नई दिल्ली: পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনটোত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ ভাৰতীয় বেটছমেনৰ ৷ দ্বিতীয় ইনিংছ মুকলি কৰি কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে প্ৰতিপক্ষৰ বলাৰক কৰি তোলে দিশহাৰা ৷
দুয়োগৰাকী বেটছমেনে পাৰ্থত গঢ়ে বৃহৎ অভিলেখ ৷ এই অভিলেখসমূহৰ কথা তলত উল্লেখ কৰা হ’ল-
20 বছৰৰ পিছত অষ্ট্ৰেলিয়াত আধিপত্য টীম ইণ্ডিয়াৰ
টীম ইণ্ডিয়াৰ অ’পেনাৰসকলে সুদীৰ্ঘ 20 বছৰৰ পিছত অষ্ট্ৰেলিয়াত প্ৰথম উইকেটৰ যুটিত 100 বা ততোধিক ৰাণ সংগ্ৰহৰে অভিলেখ স্থাপন কৰে ৷ এই কৃতিত্বৰ দাবীদাৰ হৈছে ভাৰতীয় অ’পেনাৰ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল ৷
HUNDRED RUNS OPENING PARTNERSHIP FOR INDIA IN AUSTRALIA IN TESTS AFTER 20 YEARS 🤯
— Johns. (@CricCrazyJohns) November 23, 2024
- Jaiswal & Rahul are the Heroes...!!! pic.twitter.com/kdUaAvBNip
তেওঁলোক দুয়োজনে এতিয়ালৈকে দ্বিতীয় ইনিংছৰ প্ৰথম উইকেটত 127 ৰাণৰ অংশীদাৰিত্ব আগবঢ়াইছে ৷ পূৰ্বে 2004 চনত ভাৰতীয় অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু আকাশ চোপ্ৰাই ছিডনীত প্ৰথম উইকেটৰ যুটিত আগবঢ়াইছিল 123 ৰাণৰ অংশীদাৰিত্ব ৷ ছেহৱাগ আৰু ৰাহুল দুয়োজনে এছ ই এন এ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া) দেশত 3 বাৰকৈ 100 তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে ৷
🚨 HISTORY BY KL RAHUL 🚨
— Johns. (@CricCrazyJohns) November 23, 2024
- KL Rahul has been involved in most 100+ opening partnerships in SENA in Tests for India since 2000. 🙇 pic.twitter.com/UC9EwaEAms
কে এল ৰাহুলৰ চমক অব্যাহত
ভাৰতীয় বেটছমেন কে এল ৰাহুলে গঢ়িছে এক নতুন অভিলেখ ৷ 2000 চনৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে অ’পেনিং যুটিত ভাৰতৰ হৈ টেষ্ট মেচত অংশগ্ৰহণ কৰি এছ ই এন এ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া)ত 100 বা ততোধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়ে ৷
KL RAHUL IN TEST CRICKET:
— Johns. (@CricCrazyJohns) November 23, 2024
- Hundred runs opening partnership in SA.
- Hundred runs opening partnership in ENG.
- Hundred runs opening partnership in AUS.
One of the toughest positions to bat on and KL has played so well. 👌 pic.twitter.com/gatf5NhOQw
- এই খেলখনত ৰাহুলে আকৌ এবাৰ যশস্ৱী জয়ছোৱালৰ সৈতে যুটি বান্ধি 150 তকৈও অধিক ৰাণৰ অংশীদাৰিত্ব গঢ়ে ৷
- ৰাহুলে দক্ষিণ আফ্ৰিকাত 100 ৰাণৰ অ’পেনিং অংশীদাৰিত্ব কৰিছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে 2021 চনত ময়ংক আগৰৱালাৰ সৈতে যুটি বান্ধি এই কৃতিত্ব অৰ্জন কৰিছিল ৷
- কে এল ৰাহুলে ইংলেণ্ডত 100 ৰাণৰ অ’পেনিং অংশীদাৰিত্ব কৰিছিল । লৰ্ডছত ৰোহিতৰ সৈতে যুটি বান্ধি ৰাহুলে এই কৃতিত্ব অৰ্জন কৰে ৷ সম্প্ৰতি অষ্ট্ৰেলিয়াৰ পাৰ্থতো ৰাহুলে জয়ছোৱালৰ সৈতে যুটি বান্ধি শতাধিক ৰাণ সংগ্ৰহ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৷
ভাৰতৰ বাবে SENA দেশত প্ৰথম উইকেটত সৰ্ববৃহৎ অংশীদাৰিত্ব
কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে টীম ইণ্ডিয়াৰ হৈ এছ ই এন এ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া)ত প্ৰথম উইকেটৰ যুটিত সৰ্ববৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছে ৷ দুয়োগৰাকী ক্ৰিকেটাৰে যুটি বান্ধি বৰ্তমানলৈকে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত অপৰাজিত 170 ৰাণ সংগ্ৰহ কৰিছে ৷
Highest opening partnerships for India since 2010 in SENA 👇
— CricTracker (@Cricketracker) November 23, 2024
137 - G Gambhir & V Sehwag at Centurion in 2010
126 - KL Rahul & Rohit Sharma at Lords in 2021
117 - Mayank Agarwal & KL Rahul at Centurion in 2021
106* - Yashasvi Jaiswal & KL Rahul at Perth in 2024
97 - KL Rahul &… pic.twitter.com/negocYNcyj
পূৰ্বে এই অভিলেখ আছিল বীৰেন্দ্ৰ ছেহৱাগ আৰু গৌতম গম্ভীৰৰ নামত ৷ 2010 চনত দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত তেওঁলোকে যুটি বান্ধি সংগ্ৰহ কৰিছিল 137 ৰাণ ৷
- 137 - গৌতম গম্ভীৰ আৰু বীৰেন্দ্ৰ ছেহৱাগ, 2010 চনত চেঞ্চুৰিয়ানত
- 126 - কে এল ৰাহুল আৰু ৰোহিত শৰ্মা, 2021 চনত লৰ্ডছত
- 117 - ময়ংক আগৰৱালা আৰু কে এল ৰাহুল, 2021 চনত চেঞ্চুৰিয়ানত
- 172* - যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল, 2024 চনত পাৰ্থত
কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰচিলে ইতিহাস
কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইতিহাসত প্ৰথম উইকেটৰ যুটিত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটছমেনত পৰিণত হৈছে । দুয়োগৰাকী বেটছমেনে পাৰ্থ টেষ্টত দ্বিতীয় দিনৰ শেষলৈ 172 ৰাণ সংগ্ৰহ কৰি দলক এক শক্তিশালী স্থিতি প্ৰদান কৰাৰ লগতে ইতিহাস সৃষ্টি কৰে ।
100+ opening partnership for India in BGT in Australia:
— CricTracker (@Cricketracker) November 23, 2024
145 - Yashasvi Jaiswal and KL Rahul at Perth in 2024*
141 - Aakash Chopra and Virendra Sehwag at Melbourne in 2003
123 - Aakash Chopra and Virendra Sehwag at Sydney in 2004#AUSvIND
ইয়াৰ পূৰ্বে আকাশ চোপ্ৰা আৰু বীৰেন্দ্ৰ ছেহৱাগে 2003 চনত মেলব’ৰ্ণত 141 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল ৷
- 145 ৰাণ- 2024 ত পাৰ্থত যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল (অপৰাজিত)
- 141 ৰাণ- 2003 ত মেলব’ৰ্ণত আকাশ চোপ্ৰা আৰু বীৰেন্দ্ৰ ছেহৱাগ
- 123 ৰাণ- 2004 ত ছিডনীত আকাশ চোপ্ৰা আৰু বীৰেন্দ্ৰ ছেহৱাগ
বৰ্তমানলৈকে পাৰ্থ টেষ্টৰ স্থিতি
এই খেলখনত বেটছমেনসকলৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত ভাৰতীয় বলাৰসকলে সুন্দৰ প্ৰত্যাৱৰ্তন ঘটোৱা দেখা যায় ৷ ভাৰতে প্ৰথম ইনিংছত 150 ৰাণ আৰু প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰে 104 ৰাণ ৷ যাৰ বাবে প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতে মেচখনত লাভ কৰে 46 ৰাণৰ অগ্ৰগতি ৷
1⃣5⃣0⃣ up for the opening stand ✅
— BCCI (@BCCI) November 23, 2024
KL Rahul 🤝 Yashasvi Jaiswal#TeamIndia's lead approaching 200 💪 💪
Live ▶️ https://t.co/gTqS3UPruo#AUSvIND pic.twitter.com/Y2x5FRMmRV
আনহাতে, ভাৰতীয় দলটোৱে কোনো উইকেটৰ অবিহনে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে 172 ৰাণ ৷ যাৰ বাবে দিনান্তত ভাৰতে 218 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ সম্প্ৰতি যশস্ৱী জয়ছোৱালে 90 ৰাণ আৰু কে এল ৰাহুলে 62 ৰাণ সংগ্ৰহ কৰি ক্ৰিজত বৰ্তি আছে ৷
লগতে পঢ়ক: পাৰ্থ টেষ্টত ইতিহাস ৰচনা যশপ্ৰীত বুমৰাহৰ; কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন