয় ।

উল্লেখ্য, সূৰ্যকুমাৰ বৰ্তমান চাৰিটা ইনিংছত 112 ৰাণেৰে চলিত টুৰ্মামেণ্টখনত ভাৰতৰ হৈ দ্বিতীয় শ্ৰেষ্ঠ ৰাণ সংগ্ৰহকাৰী । তেওঁৰ গড় হৈছে 37.33 আৰু দুটা অৰ্ধ-শতকসহ ষ্ট্ৰাইক ৰেট 125.84 ।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱ হৈছে ক্ৰিকেটৰ আটাইতকৈ হ্ৰস্ব ফৰ্মেটত শীৰ্ষ ৰেংকিঙৰ বেটাৰ । ভাৰতে ছুপাৰ এইটৰ পৰৱৰ্তী মেচত ২২ জুনত এণ্টিগুয়াৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত দ্বিতীয়খন মেচত চুবুৰীয়া বাংলাদেশৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :সূৰ্যকুমাৰ যাদৱৰ অভিলেখৰে ভাৰতৰ হাতত ধৰাশায়ী আফগানিস্তান - T20 World Cup 2024

লগতে পঢ়ক :চলিত টি-২০ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক কামিন্সৰ; কেংগাৰু বাহিনীৰ হাতত 28 ৰাণত পৰাস্ত বাংলাদেশ - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.