ETV Bharat / sports

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণ নকৰে ৰোহিত শৰ্মাই !

India captain Rohit Sharma: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰোহিত শৰ্মাৰ অংশগ্ৰহণ সন্দৰ্ভত অনিশ্চতা ৷ বাছনি সমিতিৰ মুৰব্বীক আবেদন ক্ৰিকেটাৰগৰাকীৰ ৷

author img

By ETV Bharat Sports Team

Published : Oct 11, 2024, 5:54 PM IST

BORDER GAVASKAR TRPOHY 2024
ৰোহিত শর্মা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অভিযান আৰম্ভ কৰিব ভাৰতে ৷ কিন্তু টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সন্দৰ্ভত এতিয়াও নাই কোনো নিশ্চিতি ৷

22-26 নৱেম্বৰত পাৰ্থত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচত অনুৰাগীয়ে প্ৰত্যক্ষ নকৰিব টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক ৷ সূত্ৰ অনুসৰি ‘হিটমেন’ গৰাকীয়ে ইতিমধ্যে ব্যক্তিগত কাৰণত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচৰ পৰা আঁতৰত থাকিবলৈ বাছনি সমিতিৰ মুৰব্বীক জনাইছে আবেদন । অৱশ্যে এতিয়ালৈকে ব’ৰ্ডে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই ৷

এই সন্দৰ্ভত সংবাদ সংস্থা পি টি আইক ব’ৰ্ডৰ এক সূত্ৰই কয় যে, "যদি শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে সমস্যাৰ সমাধান হয়, তেন্তে ৰোহিতে পাঁচোখন মেচতে অংশগ্ৰহণ কৰিব । আমি কাইলৈ ​​কি হ'ব, সেই বিষয়ে জনাম" ৷

যদি ৰোহিতে প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব নোৱাৰে, তেন্তে হাই ভল্টেজ শৃংখলাটোৰ আৰম্ভণিতে চাপৰ সন্মুখীন হ’ব ভাৰত ৷ তদুপৰি দলটোৰ নেতৃত্ব কোনে বহন কৰিব সেই সন্দৰ্ভতো অনুৰাগীৰ দৃষ্টি আৱদ্ধ থাকিব ৷

চলিত বছৰৰ জুন মাহত টি 20 বিশ্বকাপ জয় কৰাৰ পিছত ৰোহিত শৰ্মাই ক্ৰিকেটৰ চুটি ফৰ্মেটৰ পৰা গ্ৰহণ কৰিছিল অৱসৰ ৷ শেহতীয়াকৈ ঘৰৰ মাটিত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্টত ৰোহিত শৰ্মাৰ অধিনায়কত্বতে ভাৰতে 2-0 ব্যৱধানত শৃংখলা জয় কৰিছিল ৷ এই জয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত স্থান সুদৃঢ় কৰিছিল ভাৰতৰ ।

ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে ডব্লিউ টি চি ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ বিগত 2021 আৰু 2023 চনৰ প্ৰথম দুটা সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো খিতাপ দখলৰ পৰা বঞ্চিত হৈছিল ভাৰত ।

বৰ্তমান তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ শৃংখলাটো ভাৰতৰ বাবে হ’ব অগ্নিপৰীক্ষা সদৃশ ৷ 6 ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব শৃংখলাৰ দ্বিতীয়খন মেচ, যিটো হৈছে গোলাপী বল পৰীক্ষা ৷ পৰৱৰ্তী সময়ত টীম ইণ্ডিয়াই শৃংখলাৰ বাকী মেচসমূহ ক্ৰমে ব্রিজবেন, মেলব’ৰ্ণ আৰু ছিডনীত খেলিব ৷

ইয়াৰ পূৰ্বে অৱশ্যে ৰোহিত বাহিনীয়ে ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ এই শৃংখলা আৰম্ভ হ’ব 16 অক্টোবৰৰ পৰা ৷

লগতে পঢ়ক: মুখ লুকুৱাবলৈও নহ’ব জেগা, ইমান বেয়াকৈ ইংলেণ্ডৰ হাতত পৰাজিত পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.