ETV Bharat / sports

চেন্নাই টেষ্টত অভিলেখৰ ঢৌ: 400 উইকেট সম্পূৰ্ণ যশপ্ৰীত বুমৰাহৰ - IND VS BAN 1ST TEST - IND VS BAN 1ST TEST

India vs Bangladesh test: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে দেখা গ’ল যশপ্ৰীত বুমৰাহৰ যাদু । এই মেচখনত বুমৰাহে 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখলৰ কৃতিত্ব গঢ়ে ৷ পূৰ্বেও খেলুৱৈগৰাকীৰ নামত আছে কেইবাটাও অভিলেখ ৷

IND VS BAN 1ST TEST
যশপ্ৰীত বুমৰাহ (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 5:55 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: ঘৰৰ মাটিত ইতিহাস ৰচনা কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত বুমৰাহে স্পৰ্শ কৰিছে মাইলৰ খুঁটি ।

যশপ্ৰীত বুমৰাহৰ ইতিহাস ৰচনা

400 উইকেট দখল কৰা ভাৰতৰ দশমগৰাকী বলাৰত পৰিগণিত হৈছে বুমৰাহ । ইয়াৰ লগে লগে তেওঁ সকলোতকৈ কম মেচ আৰু ইনিংছত 400 উইকেট দখল কৰা পঞ্চমগৰাকী ভাৰতীয় বলাৰত পৰিগণিত হয় । এই মেচখনত বুমৰাহে শদমান ইছলাম, মুছফিকুৰ ৰহিম, হাছান মাহমুদক ধৰাশায়ী কৰি এই কৃতিত্ব অৰ্জন কৰে ৷ পৰৱৰ্তী সময়ত টাস্কিন আহমেদৰো উইকেট দখল কৰে বুমৰাহে ৷ চেন্নাই টেষ্টত এই পৰ্যন্ত বুমৰাহে 11 অভাৰত 50 ৰাণ ব্যয় কৰি 4 টা উইকেট দখল কৰিছে ।

টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ মুঠ 162 টা উইকেট দখল কৰাৰ বিপৰীতে এদিনীয়া ক্ৰিকেটত 23.55 গড়ে খেলুৱৈগৰাকীয়ে 149 টা উইকেট দখল কৰিছে । টি-20 ক্ৰিকেটত বুমৰাহৰ নামত 17.75 গড়ে আছে 89 টা উইকেট ।

এনে পৰিস্থিতিত 196 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 227 টা ইনিংছত যশপ্ৰীত বুমৰাহে মুঠ 400 টা উইকেট দখল কৰি অভিলেখ স্থাপন কৰে । বলাৰগৰাকীৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 19 ৰাণৰ বিনিময়ত 6 টা উইকেট দখল ।

ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট

অশ্বিন হৈছে ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰা প্ৰথমজন বলাৰ । অশ্বিনে 216 টা ইনিংছত 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে । তেওঁৰ পিছতে দ্বিতীয় স্থানত আছে কপিলদেৱ, যিয়ে মুঠ 220 ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল ।

তৃতীয় ভাৰতীয় মহম্মদ ছামীয়ে 224 ইনিংছত দখল কৰিছিল 400 উইকেট । অনিল কুম্বলে 226 ইনিংছত 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা চতুৰ্থজন ভাৰতীয় বলাৰ । সম্প্ৰতি এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে যশপ্ৰীত বুমৰাহৰ ৷ বুমৰাহ হৈছে সৰ্বনিম্ন মেচ আৰু ইনিংছত 400 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা পঞ্চমজন ভাৰতীয় বলাৰ ।

বৰ্তমানলৈকে ভাৰত-বাংলাদেশৰ খেলৰ পৰ্যায়

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচৰ দ্বিতীয় দিনৰ খেলৰ ইতিমধ্যে সামৰণি পৰিছে ৷ মেচখনৰ প্ৰথম ইনিংছ আৰম্ভ হোৱাৰ পিছতে ৰবিচন্দ্ৰন অশ্বিনৰ 113 ৰাণ, ৰবীন্দ্ৰ জাদেজাৰ 86 ৰাণ আৰু যশস্বী জয়ছোৱালৰ 56 ৰাণৰ সহায়ত ভাৰতে সংগ্ৰহ কৰে 376 ৰাণ ।

প্ৰত্যুত্তৰত বাংলাদেশে 47.1 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 149 ৰাণ ৷ ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আকাশদ্বীপ আৰু ৰবীন্দ্ৰ জাদেজাই 2 টাকৈ উইকেট দখল কৰে । বাংলাদেশৰ হৈ ছাকিব আল হাছানে সৰ্বাধিক 32 ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক: ভাৰতত 5 টাকৈ উইকেট দখলকাৰী প্ৰথমগৰাকী বাংলাদেশী বলাৰত পৰিণত হাছান মাহমুদ - HASAN MAHMUD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.