ETV Bharat / state

পূজা উপলক্ষে যান-বাহন চলাচলত লখিমপুৰ আৰক্ষীৰ বিশেষ নিৰ্দেশাৱলী

Lakhimpur Police Road Direction : পূজা উপলক্ষে লখিমপুৰত আৰক্ষীয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । মঙলবাৰে এক সংবাদমেলযোগে আৰক্ষী অধীক্ষকে এই কথা সদৰী কৰে ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Lakhimpur Police Road Direction
পূজা উপলক্ষে লখিমপুৰ আৰক্ষীৰ যান-বাহন চলাচলত বিশেষ নিৰ্দেশাৱলী (ETV Bharat Assam)

লখিমপুৰ ৬ অক্টোবৰ : চাওঁতে চাওঁতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ । চৌদিশে দুৰ্গোৎসৱৰ ব্যাপক আয়োজন । লখিমপুৰত দুৰ্গোৎসৱৰ সময়খিনি যাতে সু-শৃংখলিত আৰু শান্তিপূৰ্ণভাৱে পাৰ হয় তাৰ বাবে জিলাখনৰ আৰক্ষী বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিশেষকৈ যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ কেতবোৰ নতুন নিৰ্দেশাৱলী জাৰি কৰিছে ।

বিভিন্ন পথৰ ক্ষেত্রত জাৰি কৰা নিৰ্দেশাৱলী সন্দৰ্ভত আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত তেওঁ কয়, "পূজাৰ কেইদিন তেজপুৰৰ দিশৰ পৰা অহা দিবা-নৈশ বাছকে ধৰি সকলো ধৰণৰ গধুৰ বাহন বাইপাচেৰে চৰাইমৰীয়া হৈ যাব । ধেমাজিৰ দিশৰ পৰা অহা যাত্রীবাহী বাছসমূহ মৈদমীয়াৰ নকাৰী হাইস্কুল খেলপথাৰত ৰখাব লাগিব । তেজপুৰৰ দিশৰ পৰা অহা যাত্রীবাহী বাছসমূহে বাইপাচ হৈ নকাৰী হাইস্কুলৰ খেলপথাৰত যাত্রী নমাব লাগিব । পানীগাঁৱৰ দিশৰ পৰা অহা যাত্রীবাহী বাছসমূহে আজিজ বৰুৱা পথ হৈ শনি মন্দিৰ হৈ যাব লাগিব ।

ন'-এণ্ট্ৰী স্থানসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "ক্লক টাৱাৰ, ডি কে ৰোড, ফৰেষ্ট অফিচৰ পৰা ডি কে ৰোড, গোপীনগৰ কল'নি ৰোড, দিশা এক্সৰে'ৰ পৰা এন টি ৰোড, গাৰ্লছ হাইস্কুল ৰোড, ঠাকুৰবাৰী ৰোডৰ পৰা এভাৰেডী ডিপু, ডেইলী বজাৰ ৰোড, আজিজ বৰুৱা ৰোড তিনিআলি, শনি মন্দিৰৰ পৰা গৰিয়াজান বগলীজান ৰোড, শশী ফুকন পথ আদি বিভিন্ন পথত সকলো ধৰণৰ যান বাহনৰ বাবে ন'-এণ্ট্ৰী থাকিব ।"

নগৰৰ এ টীম ফিল্ড, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু ত্যাগ ক্ষেত্রক পাৰ্কিং স্থান হিচাপে ৰখা হৈছে । আনহাতে, পূজাৰ বতৰত যিকোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'লে আৰক্ষী অধীক্ষক ৬০২৬৯-০০৮২৫,অতিৰিক্ত আৰক্ষী অধীক্ষক ৮৪৭২০-৮৫৮৪০,৬৯০০৫-০৮২৬১, ৯৫০৮১-৮১০৬০ নম্বৰত যোগাযোগ কৰিবলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাইজক আহ্বান জনায় । লগতে তেওঁ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ ৬০২৬৯-০০৮৬১ নম্বৰতো ৰাইজক যোগাযোগ কৰিব পাৰিব বুলি কয় ।

লগতে পঢ়ক :আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে
লগতে পঢ়ক :নগাঁৱত আইফেল টাৱাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.