ETV Bharat / sports

পেৰিছ অলিম্পিকলৈ ভাৰতৰ শ্বুটিং দল: ইতিহাস-অভিলেখ আৰু খেলুৱৈৰ প্ৰ'ফাইল - Paris Olympic 2024

Paris Olympic 2024: পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ দুসপ্তাহ বাকী । ভাৰতীয় শ্বুটিং দলে অভিনৱ বিন্দ্ৰা বা ভাৰতৰ বাবে চেফ-ডি-মিছন গগন নাৰাঙৰ পুনৰাবৃত্তি কৰিবলৈ চেষ্টা চলাব । এই প্ৰতিবেদনত ভাৰতীয় শ্বুটিং দল, অলিম্পিক ইতিহাসত তেওঁলোকৰ প্ৰদৰ্শন আৰু এই ইভেণ্টৰ মৌলিক নিয়মবোৰ জানো আহক ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 5:13 PM IST

Paris Olympic 2024
পেৰিছ অলিম্পিকলৈ ভাৰতৰ শ্বুটিং দলt (Etv Bharat)

স্পৰ্টছ ডেস্ক, ১১ জুলাই : ২৬ জুলাইৰ পৰা পেৰিছ অলিম্পিক ২০২৪ আৰম্ভ হ'ব । ক্ৰীড়াপ্ৰেমীয়ে গভীৰ আগ্ৰহেৰে এক ৰোমাঞ্চকৰ ক্ৰীড়া প্ৰতিযোগিতাৰ অপেক্ষাত আছে । ভাৰতে তিনি বছৰ পূৰ্বে টকিঅ'ত অনুষ্ঠিত অলিম্পিক গেমছত সৰ্বাধিক ৭ টা পদক লাভ কৰিছিল আৰু এইবাৰ ভাৰতীয় দলৰ পৰা প্ৰত্যাশা অধিক । ভাৰতে এই প্ৰতিযোগিতাৰ বাবে আটাইতকৈ ডাঙৰ দল প্ৰেৰণ কৰিছে আৰু ১১০ জনীয়া খেলুৱৈৰ দলটোৱে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ লক্ষ্য আগত ৰাখিছে ।

ভাৰতে প্ৰথমবাৰৰ বাবে সকলো অলিম্পিক শ্বুটিং শাখাত কোটা অৰ্জন কৰাৰ লগতে পদকৰ সংখ্যা বৃদ্ধি কৰি পেৰিছ অলিম্পিকত ইতিহাস ৰচিবলৈ যথেষ্ট আগ্ৰহী । ১৯০৪ আৰু ১৯২৮ চনৰ খেলৰ বাহিৰে ১৮৯৬ চনৰ পৰা প্ৰতিটো অলিম্পিক গেমছৰ অংশ হৈ থকা ক্ৰীড়াসমূহৰ ভিতৰত শ্বুটিং অন্যতম ।

অলিম্পিকত শ্বুটিং ইভেণ্টৰ ইতিহাস :

১৯০০ চনত জীৱিত পাৰ চৰাই শ্বুটিঙৰ দৰে প্ৰতিযোগিতা আৰু ১৯০৬ আৰু ১৯০৮ চনত দ্বৈত যুদ্ধ অনুষ্ঠিত কৰা হৈছিল ৷ কিন্তু সামৰিক অস্ত্ৰ-শস্ত্ৰৰ নিষেধাজ্ঞাৰ বাবে ইয়াক নিষিদ্ধ কৰা হয় । আন্তৰ্জাতিক শ্বুটিং স্প'ৰ্ট ফেডাৰেচন (আইএছএছএফ) ১৯০৭ চনত গঠন হৈছিল । ১৯৩২ চনত শ্বুটিং পুনৰ আৰম্ভ কৰা হৈছিল । তেতিয়া দুটা ইভেণ্ট আছিল । কিন্তু ২০০০-২০০৪ বৰ্ষলৈ ইভেণ্টৰ সংখ্যা ক্ৰমান্বয়ে ১৭ লৈ বৃদ্ধি পাইছিল ।

শ্বুটিং খেল সাধাৰণতে এক 'পুৰুষ' প্ৰধান ইভেণ্ট আছিল । উদাহৰণ স্বৰূপে, ১৯৮০ চনৰ মস্কো অলিম্পিকত মাত্ৰ ৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল, আনহাতে পৰৱৰ্তী লছ এঞ্জেলছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত কেৱল মহিলাৰ বাবে ইভেণ্ট আৰম্ভ কৰা হৈছিল, য'ত ৭৭ গৰাকী মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । আমেৰিকাই এতিয়ালৈকে গ্ৰীষ্মকালীন ক্ৰীড়াত সৰ্বাধিক পদক লাভ কৰিছে । তাৰ পিচত আছে চীন আৰু ৰাছিয়া (ইউএছএছআৰ পতাকাৰ তলত) আনহাতে ভাৰতে মাত্ৰ ৪ টা পদকৰ সৈতে ৩৬ সংখ্যক স্থানত আছে ।

অলিম্পিকত ভাৰতীয় শ্বুটাৰৰ ট্ৰেক-ৰেকৰ্ড

ভাৰতে এই শাখাত মাত্ৰ ৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই সংখ্যা বৃদ্ধি কৰাৰ আশাত আছে । ২০০৪ চনৰ এথেন্স গেমছত পুৰুষৰ ডাবল ট্ৰেপ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰীষ্মকালীন গেমছত শ্বুটিঙত ভাৰতৰ একাউণ্ট মুকলি কৰিছিল ৰাজ্যবৰ্ধন সিং ৰাঠৌৰে । তাৰ পিচত ভাৰতে পৰৱৰ্তী দুটা সংস্কৰণত কমেও এটাকৈ পদক লাভ কৰিছে । আনহাতে অভিনৱ বিন্দ্ৰাই ইতিহাস ৰচনা কৰি ২০০৮ চনত বেইজিং অলিম্পিকত পুৰুষৰ ১০ মিটাৰ ৰাইফল ইভেণ্টত সোণৰ পদক অৰ্জন কৰি প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল । ২০১২ চনত বিজয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত ৰূপৰ পদক অৰ্জন কৰে আনহাতে ২০২৪ চনৰ পেৰিছ গেমছত ভাৰতৰ বাবে চেফ ডি মিছন হ'বলগীয়া গগন নাৰাঙে ২০১২ চনৰ লণ্ডন গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ।

ভাৰতীয় দল

ভাৰতে আগন্তুক পেৰিছ অলিম্পিক ২০২৪ৰ বাবে আটাইতকৈ বৃহৎ শ্বুটিং দল প্ৰেৰণ কৰিছে । মুঠ ২১ জনীয়া শ্বুটাৰে ২৭ টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । দলটোত কিছু চৰ্চিত নাম আছে । তেওঁলোক হৈছে ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, চিফ্ট কৌৰ সমৰা, ঈশা সিং আৰু অৰ্জুন বাবুটা যিয়ে ভাৰতৰ হৈ পদক অৰ্জন কৰাৰ সম্ভাৱনা আছে ।

চিফ্ট কৌৰ সমৰা

আজাৰবাইজানৰ বাকুত মহিলাৰ ৫০ মিটাৰ ৰাইফলত পঞ্চম স্থান লাভ কৰাৰ পিচতে চিফ্টে পেৰিছ অলিম্পিক ২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰে । তেওঁ মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ ফাইনেলত বিশ্ব অভিলেখ গঢ়িছে । তেওঁ হাংঝৌ ২০২২ এছিয়ান গেমছৰ সময়ত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল । ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা মহাদেশীয় খেলসমূহত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ দলীয় প্ৰতিযোগিতাতো ৰূপৰ পদক লাভ কৰিছিল ।

ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ

ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত কনিষ্ঠ বিশ্ব অভিলেখকাৰী । তেওঁ ২০২১ চনত নতুন দিল্লীত অনুষ্ঠিত আইএছএছএফ বিশ্বকাপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছে আৰু ২০২০ টকিঅ' গেমছতো ভাৰতৰ শ্বুটিং দলত আছিল । হাংঝৌ এছিয়ান গেমছ ২০২৩ত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে ঐশ্বৰ্যক 'অৰ্জুন বঁটা' প্ৰদান কৰা হয় ।

অৰ্জুন বাবুটা

চিডনীত অনুষ্ঠিত আইএছএছএফ জুনিয়ৰ বিশ্বকাপ ২০১৮ত অৰ্জুন বাবুটাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল । তেওঁ আইএছএছএফ জুনিয়ৰ বিশ্বকাপ ২০১৬ গাবালাত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত সোণৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে । ২০২৩ চনত চাংৱনত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত বাবুটাই ১০ মিটাৰ এয়াৰ ৰাইফলত ৰূপৰ পদক লাভ কৰে আৰু পেৰিছত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে । তেওঁৰ অভিজ্ঞতা আৰু দক্ষতা ভাৰতৰ শ্বুটিং দলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।

পেৰিছ ২০২৪ অলিম্পিকৰ বাবে ভাৰতীয় শ্বুটিং দল

ৰাইফল

পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল : সন্দীপ সিং, অৰ্জুন বাবুটা

মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল : ইলাভেনিল ভালাৰিভেন, ৰমিতা জিন্দাল

মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন : চিফ্ট কৌৰ সমৰা, অঞ্জুম মৌদগিল

পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন : ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, স্বপ্নিল কুছালে

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দল : সন্দীপ সিং/ইলাভেনিল ভালাৰিভেন, অৰ্জুন বাবুটা/ৰমিতা জিন্দাল

পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল : সৰবজোত সিং, অৰ্জুন চিমা

মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল : মনু ভাকেৰ, ৰিদম চাংৱান

পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল : অনীশ ভানৱালা, বিজয়বীৰ সিদ্ধু

মহিলাৰ ২৫ মিটাৰ পিষ্টল : মনু ভাকেৰ, ঈশা সিং

১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দল : সৰবজোত সিং/মনু ভাকেৰ, অৰ্জুন সিং চিমা/ৰিদম চাংৱান

নিয়মসমূহ :

  1. ইয়াত তিনিটা অলিম্পিক শ্বুটিং শাখা আছে : ৰাইফল, পিষ্টল আৰু শ্বটগান । ৰাইফল আৰু পিষ্টল ইভেণ্ট শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হয়, য'ত খেলুৱৈসকলৰ ১০ মিটাৰ, ২৫ মিটাৰ আৰু ৫০ মিটাৰ দূৰত্বত লক্ষ্য থাকে ।
  2. শ্বটগান ইভেণ্টবোৰ নীতিগতভাৱে পৃথক, কিয়নো সেইবোৰ বাহিৰত অনুষ্ঠিত হয় । প্ৰতিযোগীসকলে বিভিন্ন কোণ আৰু দিশৰ পৰা নিক্ষেপ কৰা উৰণীয়া লক্ষ্যত গুলীচালনা কৰে ।
  3. ৰাইফল আৰু পিষ্টল ইভেণ্ট ৩ টা পজিচন আছে : আঁঠু কাঢ়ি, শুই আৰু থিয় হৈ । কিছুমান ইভেণ্টত সকলো পজিচন অন্তৰ্ভুক্ত থাকে ।
  4. উদ্দেশ্যটো হ'ল লক্ষ্যবোৰ যিমান সম্ভৱ সঠিকভাৱে আৰু কেন্দ্ৰৰ (বুলচআই) ওচৰত আঘাত কৰা ।
লগতে পঢ়ক :ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ কেৰিয়াৰ সাফল্য আৰু পুৰস্কাৰ - Paris Olympic 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.