ETV Bharat / entertainment

আহি আছে ‘বীৰাংগনা সাধনী’ : মহাৰাণী ৰুক্মিণী দেৱী-সুৰধ্বজ পালৰ ৰূপত দেখা যাব কাক ?

Birangana Xadhaani Biswajeet Bora Film: 600 জোপা গছপুলি ৰোপণ কৰি পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে এক যুঁজ দিয়াৰ প্ৰচেষ্টা ‘বীৰাংগনা সাধনী’ ৰ নিৰ্মাতা গোষ্ঠীৰ ।

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Birangana Xadhaani
বীৰাংগনা সাধনী ছবিৰ পোষ্টাৰ (ETV Bharat Assam)

গুৱাহাটী, 8 অক্টোবৰ : অসমীয়া আহিবলগীয়া ছবিসমূহৰ ভিতৰত অন্যতম প্ৰত্যাশিত এখন ছবি হৈছে ‘বীৰাংগনা সাধনী’ । ‘বীৰাংগনা সাধনী’ নিৰ্মাতা গোষ্ঠীয়ে হাতত লৈছে এক অভিনৱ প্ৰয়াস । ‘হিট ৱেভ’ তথা ‘ক্লাইমেট চেঞ্জ’ৰ প্ৰতি গুৰুত্ব ৰাখি ‘বীৰাংগনা সাধনী’ ৰ সমগ্ৰ টীমৰ তৰফৰ পৰা ৰোপণ কৰা হ’ব ৬০০ জোপা গছপুলি । এই সন্দৰ্ভত ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত মনৰ কিছু কথা প্ৰকাশ কৰে ।

600 গছপুলি ৰোপণ সন্দৰ্ভত পৰিচালকৰ মন্তব্য

“অসমীয়া ছবিত সেউজ আন্দোলনটো প্ৰথমে মই আৰম্ভ কৰিছিলো । ছবি "এইছা য়ে জাহা" ৰ জৰিয়তে প্ৰথমতে এই পদক্ষেপ হাতত লোৱা হৈছিল । সেই ছবিখন ভাৰতৰ প্ৰথমখন কাৰ্বন নিউট্ৰেল চিনেমা হিচাবে পৰিগণিত হৈছিল । শ্বুটিঙৰ সময়ত বিভিন্ন প্ৰকাৰে যেনে, ধৰক অত্যাধিক লাইটৰ ব্যৱহাৰ, গাড়ী, পেট্ৰ’ল- ড্ৰিজেল, প্লাষ্টিকৰ ব্যৱহাৰ ইত্যাদিৰ জৰিয়তে প্ৰকৃতিৰ মাজত কাৰ্বন ফুট প্ৰিণ্ট মুকলি হোৱাৰ ফলত পৰিৱেশ প্ৰদূষণ হয় । গতিকে সেইখিনি নিয়ন্ত্ৰণৰ বাবে গছৰোপণ কৰিব লাগে । এই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ আমি এই পৰিকল্পনা হাতত লৈছো ।”

ছবিখনৰ সন্দৰ্ভত পৰিচালকৰ মন্তব্য

“ছবিখনৰ 95 শতাংশ কাম এতিয়া সমাপ্ত হৈছে । যিহেতু ছবিখন এখন ডাঙৰ ছবি আৰু বুৰঞ্জীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে, সেইকাৰণে অকণমান সময় লাগিছে । লগতে ছবিখনৰ লগত যিহেতু চুতীয়া উন্নয়ন পৰিষদ আৰু চৰকাৰ জড়িত হৈ আছে সেয়ে এটা পৰিকল্পনাৰ মাজেৰে ছবিখনৰ কাম চলি আছে । খুব সোনকালে ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । অহাবছৰ মে’ মাহত ছবিখন মুক্তি দিয়া হ’ব । যিহেতু ছবিখনৰ জৰিয়তে আই সাধনীক প্ৰতিষ্ঠিত কৰিবলৈ ছবিখন নিৰ্মাণ কৰা হৈছে সেয়ে বাণিজ্যিক দিশটো চিন্তা কৰি অসমীয়াৰ লগতে বেলেগ ভাষাত মুক্তি দিয়াৰো পৰিকল্পনা কৰা হৈছে ।” এইদৰে কয় বিশ্বজিৎ বৰাই ৷

উল্লেখ্য যে, আহিবলগীয়া এই ছবিখনত মহাৰাণী ৰুক্মিণী দেৱীৰ চৰিত্ৰটোত অভিনয় কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী মলয়া গোস্বামীয়ে । সুৰধ্বজ পালৰ এক জটিল চৰিত্ৰত দেখা যাব অসমৰ নাট্যজগত আৰু ৰূপালী পৰ্দাত খলকনি তোলা অভিনেতা মৃদুল চুতীয়াক । মহামন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব বিশিষ্ট অভিনেতা তপন দাসে । লগতে নীতিপালৰ ৰূপত দেখিবলৈ পোৱা যাব মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ লুকানন্দক । ইয়াৰ সমান্তৰালকৈ ছবিখনত অভিনয় কৰিছে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত ‘ফেঁহুজালি’ এতিয়া ইউটিউবতো উপলব্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.