ETV Bharat / sports

দুগৰাকী ক্ৰিকেটাৰলৈ দুলীপ ট্ৰফীত প্ৰদৰ্শনৰ উপহাৰ: বাংলাদেশৰ বিৰুদ্ধে সৃষ্টি কৰিব ধুমুহা - IND VS BAN

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 7:00 PM IST

IND vs BAN Test: বাংলাদেশে দুখন টেষ্ট মেচ আৰু 3 খন টি-20 মেচৰ শৃংখলাৰে ভাৰত ভ্ৰমণ কৰিব ৷ প্ৰথমখন টেষ্টৰ পূৰ্বে দেওবাৰে ঘোষণা কৰা হৈছে বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত অংশগ্ৰহণ কৰিবলগীয়া হোৱা ভাৰতীয় দলটো ৷ এই দলটোত এনে দুজন খেলুৱৈয়ে স্থান লাভ কৰিছে, যাক লৈ আচৰিত হৈ পৰিছে অনুৰাগীসকল ৷

IND VS BAN
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । বি চি চি আইয়ে অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে প্ৰথম টেষ্ট মেচৰ বাবে ঘোষণা কৰিছে দলটো ।

দলটোত ভাৰতৰ ঘৰুৱা টুৰ্ণামেণ্ট দুলীপ ট্ৰফী 2024 ত প্ৰদৰ্শন আগবঢ়োৱা দুজন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে । এই দুজন খেলুৱৈৰ ভিতৰত আছে দ্ৰুত বলাৰ যশ দয়াল আৰু আকাশদ্বীপ ।

এই দুয়োজন বলাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত বিৰাট কোহলীৰ সৈতে খেলিছে । আনহাতে, যশ দয়ালে গুজৰাট টাইটানছত শুভমন গিলৰ সৈতে মেচত অংশ লৈছে ।

যশ দয়াল আৰু আকাশদ্বীপৰ সুযোগ লাভ

আকাশদ্বীপ আৰু যশ দয়ালে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ বাবে দলত স্থান লাভ কৰিছে ৷ পিছে খেলুৱৈ দুজনে প্লেয়িং-11 ত অন্তৰ্ভুক্ত হ’ব নে নাই, সেয়া নিৰ্ভৰ কৰি ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক গৌতম গম্ভীৰৰ ওপৰত ৷

কাৰ্যসূচী অনুসৰি, প্ৰথমখন টেষ্ট 19 ৰ পৰা 23 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন টেষ্ট 27 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত হ'ব ।

যশ দয়াল: দ্ৰুত বলাৰ যশ দয়ালৰ বাবে এয়া প্ৰথম সুযোগ । তেওঁ প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াত স্থান লাভ কৰিছে । যুৱ ক্ৰিকেটাৰগৰাকীয়ে টেষ্ট মেচখনত পোনপটীয়াকৈ খেলিবলৈ সুযোগ লাভ কৰে ৷

যশ দয়াল মূলতঃ এজন দ্ৰুত বলাৰ, যাক আই পি এলৰ এখন মেচত দিশহাৰা কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বিপদজনক বেটছমেন ৰিংকু সিঙে গুজৰাট টাইটানছৰ পৰা মেচ কাঢ়ি আনিছিল ৷

IND VS BAN
যশ দয়াল (IANS PHOTO)

পৰৱৰ্তী সময়ত বলাৰগৰাকীয়ে দক্ষতা প্ৰদৰ্শন কৰি নিজকে প্ৰমাণ কৰিছিল ৷ সম্প্ৰতি একেজন বলাৰে স্থান লাভ কৰিছে টীম ইণ্ডিয়াত ৷

যশ দয়ালে 2018 চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে । তেওঁ 24 খন মেচত 28.89 গড়ে 76 টা উইকেট দখল কৰিছে । দুলীপ ট্ৰফীত ভাৰত এ আৰু ভাৰত বি-ৰ মাজৰ মেচখনত যশে সুন্দৰ বলিং কৰে, যাৰ বাবে তেওঁ টীম ইণ্ডিয়াত সুযোগ লাভ কৰে ।

তেওঁ ইণ্ডিয়া বি-ৰ হৈ খেলি থাকোতে প্ৰথম ইনিংছত এটা উইকেট আৰু তৃতীয় ইনিংছত 3 টা উইকেট দখল কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷

আকাশদ্বীপ: ভাৰতীয় দ্ৰুত বলাৰ আকাশদ্বীপে টীম ইণ্ডিয়াৰ হৈ টেষ্ট অভিষেক কৰিছে । তেওঁ এই বছৰ ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে খেলা চতুৰ্থ টেষ্ট মেচত আত্মপ্ৰকাশ কৰিছিল । ভাৰতৰ হৈ এখন মেচত মুঠ 3 টা উইকেট দখল কৰিছিল বলাৰগৰাকীয়ে ।

এতিয়া ক্ৰিকেটাৰগৰাকীৰ লক্ষ্য হ'ব টীম ইণ্ডিয়াত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা । দুলীপ ট্ৰফীত ভাৰত এ আৰু ভাৰত বি ৰ মেচত আকাশদ্বীপে আশ্চৰ্যজনক প্ৰদৰ্শন দাঙি ধৰে ৷

IND VS BAN
আকাশদ্বীপ (IANS PHOTO)

ভাৰত এ-য়ে প্ৰথম ইনিংছত 4 টা উইকেট আৰু দ্বিতীয় ইনিংছত 5 টা উইকেট দখল কৰে ৷ দলটোৰ হৈ আকাশে দখল কৰে মুঠ 9 টা উইকেট ৷ তাৰপিছতো কিন্তু তেওঁৰ দলটো মেচত পৰাজয়বৰণ কৰে ৷

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেবাগৰাকীও খেলুৱৈ - INDIA vs BANGLADESH test series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.