স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশৰ মাজত 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা ৷ প্ৰথমখন মেচৰ পূৰ্বে ভাৰতীয় দলটোৱে চেন্নাইত উপস্থিত হৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে নেট অনুশীলনত ৷ নেট অনুশীলনত দলটোৰ অন্যান্য সদস্যসকলৰ সৈতে উপস্থিত থাকে অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ৷ 9 মাহৰ পিছত টেষ্ট শৃংখলালৈ উভতিছে দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলী ৷
বাংলাদেশ টেষ্টৰ পূৰ্বে বিৰাট-ৰোহিতৰ আক্ৰমণাত্মক শৈলী
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে নেটত অনুশীলন কৰি প্ৰচুৰ ঘাম বাহিৰ কৰে ৷ যি সময়ৰ এটা ভিডিঅ’ বি চি চি আইয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট এক্সত পোষ্ট কৰিছে ।
Preps in full swing here in Chennai! 🙌
— BCCI (@BCCI) September 14, 2024
Inching closer to the #INDvBAN Test opener ⏳#TeamIndia | @IDFCFIRSTBank pic.twitter.com/F9Dcq0AyHi
এই ভিডিঅ’টোত টীম ইণ্ডিয়াৰ সদস্যসকল বিশেষকৈ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অনুশীলন কৰি থকা দেখা গৈছে ৷ ভিডিঅ’টোত দুয়োগৰাকী তাৰকাকে নিজৰ নিজৰ ষ্টাইলত বেটিং কৰি থকা দেখা যায় ৷ ক্ৰিজত দ্ৰুত বলাৰ আৰু স্পিন বলাৰৰ সন্মুখত আক্ৰমণাত্মক শৈলীত কেনেদৰে বেটিং কৰিব লাগে, তাৰে অভ্যাসত ব্যস্ত আছিল ৰোহিত-বিৰাট ৷
বাংলাদেশৰ বিৰুদ্ধে ধুমুহা সৃষ্টি কৰিবলৈ সাজু ৰোহিত-বিৰাট
ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে কৰা নেট অনুশীলনত ছয় আৰু চাৰি কোবোৱাৰ অভ্যাস কৰিছিল ৷ দুয়োগৰাকী আক্ৰমণাত্মক বেটছমেনৰ ফৰ্ম অটুট থাকিলে বাংলাদেশে শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সম্ভাৱনাই অধিক ৷ কিয়নো এই দুয়োজন বেটছমেনে দীঘলীয়া আৰু বৃহৎ ইনিংছ খেলাৰ ক্ষেত্ৰত একো একোগৰাকী বিশেষজ্ঞ ।
ৰোহিতে বাংলাদেশৰ বিৰুদ্ধে 3 খন মেচৰ 3 টা ইনিংছত সংগ্ৰহ কৰিছে 33 ৰাণ । একে সময়তে কোহলীয়ে দুটা শতকৰ সহায়ত বাংলাদেশৰ বিৰুদ্ধে 6 খন মেচৰ 9 টা ইনিংছত 437 ৰাণ সংগ্ৰহ কৰিছে ।