ETV Bharat / sports

পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ : শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া দলত স্থান লাভ - Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:04 PM IST

India vs Sri Lanka : শ্ৰীলংকাৰ বিৰুদ্ধে 27 জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা এদিনীয়া আৰু T-20 শৃংখলাৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ ভাৰতীয় দলটোৱে শ্ৰীলংকান দলৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন T-২০ মেচ খেলিব ৷

ETV Bharat
ভাৰতীয় দলত ৰিয়ান পৰাগ (IANS Photo)

স্পৰ্টছ ডেস্ক, 18 জুলাই : ভাৰতীয় জাতীয় দলত পুনৰ স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ কিছুদিন পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এইবাৰ ভাৰতীয় এদিনীয়া দলটো স্থান লাভ কৰিছে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে 27 জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা এদিনীয়া আৰু T-20 শৃংখলাৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে পাঁচখনীয়া T-20 শৃংখলাত বিশেষ উন্নত প্ৰদৰ্শন নকৰিলেও শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত পুনৰ সুযোগ দিয়া হৈছে উদীয়মান ক্ৰিকেটাৰজনক ৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে 27 জুলাইৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া হোৱাইট বল শৃংখলাৰ বাবে ভাৰতৰ দলটো ঘোষণা কৰিছে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে T-২০ শৃংখলাৰ অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ এদিনীয়াত ৰোহিত শৰ্মাই দলটোৰ অধিনায়কত্ব অব্যাহত ৰখাৰ বিপৰীতে পেচাৰ হৰ্ষিত ৰানা আৰু অল ৰাউণ্ডাৰ ৰিয়ান পৰাগক এদিনীয়াত প্ৰথমবাৰৰ বাবে স্থান দিয়া হৈছে ৷ ভাৰতীয় দলটোৱে শ্ৰীলংকান দলৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন T-২০ মেচ খেলিব ৷ বৃহস্পতিবাৰে পুৰুষৰ বাছনি সমিতিয়ে আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে ৷

ব’ৰ্ডৰ এক আনুষ্ঠানিক বিজ্ঞপ্তিত কোৱা হৈছে যে,"টীম ইণ্ডিয়াই শৃংখলাটোত তিনিখন T-২০ আৰু সম সংখ্যক এদিনীয়া খেলিব ৷ পাল্লেকেলেত অনুষ্ঠিত হ'বলগীয়া শৃংখলাটোৰ T-২০ লেগ 27 জুলাইত আৰম্ভ হ'ব আৰু 30 জুলাইত সমাপ্ত হ'ব ৷ 02 আগষ্টৰ পৰা কলম্বোত এদিনীয়া খেল অনুষ্ঠিত হ'ব ৷"

লগতে পঢ়ক : শিৰদী সাই মন্দিৰত ওপজা দিনৰ আশীৰ্বাদ বিচাৰিলে যুৱ ক্ৰিকেটাৰ ঈশান কিষাণে - INDIA VS SRI LANKA

একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰোহিতৰ উত্তৰাধিকাৰী হিচাপে হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক বিবেচনা কৰি নিৰ্বাচকসকলৰ মাজত নেতৃত্বৰ ভূমিকাৰ বাবে কঠোৰ প্ৰতিযোগিতা চলিছিল ৷ অৱশ্যে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সূৰ্যকুমাৰক T-20 ফৰ্মেটত পৰৱৰ্তী অধিনায়ক হিচাপে পৰামৰ্শ দিছিল ৷ হৰ্ষিত ৰাণা আৰু ৰিয়ান পৰাগৰ ৰূপত দুখন নতুন মুখক দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷ লগতে বুমৰাহক দলৰ পৰা জিৰণি দিয়াৰ বিপৰীতে ৰবীন্দ্ৰ জাডেজাকো লাইনআপৰ পৰা বাদ দিয়া হৈছে ৷

T-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেট কীপাৰ), সঞ্জু চেমচন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, অৰ্শদীপ সিং, খলিল আহমেদ, মহম্মদ চিৰাজ ৷

এদিনীয়া দল : ৰোহিত শৰ্মা (চঅধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, কে এল ৰাহুল (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), শ্ৰেয়াছ আয়াৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা ৷

উল্লেখ্য যে, জিম্বাব’ৱেৰ বিৰুদ্ধে বিস্ফোৰক প্ৰদৰ্শন দাঙি ধৰা স্বত্বেও এই শৃংখলাৰ পৰা বাদ পৰিল ৰুতুৰাজ গাইকোৱাড আৰু অভিষেক শৰ্মা ৷

লগতে পঢ়ক : আই চি চি পুৰুষ টি-20 ৰেংকিঙৰ 6 নং স্থানত ভাৰতৰ যশস্বী জয়ছোৱাল : শুভমন গিলৰো অগ্ৰগতি - ICC MENS T20I RANKINGS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.