ETV Bharat / sports

১৩৩ ৰানত বাংলাদেশক হৰুৱাই টীম ইণ্ডিয়াই ৰচিলে কেবাটাও অভিলেখ

IND vs BAN: ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টি-২০ শৃংখলাৰ অন্তিমখন মেচত ১৩৩ ৰানত বৃহৎ জয় ভাৰতৰ ৷ টেষ্টৰ পিচত টি-২০টো হোৱাইট ৱাছ বাংলাদেশক ৷

author img

By ETV Bharat Sports Team

Published : Oct 13, 2024, 8:08 AM IST

IND vs BAN
INDIAN BEAT BANGLADESH (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, ১৩ অক্টোবৰ: ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা তৃতীয় আৰু অন্তিমখন টি-২০ মেচত টীম ইণ্ডিয়াৰ দৰ্শনীয় বিজয় । এই বিজয়ৰ লগে লগে ভাৰতে বাংলাদেশক শৃংখলাটোত হোৱাইট ৱাছ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে ৰোহিত শৰ্মা বাহিনীয়ে টেষ্ট ছিৰিজত ক্লীন ছুইপ কৰিছিল বাংলাদেশক ৷ তাৰ পাচত এতিয়া সূৰ্যকুমাৰ বাহিনীয়েও তিনিখন মেচৰ টি-২০ শৃংখলাত আলহী দলটোক ক্লীন ছুইপ কৰে ।

তিনিখন টি-২০ মেচৰ এই শৃংখলাত বাংলাদেশে প্ৰতিখন মেচতে পূৰ্বৰ মেচতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে । হায়দৰাবাদত অনুষ্ঠিত তৃতীয়খন মেচত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ২৯৭ ৰানৰ বিশাল লক্ষ্য গঢ়িবলৈ সক্ষম হয়, যাৰ প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৬৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু টীম ইণ্ডিয়াই ১৩৩ ৰানত জয়লাভ কৰে ।

প্ৰথম বেটিং কৰা ভাৰতৰ হৈ অ’পেনাৰ সঞ্জু চেমছনে শতক অৰ্জন কৰে । সঞ্জুৱে ৪০ টা বলত শতক সম্পূৰ্ণ কৰি টি-২০ত ষষ্ঠ দ্ৰুততম শতক অৰ্জন কৰে । নিজৰ ইনিংছত ৪৭ টা বলত ৮ টা ছিক্সাৰ আৰু ১১ টা চাৰি কোবাই ১১১ ৰান কৰে সঞ্জুৱে । খেলখনত দেখা গ’ল সঞ্জুৰ এক বেলেগ ৰূপ । ইনিংছৰ দশম অভাৰত ৰিছাদ হুছেইনৰ বলত অভাৰত ৫টা ছিক্সাৰ কোবাই উইকেট কীপাৰ বেটছমেনজনে ।

ইয়াৰ উপৰিও অধিনায়ক সূৰ্যকুমাৰ যাদৱেও ৭৫ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল । তেওঁ ৩৫ টা বলত ৫ টা ছিক্সাৰ আৰু ৮ টা চাৰি কোবায় । ইয়াৰ পিচত ৰিয়ান পৰাগ আৰু হাৰ্দিক পাণ্ডিয়াও বাংলাদেশী বলাৰৰ বাবে ত্ৰাস হৈ পৰে । হাৰ্দিকে বিস্ফোৰক বেটিং কৰি ১৮ টা বলত ৪৭ ৰান সংগ্ৰহ কৰে । আনহাতে, ৰিয়ান পৰাগে ১৩ টা বলত ৩৪ ৰানৰ ইনিংছ খেলে ।

ইফালে বিশাল লক্ষ্য সমুখত লৈ বেটিং কৰিবলৈ অহা বাংলাদেশে প্ৰথমটো বলতে অপেনাৰ পাৰভেজ হোছেইনৰ উইকেট হেৰুৱায় ৷ মায়ংক যাদৱৰ বলত এটা সুন্দৰ কেচ ধৰি ৰিয়ান পৰাগে পাৰভেজক পেভিলিয়নৰ পথ দেখুৱাই দিয়ে ৷ তাৰ পিচতে বাংলাদেশে নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে ৷ লিটন দাস আৰু তৌহিদ হৃদয়ে দলটোক কিছু সন্তোষজনক স্থিতিলৈ আনে যদিও সেয়া যথেষ্ঠ নাছিল ৷

লিটনে ২৫ টা বলত ৮ টা চাৰি কোবাই ৪২ ৰান কৰি আউট হয় ৷ খেলৰ শেষলৈকে খেলি তৌহিদে ৫ টা চাৰি আৰু ৩টা ছিক্সাৰেৰে ৬৩ ৰান কৰি অপৰাজিত হৈ থাকে ৷ কিন্তু বাকীসকল খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শনে বাংলাদেশৰ দলটোক পৰাজয়ৰ মুখলৈ ঠেলি দিয়ে ৷ ভাৰতৰ হৈ মায়ংক যাদৱে দুটা, ৰবি বিষ্ণৈয়ে ৩ টা আৰু ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে ৷ ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৬৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশ দলে ৷ সঞ্জু চেমছনক প্লেয়াৰ অৱ দ্য মেচ আৰু হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অৱ দ্য চিৰিজ ঘোষণা কৰা হয় ৷

এই খেলখনত ভাৰতে কেবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়-

টি-২০ত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ- ভাৰত আন্তঃৰাষ্ট্ৰীয় টি-২০ত দ্বিতীয় সৰ্বাধিক টাৰ্গেত নিৰ্ধাৰণ কৰা দলত পৰিণত হয় ৷ ইয়াৰ পূৰ্বে নেপালে ২০২৩ চনৰ ছেপ্টেম্বৰত মংগোলিয়াৰ বিৰুদ্ধে ২০ অভাৰত ৩১৪ ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে দুয়োটা দলে যিহেতু এতিয়াও আই চি চিৰ আটাইকেইটা ফৰ্মেটত খেলাৰ সুযোগ লাভ কৰা নাই, গতি টেষ্ট ক্ৰিকেট খেলা দল হিচাপে ভাৰতৰ এই টাৰ্গেট সৰ্বশ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে ৷

এটা ইনিংছত সৰ্বাধিক বাউণ্ডেৰীৰ অভিলেখ- খেলখনত ভাৰতৰ খেলুৱৈয়ে মুঠ ২২ টা ছিক্সাৰ আৰু ২৫ টা চাৰিসহ মুঠ ৪৭ টা বাউণ্ডেৰী কোবায় ৷ আন্তঃৰাষ্ট্ৰীয় টি-২০ ত এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ আৰু সৰ্বাধিক বাউণ্ডেৰী কোবোৱা দল হৈছে ভাৰত ৷ ইয়াৰ পূৰ্বে চেক গণৰাজ্য আৰু তুৰ্কীৰ মাজৰ খেলখনত তুৰ্কীয়ে ৪৩ টা বাউণ্ডেৰী কোবাইছিল ।

সঞ্জুৰ ষষ্ঠ দ্ৰুততম টি-২০ শতক- অপেনাৰ সঞ্জু চেমছনে বিস্ফোৰক বেটিঙৰ সহায়ত এই খেলখনত শতক অৰ্জন কৰে । তেওঁ বিশ্বৰ ষষ্ঠ দ্ৰুততম শতৰ অৰ্জনকাৰী বেটছমেন হিচাবে অভিলেখ ৰচনা কৰে । সঞ্জুৱে ৪০ টা বলত শতক সম্পূৰ্ণ কৰে । ইয়াৰ উপৰি তেওঁ আইচিচিৰ সম্পূৰ্ণ সদস্য দলত দ্ৰুততম শতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন হিচাপে এই কৃতিত্ব অৰ্জন কৰে । লগতে সঞ্জু হৈছে টি-২০ ত দ্ৰুততম শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ ৷ ভাৰতৰ বৰ্তমানৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত আছে দ্ৰুততম শতক ৷

১০ অভাৰত তৃতীয় সৰ্বাধিক স্ক'ৰ- বাংলাদেশৰ বিৰুদ্ধে বেটিং কৰি প্ৰথম ১০ অভাৰত ভাৰতে ১৫২ ৰাণ সংগ্ৰহ কৰে । এয়া হৈছে প্ৰথম ১০ অভাৰত তৃতীয় সৰ্বাধিক স্ক'ৰ । অষ্ট্ৰেলিয়াই প্ৰথম ১০ অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ ৰচনা কৰিছিল । অষ্ট্ৰেলিয়াই এই বছৰতেই স্কটলেণ্ডৰ বিৰুদ্ধে ১৫৬ ৰাণ সংগ্ৰহ কৰি অভিলেখ ৰচে ।

পাৱাৰপ্লে’ত সৰ্ববৃহৎ স্ক'ৰ- এই খেলখনত ভাৰতীয় দলটোৱে পাৱাৰপ্লে’ত সৰ্ববৃহৎ স্ক'ৰ সংগ্ৰহ কৰে । বাংলাদেশৰ বিৰুদ্ধে প্ৰথম ৬ অভাৰত ৮২ ৰাণ সংগ্ৰহ কৰে টীম ইণ্ডিয়াই, এয়া পাৱাৰপ্লে’ত ভাৰতীয় দলৰ সৰ্বাধিক স্ক'ৰ । ইয়াৰ পূৰ্বে ভাৰতে স্কটলেণ্ডৰ বিৰুদ্ধে ৮২ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৮ ৰাণ সংগ্ৰহ কৰিছিল ।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ক্ষেত্ৰতো শীৰ্ষত আছে অষ্ট্ৰেলিয়া ৷ ক্ৰিকবাজৰ তথ্য মতে, অষ্ট্ৰেলিয়াই স্কটলেণ্ডৰ বিৰুদ্ধে পাৱাৰপ্লে’ত সৰ্বাধিক ১১৩ ৰাণ সংগ্ৰহ কৰিছিল ৷ তাৰ পিচতেই আছে দক্ষিণ আফ্ৰিকা (ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০২ ৰাণ), ৱেষ্টইণ্ডিজ (শ্ৰীলংকাৰ বিৰুদ্ধে ৯৮ ৰাণ), আয়াৰলেণ্ড (ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯৩ ৰাণ), ৱেষ্ট ইণ্ডিজ (আফগানিস্তানৰ বিৰুদ্ধে ৯২ ৰাণ) ৷

লগতে পঢ়ক: তৃতীয় টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৰাণৰ পাহাৰ, গঢ়িলে কেইবাটাও অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.