ETV Bharat / sports

ভাৰত বনাম বাংলাদেশ প্ৰথম টেষ্ট: টছত জিকি বলিঙৰ সিদ্ধান্ত বাংলাদেশৰ - IND VS BAN 1ST TEST

author img

By ETV Bharat Sports Team

Published : 12 hours ago

IND vs BAN 1st test playing 11: বৃহস্পতিবাৰৰে পৰা ভাৰত-বাংলাদেশৰ মাজত আৰম্ভ হোৱা চেন্নাই টেষ্টত বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কোনকেইগৰাকী খেলুৱৈয়ে মূল দলত পালে স্থান ? জানিবলৈ পঢ়ক বিতং খবৰ...

IND VS BAN 1ST TEST
ভাৰত বনাম বাংলাদেশ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশৰ মাজত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই টেষ্ট মেচৰ পূৰ্বে টছত জয়ী হৈ বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে ভাৰতক বেটিং কৰিবলৈ আহ্বান জনায় ৷ চেপকৰ ষ্টেডিয়ামখন স্পিনাৰৰ সহায়ক হোৱা হেতুকে বাংলাদেশৰ অধিনায়কগৰাকীয়ে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

টছত জয়ী হোৱাৰ পাছত বাংলাদেশৰ অধিনায়ক শান্তোৱে কয়, "মই প্ৰথমে বলিং কৰিব বিচাৰিম । উইকেটত আৰ্দ্ৰতা থকাৰ বাবে আমি ইয়াৰ সুবিধা ল’ব বিচাৰো । পিটচখন কঠিন যেন অনুভৱ হৈছে । প্ৰথম টেষ্টখন দ্ৰুত বলাৰসকলৰ বাবে সহায়ক হ’ব । আগৰ ছিৰিজত (পাকিস্তানৰ বিৰুদ্ধে) আমি যি ধৰণে খেলিলো, তাক লৈ আমি আত্মবিশ্বাসী । এয়া নতুন শৃংখলা, আমি আমাৰ কৌশল অনুসৰণ কৰিব লাগিব । আমি তিনিজন বেগী বলাৰ আৰু দুজন স্পিন অল ৰাউণ্ডাৰৰ সৈতে আহিছো"।

আনহাতে, টছত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কয়, "ময়ো একেই কাম কৰিলোহেঁতেন(প্ৰথম বলিং) । পিটচখন সামান্য কোমল । ইয়াত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ’ব । আমি ভালদৰে প্ৰস্তুতি চলাইছো, গতিকে আমি আমাৰ সামৰ্থক বিশ্বাস কৰা উচিত আৰু আমি জনা ধৰণে খেলা উচিত । 10 খন টেষ্ট মেচলৈ চালে প্ৰতিখন মেচ গুৰুত্বপূৰ্ণ । কিন্তু আমি আমাৰ সন্মুখত যি আছে, তাতেই গুৰুত্ব দিব বিচাৰো । আমি এসপ্তাহ আগতে ইয়ালৈ আহিছিলো, এই মেচৰ পূৰ্বে আমি ভালদৰে প্ৰস্তুতি চলাইছিলো । আমি আত্মবিশ্বাসী । আমি 3 জন দ্ৰুত বলাৰ আৰু দুজন স্পিনাৰ – বুমৰাহ, আকাশদ্বীপ, চিৰাজ, অশ্বিন আৰু জাদেজাক লৈ খেলপথাৰত নামিছো" ৷

দুয়োটা দলৰ মূল একাদশ:

ভাৰত: ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ত(উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, যশপ্ৰীত বুমৰাহ, আকাশদ্বীপ আৰু মহম্মদ চিৰাজ ।

বাংলাদেশ: ছাদমান ইছলাম, জাকিৰ হাছান, নাজমুল হোছেইন শান্তো(অধিনায়ক), মমিনুল হক, মুছফিকুৰ ৰহিম, চাকিব আল হাছান, লিটন দাস(উইকেটকীপাৰ), মেহিদি হাছান মিৰাজ, টাস্কিন আহমেদ, হাছান মাহমুদ আৰু নাহিদ ৰাণা ।

লগতে পঢ়ক: অভিলেখ ভঙা-গঢ়াৰ সুযোগেৰে আজিৰে পৰা ভাৰত-বাংলাদেশ টেষ্ট শৃংখলা - Ind vs Ban test series 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.