ETV Bharat / sports

20 কোটিৰ বিত্তীয় কেলেংকাৰী; ইডিৰ আগত হাজিৰ প্ৰাক্তন ভাৰতীয় অধিনায়ক আজহাৰউদ্দিন

Mohammad Azharuddin: ইডিৰ আগত হাজিৰ হ’ল প্ৰাক্তন ভাৰতীয় অধিনায়ক আজহাৰউদ্দিন ৷ লাভ কৰিলে বহু কোটিটকীয়া কেলেংকাৰীৰ জাননী ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

AZHARUDDIN APPEARS BEFORE ED
মহম্মদ আজহাৰউদ্দিন (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিন অৱশেষত হাজিৰ হ’ল ইডিৰ সন্মুখত ৷ প্ৰৱৰ্তন সঞ্চালকালয়ৰ শুনানিত অংশগ্ৰহণ কৰে আজহাৰউদ্দিনে ।

শেহতীয়াকৈ ইডিয়ে তেওঁক হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনত সংঘটিত হোৱা 20 কোটিটকীয়া বিত্তীয় অনিয়মৰ সন্দৰ্ভত জাৰি কৰিছিল জাননী । যাৰ বাবে মঙলবাৰে প্ৰাক্তন সাংসদ তথা ক্ৰিকেটাৰগৰাকী হায়দৰাবাদস্থিত ইডিৰ কাৰ্যালয়ত তদন্তৰ খাতিৰত উপস্থিত হয় । আজহাৰউদ্দিনে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰে ।

উল্লেখ্য যে, হায়দৰাবাদৰ উপ্পল ষ্টেডিয়ামত ব্যৱহৃত জেনেৰেটৰ, অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত 20 কোটি টকীয়া বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে ইডিয়ে আজহাৰউদ্দিনক জাননী জাৰি কৰি তদন্তৰ বাবে কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

ইয়াৰ পূৰ্বে আজহাৰউদ্দিনে 4 বছৰ ধৰি হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল ৷ তেওঁৰ কাৰ্যকালত এই ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল ।

যোৱা বছৰৰ অক্টোবৰ মাহত হায়দৰাবাদ আৰক্ষীয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত বিশ্বাস ভংগ, প্ৰতাৰণা, জালিয়াতি আৰু ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি চাৰিটা অপৰাধমূলক গোচৰ ৰুজু কৰিছিল ।

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আজহাৰউদ্দিনে 1984 চনৰ পৰা 2000 চনলৈ প্ৰায় 6 বছৰ ধৰি ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলিছিল ৷ তদুপৰি 1989 চনৰ পৰা 1999 চনলৈকে 10 বছৰ ধৰি টীম ইণ্ডিয়াৰ অধিনায়কৰ পদো চম্ভালিছিল ৷

তেওঁ দলৰ অধিনায়ক হৈ থকাৰ সময়চোৱাত ভাৰতে 47 খন টেষ্ট মেচত 14 বাৰকৈ জয়লাভ কৰে ৷ তদুপৰি 19 খন টেষ্ট অমীমাংসিতভাৱে সামৰণি পৰাৰ লগতে কেইবাবাৰো পৰাজয়ৰ সন্মুখীন হয় ভাৰত ৷ এদিনীয়াত তেওঁ 174 খন মেচত অধিনায়কত্ব কৰিছিল, য’ত ভাৰতে 90 বাৰ জয়ী হোৱাৰ বিপৰীতে 76 বাৰ পৰাস্ত হৈছিল ।

লগতে পঢ়ক: 20 কোটি টকাৰ বিত্তীয় কেলেংকাৰী; ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কলৈ ইডিৰ চমন - ED SUMMONS FORMER INDIAN CRICKETER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.