ETV Bharat / sports

বাংলাদেশক ধূলিস্যাৎ কৰাৰ লক্ষ্যৰে চেন্নাইত উপস্থিত টীম ইণ্ডিয়া - INDIA VS BANGLADESH TEST

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 1:40 PM IST

India vs Bangladesh: বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে চেন্নাইত উপস্থিত টীম ইণ্ডিয়া ৷ দলটোৰ একাংশ খেলুৱৈৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত টীম ইণ্ডিয়া চেন্নাইত উপস্থিত হোৱাটো নিশ্চিত হয় ৷

INDIA VS BANGLADESH TEST
টীম ইণ্ডিয়া (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: ক্ৰিকেটাৰ ৰোহিত শৰ্মা নেতত্বাধীন টীম ইণ্ডিয়া উপস্থিত হৈছে চেন্নাইত ৷ দলটোৱে 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ দলৰ একাংশ সদস্যৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে দলটো চেন্নাইত উপস্থিত হোৱাটো নিশ্চিত হয় ৷

অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে চেন্নাইত উপস্থিত টীম ইণ্ডিয়া

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যশস্ৱী জয়ছোৱাল, আকাশদ্বীপ আৰু যশপ্ৰীত বুমৰাহক ভাইৰেল হোৱা ফটোসমূহত দেখা গৈছে ৷ উল্লেখ্য যে, ভাৰতে 19-23 ছেপ্টেম্বৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমখন টেষ্ট মেচত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷ পৰৱৰ্তী সময়ত 27 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ দলটোৱে অংশগ্ৰহণ কৰিব দ্বিতীয়খন টেষ্ট মেচত ৷

এই খেলুৱৈসকলক দেখা যাব চেন্নাইৰ এম এ চিদাম্বৰমত

এই শৃংখলাত বহুদিনীয়া বিৰতিৰ পিছত অনুৰাগীয়ে প্ৰত্যক্ষ কৰিব পাৰিব প্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীক ৷ তদুপৰি ভাৰতীয় দলটোৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্টটো হ’ল যে, এই শৃংখলাৰ জৰিয়তেই উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত উভতিব দললৈ । পন্ত নিজৰ বিপদজনক বেটিং আৰু ৰঙা বলৰ ক্ৰিকেটত উৎকৃষ্ট উইকেটকীপাৰ হিচাপে জনাজাত ।

এইগৰাকী খেলুৱৈৰ দলত আত্মপ্ৰকাশৰ সম্ভাৱনা

অনুৰাগীসকলে অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ তাৰকা স্পিনাৰ যুটিটোক আকৌ এবাৰ টীম ইণ্ডিয়াত প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগতে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলো দলটোত উপস্থিত আছে ।

বাওঁহতীয়া ফাষ্ট বলাৰ যশ দয়ালক ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ টীম ইণ্ডিয়াৰ হৈ আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব । ইয়াৰ লগতে আকাশ দ্বীপকো দলটোত খেলা দৰ্শকে প্ৰত্যক্ষ কৰিব ৷ ৰোহিত শৰ্মাই এই শৃংখলাটো জিকি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2023-2025 ত নিজৰ স্থিতি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিব ৷

লগতে পঢ়ক: টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা বাংলাদেশৰ: কোনে পালে স্থান, কোন পৰিল বাদ - IND VS BAN TEST SERIES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.