ETV Bharat / sports

দ্বিতীয় টি 20 মেচৰ পূৰ্বে ৰাজধানী দিল্লীত উপস্থিত টীম ইণ্ডিয়া; ক’লা চানগ্লাছ পৰিধান কৰি বীৰৰ দৰে প্ৰৱেশ

Team India reached New Delhi: 9 অক্টোবৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি-20 মেচ ।

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND VS BAN 2ND T20 SERIES
নতুন দিল্লীত উপস্থিত হ'ল টীম ইণ্ডিয়া (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-20 মেচৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে টীম ইণ্ডিয়া । বি চি চি আইয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট এক্সত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’, য’ত টীম ইণ্ডিয়াৰ সদস্যসকলক বিমানবন্দৰৰ পৰা ওলাই আহি বাছত উঠা দেখা গৈছে ।

অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ দ্বিতীয়খন টি-20 মেচ

9 অক্টোবৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন টি-20 মেচৰ শৃংখলাৰ দ্বিতীয়খন খেল । গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন মেচত আয়োজক দলটোৱে আলহী দল বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে । যদিহে ভাৰতৰ জয়ৰ ধাৰা অব্যাহত থাকে, তেন্তে এই টি 20 শৃংখলাটো দখল কৰিব ভাৰতে ৷

যদি এই মেচত ভাৰতে জয়লাভ কৰে, তেন্তে ই হ’ব দলটোৰ ক্ৰমাগত নৱমটো বিজয় ৷ সমান্তৰালকৈ ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে টি-20 দ্বি-পাক্ষিক শৃংখলা দখল কৰাত সফল হ’ব ।

প্ৰথম টি-20 মেচত ভাৰতৰ বিজয়

প্ৰথমখন টি-20 মেচত সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ভাৰতীয় বলাৰসকলে অধিনায়কৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণ কৰি বাংলাদেশক 127 ৰাণত সীমাবদ্ধ কৰি ৰাখে ৷ প্ৰত্যুত্তৰত ভাৰতে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই 49 টা বল বাকী থকা অৱস্থাত 7 উইকেটত জয়লাভ কৰে ।

অৰ্শদীপ সিঙে 4 অভাৰত 14 ৰাণৰ বিনিময়ত দখল কৰে 3 টা উইকেট ৷ যাৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

বাংলাদেশৰ বিৰুদ্ধে 3 খন টি-20 মেচৰ বাবে ভাৰতীয় দলটো:

সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন(উইকেটকীপাৰ), ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম দুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈয়, বৰুণ চক্ৰৱৰ্তী, জিতেশ শৰ্মা(উইকেটকীপাৰ), অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু ময়ংক যাদৱ ।

লগতে পঢ়ক: ক্ৰিকেটত ব্যৱহৃত এল ই ডি ষ্টাম্পৰ মূল্য কিমান হয় জানেনে আপুনি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.