ETV Bharat / sports

ৰবীন্দ্ৰ জাদেজাৰ প্ৰশংসাৰে পঞ্চমুখ আৰ অশ্বিন, পিছে কি ইয়াৰ আঁৰৰ কাৰণ - IND VS BAN 1ST TEST - IND VS BAN 1ST TEST

R Ashwin On Jadeja: ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই মুকলিকৈ ইজনে-সিজনক প্ৰশংসা কৰিছে । অশ্বিনে চেন্নাই টেষ্টত শতক অৰ্জন কৰাৰ ক্ষেত্ৰত থকা ৰবীন্দ্ৰ জাদেজাৰ ভূমিকাক বাৰুকৈয়ে প্ৰশংসা কৰে ৷

IND VS BAN 1ST TEST
আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজা (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 21, 2024, 12:52 PM IST

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: চেন্নাইত চলি থকা ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ শনিবাৰে তৃতীয়টো দিন । ইতিমধ্যে এইখন মেচত শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰত ৷ প্ৰথম ইনিংছত দুৰ্বল আৰম্ভণি কৰা ভাৰতে পিছলৈ এক সন্তোষজনক স্থিতিত উপনীত হয় ৷ যাৰ বাবে বাংলাদেশক 149 ৰাণত ধৰি ৰাখে দলটোৱে ৷

এই মেচখনৰ প্ৰথম ইনিংছত ভাৰতৰ প্ৰত্যাৱৰ্তনত দলটোৰ অন্যতম সদস্য আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ আছিল বিশেষ অৱদান । অশ্বিনে শতকীয় ইনিংছ(113) খেলি দলটোক সংকটৰ পৰা উদ্ধাৰ কৰে ৷ অশ্বিনৰ বাহিৰে ৰবীন্দ্ৰ জাদেজায়ো 86 ৰাণ সংগ্ৰহ কৰে ৷ অশ্বিন আৰু জাদেজাই 199 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷

আনহাতে, শতক অৰ্জনৰ পিছতে জাদেজাৰ প্ৰশংসাৰে গদগদ হৈ পৰে আৰ অশ্বিন ৷ বি চি চি আইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অশ্বিনে কয়, "আমাৰ মাজত বহু যোগাযোগ আৰু আন্তৰিক সম্পৰ্ক আছে । এটা সময়ত মই মনোযোগ দিব পৰা নাছিলো, তেতিয়া জড্ডুৱে মোক সহায় কৰিছিল" ।

তেওঁ লগতে কয়, "যোৱা কেইবছৰমানৰ পৰা ৰবীন্দ্ৰ জাদেজাৰ বেটিং মোৰ বাবে এক বৃহৎ প্ৰেৰণা হৈ আহিছে । খেলত টিকি থকাৰ ধৰণ আৰু ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰাৰ ধৰণ জাদেজাৰ ক্ষেত্ৰত সুকীয়া । তেওঁ সদায় এগৰাকী শীৰ্ষ বেটছমেন আৰু মোৰ বাবে ই এক প্ৰেৰণা"।

শতক সন্দৰ্ভত আৰ অশ্বিনে কয়, "মোৰ দেউতা ষ্টেডিয়ামত আছিল আৰু মোৰ ইনিংছত তেওঁ বহুত সুখী আছিল । তেওঁ ক’লে যে, তেওঁ মোক এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলা দেখিছে আৰু মোৰ বাবে সেয়া সঁচাকৈয়ে বিশেষ আছিল" ।

আনহাতে, ৰবীন্দ্ৰ জাদেজায়ো অশ্বিনক প্ৰশংসা কৰে ৷ জাদেজাই কয়, "মই এছক কৈছিলো আমি আমাৰ উদ্দেশ্য ইতিবাচক কৰি ৰাখিব লাগে আৰু বলাৰক আক্ৰমণাত্মক হোৱাত বাধা প্ৰদান কৰিব লাগে" ৷

"যেতিয়া ৰবি শাস্ত্ৰীয়ে মোক সুধিলে যে, আপুনি এছক পৰামৰ্শ দিছে নেকি ? মই ক’লো যে, এছক ইয়াৰ প্ৰয়োজন নাই" বুলি ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় ৷

চেন্নাই টেষ্টত ভাৰত এক শক্তিশালী স্থিতিত উপনীত হৈছে । দ্বিতীয় ইনিংছত 3 টা উইকেট হেৰুৱাই 348 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে । এনে সময়ত ভাৰতে যদি বাংলাদেশৰ সন্মুখত 500 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে, তেন্তে সেয়া অতিক্ৰম কৰাতো দলটোৰ বাবে কঠিন হ’ব ৷

লগতে পঢ়ক: ভাৰতীয় বলাৰৰ আক্ৰমণত তিষ্ঠিব নোৱাৰিলে বাংলাদেশৰ খেলুৱৈয়ে; 308 ৰাণত ভাৰতৰ অগ্ৰগতি - IND VS BAN 1ST TEST DAY 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.