ETV Bharat / sports

ৱাংখেড়েত ইতিহাস ৰচিবলৈ সক্ষম হ’বনে টীম ইণ্ডিয়া ? - IND VS NZ TEST SERIES

ৱাংখেড়েত অসাধ্য সাধনত সফল হ’বনে টীম ইণ্ডিয়া ? নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত 28 ৰাণৰ অগ্ৰগতি ভাৰতৰ ৷

IND VS NZ TEST SERIES
টীম ইণ্ডিয়াৰ একাংশ ক্ৰিকেটাৰ (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 3, 2024, 10:42 AM IST

স্প’ৰ্টছ ডেস্ক: আকৰ্ষণীয় পৰ্যায়ত ৱাংখেড়ে টেষ্ট ৷ যদিহে তৃতীয় তথা অন্তিমখন টেষ্টত টীম ইণ্ডিয়াই নিউজিলেণ্ডক পৰাস্ত কৰিবলগীয়া হয়, তেন্তে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰিব লাগিব ৷

মুম্বাইৰ ৱাংখেড়েত নিউজিলেণ্ডে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 235 ৰাণ ৷ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত 236 ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতে প্ৰথম ইনিংছত লাভ কৰে 28 ৰাণৰ অগ্ৰগতি ৷ আনহাতে, দ্বিতীয় ইনিংছত দ্বিতীয় দিনৰ খেলৰ শেষলৈকে নিউজিলেণ্ডে 9 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 171 ৰাণ ।

ভাৰতে 28 ৰাণৰ অগ্ৰগতি লাভ কৰিলেও সেয়া নিউজিলেণ্ডক পৰাস্ত কৰিবলৈ পৰ্যাপ্ত নহয় ৷ তৃতীয় দিনৰ আৰম্ভণিতে নিউজিলেণ্ডে 3 ৰাণ সংগ্ৰহ কৰাৰ পিছতে হেৰুৱাই হাতত বাকী থকা উইকেটটো ৷

ভাৰতে চতুৰ্থ ইনিংছত উপনীত হ’বনে লক্ষ্যত ?

24 বছৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই চতুৰ্থ ইনিংছত 163 ৰাণৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰিছিল ৷ ইয়াৰ অৰ্থ হৈছে যে, শৃংখলাটোত হোৱাইট ৱাছৰ পৰা ৰক্ষা পৰিবলৈ ভাৰতে এই ষ্টেডিয়ামত চতুৰ্থ ইনিংছত তেওঁলোকৰ ব্যক্তিগত সৰ্বাধিক লক্ষ্যত উপনীত হ’ব লাগিব ৷

IND VS NZ TEST SERIES
কি হ’ব ৱাংখেড়েত ! (ANI PHOTO)

ভাৰতে বৰ্তমানলৈকে এই খেলপথাৰত চতুৰ্থ ইনিংছত মাত্ৰ 48 ৰাণৰ সফল অনুসৰণ কৰিছে, যিটো 1984 চনত ইংলেণ্ডৰ বিৰুদ্ধে আহিছিল ।

ৱাংখেড়েত চতুৰ্থ ইনিংছত সৰ্বাধিক বৃহৎ সফলতা

  • দক্ষিণ আফ্ৰিকা বনাম ভাৰত (2000) - 163 ৰাণ
  • ইংলেণ্ড বনাম ভাৰত (1980) - 96 ৰাণ
  • ইংলেণ্ড বনাম ভাৰত (2012) - 57 ৰাণ
  • ভাৰত বনাম ইংলেণ্ড (1984) - 48 ৰাণ
  • অষ্ট্ৰেলিয়া বনাম ভাৰত (2001) - 47 ৰাণ

তৃতীয় দিনা অৰ্থাৎ দেওবাৰে ভাৰতে দ্বিতীয় ইনিংছত বেট ধৰি বৰ্তমানলৈকে 5 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 41 ৰাণ ৷

লগতে পঢ়ক: জাহিৰ খান, ঈশান্ত শৰ্মাক অতিক্ৰমী পঞ্চম সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত ৰবীন্দ্ৰ জাদেজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.